কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা সন্ত্ৰাসবাদী নিহত

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
জম্মু
 
ভাৰতীয় সেনাৰ গুলীত পুনৰ নিহত পাকিস্তানী সন্ত্ৰাসবাদী। কাশ্মীৰ উপত্যকাৰ বাৰমুল্লা জিলাৰ উৰিত নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে পাকিস্তানী সন্ত্ৰাসবাদীটোক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই নিহত কৰে। নিহত সন্ত্ৰাসবাদীটোৰ পৰা এ কে ৰাইফল, পিষ্টল আৰু বৃহৎ পৰিমাণৰ গোলা বাৰুদ উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।
 
সেনাই সদৰী কৰা মতে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে বুছাৰত উৰি ছেক্টৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা সন্দৰ্ভত চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পিচতেই যুটীয়া অভিযান চলায়। এক্সত শ্বেয়াৰ কৰা এক বিবৃতিত সেনাই কয় ,"১৪-১৫ মাৰ্চৰ মাজনিশা সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান আৰম্ভ কৰে। সেনাই জোপোহাৰ মাজত এজন সন্ত্ৰাসবাদীৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে । নিৰাপত্তাৰক্ষীয়ে অভিযান চলোৱাৰ সময়তেই সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে । নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত সন্ত্ৰাসবাদীটো নিহত হয়।"
 
উল্লেখযোগ্য যে যোৱা ১০ মাৰ্চত জম্মু-কাশ্মীৰ ৰাজৌৰী জিলাৰ নৌশ্বেৰা ছেক্টৰত এল অ’ চি পাৰ হ’বলৈ চেষ্টা কৰা এটা সন্ত্ৰাসবাদী নিহত হৈছিল। জম্মু-কাশ্মীৰৰ ৭৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এল অ’ চি উপত্যকাৰ বাৰামুল্লা, বান্দিপোৰা আৰু কুপৱাৰা জিলাৰ পৰা পুঞ্চ, ৰাজৌৰী আৰু আংশিকভাৱে জম্মু সংমণ্ডলৰ জম্মু জিলালৈকে বিস্তৃত হৈ আছে।
 
এল অ’ চিৰ উপৰি জম্মু-কাশ্মীৰৰ ২৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ছাম্বা, কথুৱা আৰু জম্মু জিলাত অৱস্থিত। ইয়াত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) নিয়োজিত হৈ আছে। পাকিস্তানৰ পৰা আৰম্ভ হোৱা অনুপ্ৰৱেশ, সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিৰোধ, ড্ৰাগছ সৰবৰাহ আৰু ড্ৰ’ণ কাৰ্যকলাপ ৰোধৰ বাবে সেনা আৰু বি এছ এফ নিয়োগ কৰা হৈছে।