ডুবাইৰ তেজছ দুৰ্ঘটনাঃ মুহূৰ্ততে শেষ হৈ গ’ল ১৬ বছৰীয়া এক সম্পৰ্ক...

Story by  atv | Posted by  [email protected] • 1 Months ago
ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ নমাংশ ছিয়াল
ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ নমাংশ ছিয়াল
 
দিল্লী

এয়াৰশ্ব’ৰ অনুশীলনৰ সময়ত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ নমাংশ ছিয়ালৰ মৃত্যু হয়। শুকুৰবাৰে ডুবাইত সংঘটিত হয় এই ঘটনা৷ হিমাচল প্ৰদেশৰ কংৰা জিলাৰ পাটিয়ালাকাৰ গাঁৱৰ উইং কমাণ্ডাৰজনে তেজছ লাইট কম্বেট এয়াৰক্ৰাফ্ট উৰণ প্ৰদৰ্শন চলাই আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ দেশ শোকত ভাগি পৰিছে। আনহাতে, তেওঁৰ পৰিয়ালৰ লোকসকলে এতিয়াও বিশ্বাস কৰিব পৰা নাই যে তেওঁলোকৰ সাহসী পুত্ৰ এই পৃথিৱীত নাই। মূলতঃ হিমাচল প্ৰদেশৰ কংৰাৰ বাসিন্দা নমাংশই প্ৰেম বিবাহ কৰিছিল।
 
নমাংশৰ পত্নী আফছানাও ভাৰতীয় বায়ু সেনাৰ এগৰাকী বিষয়া। নমাংশ আৰু আফছানাৰ বহুত সপোন আছিল। দুয়ো দেশ ৰক্ষাৰ শপত লৈছিল। কিন্তু তেজছ বিমান দুৰ্ঘটনাত ১৬ বছৰীয়া এই সম্পৰ্ক নিমিষতে শেষ হৈ গ'ল।
 
স্বামী শ্বহীদ হোৱাত পত্নী আফছানা এফালে যিদৰে গৌৰৱান্বিত, আনফালে কেতিয়াও পূৰাব নোৱাৰা এই শূন্যতাৰ অনুভৱে তেওঁক বিধ্বস্ত কৰি পেলাইছে। তেওঁলোকৰ সাত বছৰীয়া কন্যাইও নাজানে যে তেওঁৰ পিতৃ এই পৃথিৱীত নাই আৰু তেওঁক কেতিয়াও আদৰিবলৈ নাপাব। নমাংশৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ কংৰা চহৰখনত শোকৰ ছাঁ পৰে। তেওঁৰ গাঁৱৰ ঘৰখন গুণমুগ্ধৰে ভৰি পৰে৷ 
 
ডুবাই এয়াৰ শ্ব'ৰ সময়ত এল চি এ তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা উইং কামাণ্ডাৰ নমাংশ ছিয়ালৰ নশ্বৰদেহ আজি কোয়েম্বাটুৰস্থিত সুলুৰ এয়াৰ বেছলৈ অনা হয়।