গুৱাহাটী
বৰ্তমান ৰাজ্যজুৰি কেৱল নন্দিনীৰ চৰ্চা। ৰাইজৰ মৰম-আদৰেৰে জনপ্ৰিয় হৈছিল, এতিয়া নন্দিনীৰ কাণ্ড দেখি হতবাক সকলো। নন্দিনী কাণ্ডক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘গুৱাহাটীৰ হিট এণ্ড ৰাণৰ ঘটনাটোত সেই দিনাই ৰাতি যদি অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাহেতেঁনো লগে লগে জামিন দিব লাগিলহেঁতেন৷ আৰক্ষীয়ে সকলোখিনি কৰি আছে৷’’
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘আৰক্ষীয়ে কৌশলগত স্থিতি লৈছে। ৰাইজে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য থাকে৷ কিন্তু উদ্দেশ্য একে। তেওঁক এতিয়া আৰক্ষীৰ জিম্মাত ৰখা হৈছে আৰু আৰক্ষীয়ে তেওঁৰ চার্জশ্বিট দাখিল কৰিব।’’
উল্লেখ্য যে ২৫ জুলাইৰ শোকাৱহ দুৰ্ঘটনা সংঘটিত কৰিছিল নন্দিনী কাশ্যপে। ২৯ জুনত দুৰ্ঘটনাত আহত ছামিউল হকৰ মৃত্যু হৈছিল। ছামিউলৰ মৃত্যুৰ পিছতে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নন্দিনী কাশ্যপক।
নিশা পাণবজাৰ মহিলা থানাত আৰক্ষীৰ জেৰা সন্মুখীন হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপ। ইতিমধ্যে দুদিনৰ আৰক্ষীৰ জিম্মাত আছে নন্দিনী কাশ্যপ। জামিনৰ বাবে আবেদন কৰিছিল নন্দিনী কাশ্যপে কিন্তু নন্দিনী কাশ্যপৰ জামিন আবেদন নাকচ কৰে আদালতে। অৰ্থাৎ শুকুৰবাৰলৈ পাণবজাৰ মহিলা থানাতে কটাব লাগিব নন্দিনী কাশ্যপে।
CCTV দৃশ্য অনুসৰি ২৫ জুলাইৰ নিশা ৩ বাজি ২ মিনিটত নন্দিনীৰ দ্ৰুতবেগী বাহনে মহটিয়াই নিছিল ছামিউলক। দক্ষিণগাঁৱৰ ৰাজপথত সংঘটিত হৈছিল এই শিহৰণকাৰী পথ দুৰ্ঘটনা। নন্দিনীৰ বাহনৰ খুন্দাত বহুত দূৰ ওফৰি গৈছিল ছামিউল হক।
আনফালে সেই নিশা দুৰ্ঘটনা সংঘটিত কৰি নন্দিনীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু নন্দিনী কাশ্যপে পলায়ন নাই কৰা বুলি কৈছিল। নন্দিনীয়ে লগতে কৈছিল যে দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে।
নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ পিছতে সংবাদমেল সম্বোধন কৰে গুৱাহাটী আৰক্ষীয়ে। গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তৰ সংবাদমেল সম্বোধন কৰি কৈছিল যে ‘‘দুৰ্ঘটনাৰ নিশা যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰা নাছিল নন্দিনীয়ে। ২৬ জুলাইতহে যান-বাহন আৰক্ষীক ঘটনাটো অৱগত কৰিছিল।’’