Mon May 19 2025 7:05:57 AM
  • Follow us on
  • Subcribe

উৰিষ্যাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনাৰ জীৱন্ত সাক্ষী হৈ ৰ'ল একাংশ যাত্ৰী

Story by  atv | Posted by  Munni Begum • 1 Years ago
উৰিষ্যাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা
উৰিষ্যাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা
 
নতুন দিল্লী
 
যোৱা ২০ বছৰতকৈও অধিক সময়ৰ ভিতৰত দেশখনৰ আটাইতকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনা হিচাপে বিবেচিত উৰিষ্যাৰ বালাছ’ৰত তিনিখন ৰে’লৰ মাজত সংঘটিত হোৱা ভয়ংকৰ  দুৰ্ঘটনাত কমেও ২৮৮ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৯০০ জন আহত হয় বুলি শনিবাৰে বিষয়াসকলে জনায়। 
 
দুৰ্ঘটনাটোত বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ, শালিমাৰ-চেন্নাই চেণ্ট্ৰেল ক’ৰ’মেণ্ডেল এক্সপ্ৰেছ আৰু এখন মাল ট্ৰেইনৰ মাজত হোৱা সংঘৰ্ষৰ বাবে হৈছিল। দুৰ্ঘটনাটোত এখন ৰে'লৰ প্ৰচণ্ড জোৰেৰে খুন্দা আন এখনত লাগিছিল যে ডবাবোৰ উফৰি পৰিছিল, ইটো সিটোৰ সৈতে পেচ খাইছিল আৰু তাৰ পিছত ৰেলপথ ভাঙি বাগৰি পৰিছিল। যাত্ৰী শাখাটো চূৰ্ণ-বিচূৰ্ণ হৈ গৈছিল।  
 
ক’ৰ’মেণ্ডেল-শালিমাৰ এক্সপ্ৰেছত চেন্নাইলৈ যোৱা দৈনিক মজুৰি কৰ্মী সঞ্জয় মুখিয়াই নিজৰ আঘাত দেখুৱাই জনায় যে, "সকলো কঁপি উঠিছিল আৰু আমি আমাৰ ডবাটো উফৰাই পেলোৱা অনুভৱ কৰিছিলো।  
 
উৰিষ্যাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা
 
আন এগৰাকী জীৱিত ভুক্তভূগী ব্যক্তিয়ে জনায় যে, ডবাবোৰ ফাটি যোৱাত ধাতুৰ ধ্বংসাৱশেষৰ ওপৰত কটা হাত-ভৰিবোৰ সিঁচৰতি হৈ পৰি আছিল। 
 
আন এগৰাকী জীৱিত ভুক্তভূগী ব্যক্তিয়ে কয়, "মই শুই আছিলো যেতিয়া ট্ৰেইনখন ৰেলপথৰ পৰা বাগৰি পৰিছিল। মোৰ ওপৰত ১০ৰ পৰা ১৫ জনমান মানুহ পৰিছিল। ডবাৰ পৰা ওলাই আহোঁতে দেখিলোঁ যে চাৰিওফালে মানুহৰ কটা শৰীৰৰ অংগবোৰ সিঁচৰতি হৈ পৰি আছে, ইয়াত এখন ভৰি, তাত এখন হাত...কাৰোবাৰ মুখ বিকৃত হৈ পৰি আছিল।"   
 
ৰেলৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাই কয় যে উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে আৰু এতিয়া পুনৰুদ্ধাৰৰ কামত গুৰুত্ব দিয়া হৈছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হ’ব। এই ভয়াবহ ৰেল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী নবীন পাটনাইকে এদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে।
 
উৰিষ্যাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা
 
ৰে’ল মন্ত্ৰী বৈষ্ণৱে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ বাবে ₹১০ লাখ , গুৰুতৰভাৱে আহতসকলৰ বাবে ₹২ লাখ আৰু দুৰ্ঘটনাটোত সামান্য আঘাতপ্ৰাপ্তসকলৰ বাবে ₹৫০ হাজাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়েও এই দুৰ্ঘটনাটোক লৈ দুখ প্ৰকাশ কৰে, আৰু প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা মৃতকৰ পৰিয়ালৰ বাবে ₹২ লাখ আৰু আহতসকলৰ বাবে ₹৫০ হাজাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। 
 
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটযোগে মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াৰ সৈতে ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। দক্ষিণ-পূব ৰে’লৱেৰ খড়গপুৰ সংমণ্ডলৰ হাওৰা-চেন্নাই মূল লাইনত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ বাবে ৪৮ খন ৰে’ল বাতিল, ৩৯ খন ডাইভাৰ্ট আৰু ১০ খন ৰে’ল শ্বৰ্ট টাৰ্মিনেট কৰা হৈছে।