গুৱাহাটী
পূৰ্বৰ দৰেই এই বছৰো অসম সাহিত্য সভাই পহিলা ব'হাগৰ দিনটো 'নিজৰ দিন' হিচাপে উদযাপন কৰিব। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক বিবৃতিযোগে জানিবলৈ দিয়া মতে- অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ বিকাশ-বিস্তৃতিৰ বাবে কাম কৰি থকা আৰু জাতীয় জীৱনলৈ গুৰুত্বপূর্ণ অবদান আগবঢ়োৱা পাঁচ হাজাৰ ব্যক্তিক পহিলা ব'হাগৰ দিনা অর্থাৎ ১৫ এপ্রিলৰ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭বজাৰ ভিতৰত ঘৰে ঘৰে গৈ সাহিত্য সভাৰ কেন্দ্রীয় বিষয়ববীয়াৰ লগতে ভিন্ন জিলা সভা আৰু শাখা সভাৰ কৰ্মকর্তাসকলে ধুৰীয়া তামোল-পাণেৰে সেৱা ধৰি সন্মানিত কৰিব।
ৰাজ্যখনৰ পাহাৰে-ভৈয়ামে শান্তি-সম্প্রীতিৰে বসবাস কৰি থকা এই ব্যক্তিসকলৰ উপৰিও ভাৰতবৰ্ষৰ বাংগালুৰু, আহমেদাবাদ, দিল্লী, উৰিষ্যা, ভুৱনেশ্বৰ, অৰুণাচল, ইটানগৰ, পাছিঘাটকে ধৰি লণ্ডন, উত্তৰ আমেৰিকা আদি স্থানতো সেইদিনা 'নিজৰ দিন' উপলক্ষে ৬৫ বছৰ বয়সৰ উৰ্ধৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা ব্যক্তিসকলক ঘৰে ঘৰে গৈ সন্মান প্রদর্শন কৰিব। এই নিজৰ দিনৰ কাৰ্যসূচীত পূৰ্বৰ বছৰত সম্বর্ধিত হোৱা কোনো ব্যক্তিক দ্বিতীয়বাৰৰ বাবে সন্মান প্রদান কৰা নহ'ব আৰু অসম সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ সদস্য, জিলা সভা, শাখা সভা, আদৰণী সমিতিৰ কোনো সদস্যক শুভেচ্ছা জ্ঞাপন কৰিব নোৱাৰিব।
ইফালে ৬৫ বছৰ বয়সৰ ঊর্ধ্বৰ জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে অসম সাহিত্য সভাই আগতীয়াকৈ ভিন্ন কার্যালয়ৰ তত্ত্বাৱধানত জিলা সভা-শাখা সভালৈ ওলগনি-পত্ৰ প্ৰেৰণ কৰা হয়। সেইদিনা কেন্দ্রীয় সমিতি, জিলা সভা, শাখা সভা, আদৰণি সমিতিৰ সদস্য-সদস্যাসকলে সম্বর্ধিত ব্যক্তিসকলক থলুৱা শিপিনীৰ দ্বাৰা বোৱা গামোচা, গ্ৰন্থৰ টোপোলা আৰু একোখনকৈ থুৰীয়া তামোল-পাণ প্রদান কৰি সেৱা ধৰিব।
সভাৰ হৈ সম্বর্ধনা জ্ঞাপন কৰিবলৈ যোৱা সাহিত্য সভাৰ দলটো ন্যূনতম পাঁচজনীয়া আৰু তেওঁলোকে জাতীয় পোছাক পৰিধান কৰিব। প্রতিনিধি দলটোৱে চিৰ নমস্য ব্যক্তিসকলক সম্বর্ধনা জ্ঞাপন কৰা মুহূৰ্তটো কেমেৰাত আবদ্ধ কৰি ৰাখি পৰৱৰ্তী সময়ত সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ (ভ্ৰাম্যভাষঃ ৯৮৬৪১২০৩৫৭) হোৱাটছ-এপ নম্বৰৰ যোগেদি সভালৈ প্রেৰণ কৰিব লাগিব।
আনহাতে ব্যক্তিসকলক নিজৰ দিনৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ যোৱাৰ সময়ত সভাৰ কৰ্মকর্তাসকলে সম্বর্ধিত ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলক আৰু প্রতিবেশীসকলক আমন্ত্রণ কৰি আনিব আৰু অনুষ্টুপীয়াকৈ পোন্ধৰ মিনিটৰ এটি অনুষ্ঠান সম্পন্ন কৰি উক্ত অনুষ্ঠানতে সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহকে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি আজীবন স্থায়ী সদস্য হৈ সভাৰ লগত সম্পৃক্ত হ'বৰ বাবে মুকলি অনুৰোধ জনাব।
উল্লেখযোগ্য যে, সফল জীৱন পৰিক্ৰমাৰে সমৃদ্ধ অভিজ্ঞ ব্যক্তিসকলক অসম সাহিত্য সভাৰ তৰফৰ পৰা নিজৰ দিনত আন্তৰিকতাৰে সন্মান প্ৰদৰ্শন আৰু কৃতজ্ঞতা জ্ঞাপন কৰি অসমীয়াৰ গৌৰৱ বৃদ্ধি কৰাৰ এই মহৎ কর্মযজ্ঞৰ অংশীদাৰী হ'বলৈ সভাৰ প্ৰধানসম্পাদকে সকলোকে এক বিজ্ঞপ্তিযোগে আহ্বান জনাইছে।