গুৱাহাটী
অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ দ্বাৰা বন্দী এছিয়ান হাতীৰ সঠিক পৰিচালনা আৰু কল্যাণৰ বাবে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়।
১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই কাৰ্যসূচীত অষ্ট্ৰেলিয়াৰ স্বেচ্ছাসেৱী সংস্থা 'হিউমেন এলিফেণ্ট লাৰ্নিং প্ৰগ্ৰেমছ' (HELP) ফাউণ্ডেচনৰ বিশেষজ্ঞসকলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু 'ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া'ৰ (WTI) দৰে সংস্থাই অংশগ্ৰহণ কৰে।
মানাহ ৰাষ্ট্ৰীয় উদ্যান MNP-এ এক বিবৃতিত কয়, "বিশ্বৰ অতিশয় বিপন্ন এছিয়ান হাতীৰ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ বৰ্তমান মানুহৰ তত্তাৱধানত (পোহনীয়া অৱস্থাত) আছে। সেইবাবেই এই হাতীবোৰক বিজ্ঞানসন্মত আৰু মানৱীয় পদ্ধতিৰে কেনেকৈ প্ৰশিক্ষণ দিব পাৰি, তাৰ ওপৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশেষ গুৰুত্ব দিছে।’’
মানাহ আৰু কাজিৰঙাৰ পৰা নিৰ্বাচিত এদল মাউতক এই প্ৰশিক্ষণত অন্তৰ্ভুক্ত কৰা হৈছে। এওঁলোকক 'মাষ্টাৰ মাউত' (Master Mahouts) হিচাপে গঢ়ি তোলা হৈছে যাতে ভৱিষ্যতে উত্তৰ ভাৰতৰ আন নতুন মউতসকলক তেওঁলোকে প্ৰশিক্ষণ দিব পাৰে।
এমএনপিৰ ক্ষেত্ৰীয় সঞ্চালক চি ৰমেশে কয় যে এই কাৰ্যসূচীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিকাক সামগ্ৰিক সংৰক্ষণৰ বাবে বিশ্বজনীন প্ৰচেষ্টাসমূহৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে দাঙি ধৰে।
"মানাহত আমি হাতীৰ কল্যাণৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকাৰ বাবে গৌৰৱান্বিত, বিশ্বব্যাপী অগ্ৰণী আৰু বৈজ্ঞানিকভাৱে সমৰ্থিত পদ্ধতিসমূহ প্ৰয়োগ কৰি হাতীৰ বাবে এখন সুন্দৰ পৃথিৱী গঢ় দিব পাৰিম। এয়া এক সহযোগিতামূলক প্ৰচেষ্টা আৰু আমি সকলোৱে একেলগে কাম কৰিলে ইতিবাচক ফলাফল লাভ কৰিব পাৰিম", তেওঁ লগতে কয়।
আনহাতে, HELP ফাউণ্ডেচনৰ প্ৰশিক্ষক এণ্ড্ৰু মেকলিনে মাউতসকলক তেওঁলোকৰ নিষ্ঠা আৰু পুৰণি কৌশলবোৰ মনত ৰখাৰ বাবে প্ৰশংসা কৰে।
এই কাৰ্যসূচীয়ে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ককো সুদৃঢ় কৰিছে। HELP ফাউণ্ডেচনৰ অধ্যক্ষ মাৰ্ক ট্ৰেলিং-এ কয় যে অষ্ট্ৰেলিয়াত যিদৰে কেংগাৰু আৰু কোৱালাৰ বাবে কাম কৰা হয়, ভাৰততো হাতী, বাঘ আৰু এশিঙীয়া গঁড়ৰ দৰে আপুৰুগীয়া জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে তেওঁলোকে একে উদ্দেশ্যৰে কাম কৰি যাব।
মানাহত গঁড় আৰু বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে পোহনীয়া হাতীৰ সঠিক যত্ন লোৱাৰ এই পদক্ষেপে উদ্যানখনৰ সফলতাত আন এক অধ্যায় যোগ কৰিছে। বন বিভাগৰ পহৰা কাৰ্যত পোহনীয়া হাতীয়েই হৈছে মূল চালিকা শক্তি, গতিকে তেওঁলোকক বিশ্বমানৰ মৰম আৰু নীতি-নিয়মেৰে পৰিচালনা কৰাটো অতি প্ৰয়োজনীয়।