মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; মুহূৰ্ততে শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

Story by  atv | Posted by  [email protected] • 13 h ago
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; মুহূৰ্ততে শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; মুহূৰ্ততে শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন
 
গুৱাহাটী
 
আজি পুৱা মৰাণৰ গছপুৰীয়াত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন Hyundai Exter SUV বাহন আৰু এখন বলেৰ’ পিক-আপ বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ।
 
শোকাৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় মৰাণৰ পানীতোলাৰ বৰবিল গাঁৱৰ নিবাসী পিতা-পুত্ৰ খগেন বৰুৱা (৪৫) আৰু যুগল কিশোৰ বৰুৱা (১৪)।
 
জানিব পৰা মতে, অষ্টম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ যুগল কিশোৰ বৰুৱাক মৰাণৰ চেণ্ট যোজেফ স্কুলত পুৱা থ'বলৈ আহিছিল পিতৃ খগেন বৰুৱা। ইফালে, দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ পিক-আপ বাহনখনে সুৰা কঢ়িয়াই আনিছিল। (ফটোত মৃত খগেন বৰুৱা)
 
ইতিমধ্যে, সুৰা কঢ়িয়াই অনা বলেৰ' পিক-আপ বাহনখনৰ চালকক আটক কৰি চিকিৎসা কৰোৱাইছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, মৃত খগেন বৰুৱা খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভেকচিনেটৰ হিচাপে কৰ্মৰত আছিল।
 
আনহাতে, পুত্ৰ যুগল‌ কিশোৰ বৰুৱা আছিল মৰাণ ছেণ্ট যোছেফ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। আজি পুৱা পুত্ৰক ঘৰৰ পৰা স্কুলত থ'বলৈ যাওঁতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।