জাতীয় পতাকাৰ ৰঙেৰে উজ্বলিল ৰংঘৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
জাতীয় পতাকাৰ ৰঙেৰে উজ্বলিল ৰংঘৰ
জাতীয় পতাকাৰ ৰঙেৰে উজ্বলিল ৰংঘৰ
গুৱাহাটী
 
স্বাধীনতাৰ ৭৫ বৰ্ষটো বিশেষ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন জনে বিভিন্ন ধৰণে পদক্ষেপ হাতত লৈছে। শিৱসাগৰতো দেখা গ'ল স্বাধীনতাৰ ৭৫ তম বৰ্ষ উদযাপনৰ বিশেষ প্ৰস্তুতি। জাতীয় পতাকাৰ ৰঙেৰে উজ্বলাই তুলিলে ৰংঘৰ। ত্ৰিৰংগাৰ তিনিওটা ৰঙে ৰঙীন কৰিলে নিশাৰ ৰংঘৰৰ বাকৰি।
 
 
আজাদি কা অমৃত মহোৎসৱ উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰক গেৰুৱা, বগা আৰু সেউজীয়া ৰঘৰ পোহৰেৰে উজলাই তুলিলে কেন্দ্ৰীয় পূৰাতত্ব বিভাগে। আহোম ৰাজত্বৰ শৌৰ্যৰ প্ৰতীক, এছিয়াৰ প্ৰথমটো পেভিলিয়ন, আধুনিক অসমৰ পৰিচয় ৰংঘৰ কালিৰে পৰা আলোকিত হ’ল ত্ৰি-ৰঙেৰে।
 
৭৫ সংখ্যত স্বাধীনতা দিৱস উপলক্ষে ৰংঘৰক জাতীয় পতাকাৰ তিনিও ৰঙৰ আলোকেৰে আলোকিত কৰি স্বাধীনতাৰ ক্ষণ উপভগৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে।উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন স্থানৰ উল্লেখযোগ্য প্ৰাচীন কীৰ্তিচিহ্ন এইদৰে পোহৰাই তোলাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে।