সোনম ৱাংচুক যোধপুৰ কাৰাগাৰৰ পৰা মুকলি

Story by  atv | Posted by  [email protected] • 1 h ago
জলবায়ু কৰ্মী সোনম ৱাংচুক
জলবায়ু কৰ্মী সোনম ৱাংচুক
 
যোধপুৰ
 
জলবায়ু কৰ্মী সোনম ৱাংচুকক শনিবাৰে যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে তেওঁৰ আটকৰ আদেশ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে তেওঁক মুকলি কৰি দিয়া হয়।
 
ৱাংচুকক যোৱা বছৰৰ ২৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ অধীনত আটক কৰা হৈছিল। লেহ জিলাৰ জিলা দণ্ডাধীশৰ এক নিৰ্দেশৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। আইনে নিৰ্ধাৰণ কৰা আটকৰ সময়সীমাৰ প্ৰায় আধাসময় তেওঁ ইতিমধ্যে জেলত কটাইছে।
 
ৰতনদা থানাৰ এছ.এইচ.অ’ (SHO) দিনেশ লাখৱাটে জানিবলৈ দিয়ে যে, "কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ পাছত আজি দুপৰীয়া প্ৰায় ১ বাজি ৩০ মিনিটত তেওঁক জেলৰ পৰা মুক্তি দিয়া হৈছে।" তেওঁৰ পত্নী গীতাঞ্জলি আংমো যোধপুৰত উপস্থিত আছিল আৰু মুক্তিৰ যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰে।
 
উল্লেখ্য যে, ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত ৱাংচুকক আটক কৰা হৈছিল। লাদাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আওতাত অন্তৰ্ভুক্ত কৰাৰ দাবীত হোৱা আন্দোলনৰ দুদিন পাছতে এই ঘটনা ঘটিছিল। সেই সময়ত লেহ জিলাত ব্যাপক প্ৰতিবাদ হৈছিল।
 
এই প্ৰতিবাদৰ সময়ত ২২ জন আৰক্ষীকে ধৰি ৪৫ জনতকৈ অধিক লোক আহত হৈছিল। জনশৃংখলা বজাই ৰখাৰ স্বাৰ্থত তেওঁক এন.এছ.এ. (NSA) আইনৰ অধীনত আটক কৰি পাছত যোধপুৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল।