শান্তি সমদলৰ মাজতে পাকিস্তানত আত্মঘাতী বিস্ফোৰণ; ১৪ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 10 h ago
শান্তি সমদলৰ মাজতে পাকিস্তানত আত্মঘাতী বিস্ফোৰণ; ১৪ জনৰ মৃত্যু
শান্তি সমদলৰ মাজতে পাকিস্তানত আত্মঘাতী বিস্ফোৰণ; ১৪ জনৰ মৃত্যু
 
নতুন দিল্লী
 
চিৰবৈৰী পাকিস্তানৰ উত্তৰ-পশ্চিম সীমান্তৱৰ্তী ৰাজ্য খাইবাৰ পখতুনখৱাত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। জিলাখনত আয়োজিত এক বিশাল 'শান্তি ৰেলী' ক লক্ষ্য কৰি চলোৱা আত্মঘাতী বিস্ফোৰণত কৰ্মকৰ্তা আৰু সাধাৰণ নাগৰিকসহ প্ৰায় ১৪ জন লোকৰ মৃত্যু হয়। ঘটনাটোত আন বহু লোক গুৰুতৰভাৱে আহত হয়।
 
শান্তিপূৰ্ণ পৰিৱেশ ঘূৰাই অনা আৰু হিংসাত্মক কাৰ্যকলাপৰ বিৰোধিতাৰে অনুষ্ঠিত কৰা এই সমদলটোত শতাধিক লোক সমবেত হৈছিল। সমদলটো এটি ব্যস্ত পথদি পাৰ হৈ যোৱাৰ সময়তে আত্মঘাতী সন্ত্ৰাসবাদীজনে বিস্ফোৰক ভৰ্তি জ্যাকেট ফেটাই এই আক্ৰমণ চলায়। বিস্ফোৰণৰ প্ৰাবল্য ইমানেই তীব্ৰ আছিল যে থিতাতে কেইবাজনো লোকৰ মৃত্যু ঘটে। আহতসকলক লগে লগে স্থানীয় হাস্পতালসমূহলৈ প্ৰেৰণ কৰা হয়, য'ত কেইবাজনো লোকৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে। ইপিনে ঘটনাৰ খবৰ পোৱাৰ লগে লগে নিৰাপত্তাৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ সমগ্ৰ এলেকাটো ঘেৰাও কৰে আৰু ততাতৈয়াকৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে।
 
সমগ্ৰ খাইবাৰ পখতুনখৱা অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু পলাতক কোনো সহযোগী আছে নেকি তাৰ সন্ধানত তলাচী অভিযান তীব্ৰতৰ কৰা হৈছে। বৰ্তমান লৈকে কোনো বিশেষ সন্ত্ৰাসবাদী সংগঠনে এই আত্মঘাতী আক্ৰমণৰ দায় আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাই, কিন্তু এই অঞ্চলটোত সক্ৰিয় হৈ থকা নিষিদ্ধ সংগঠন 'তেহৰীক-ই-তালেবান পাকিস্তান' ৰ উপৰত সন্দেহৰ আঙুলি উঠিছে।
 
উল্লেখযোগ্য যে, উত্তৰ-পশ্চিম পাকিস্তানত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু নিৰাপত্তা ব্যৱস্থাৰ ব্যৰ্থতাক লৈ স্থানীয় নাগৰিকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। লগতে পাকিস্তান চৰকাৰ আৰু সামৰিক প্ৰশাসনে এই বৰ্বৰ আক্ৰমণক তীব্ৰ গৰ্হিত আখ্যা দিছে আৰু অপৰাধীক উচিত শাস্তি প্ৰদানৰ আশ্বাস দিছে।