বিধানসভা নিৰ্বাচন ২০২৬: অসমৰ মুঠ ৭৮৯ প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচন আয়োগৰ

Story by  atv | Posted by  [email protected] • 1 h ago
নিৰ্বাচন আয়োগ
নিৰ্বাচন আয়োগ
 
গুৱাহাটী
 
অসম বিধানসভা নিৰ্বাচনৰ ১২৬ টা সমষ্টিৰ বাবে মুঠ ৮১৫ গৰাকী প্ৰাৰ্থীয়ে মুঠ ১,৩৮৯ খন মনোনয়ন পত্ৰ দাখিল কৰিছিল। তাৰ ভিতৰত ৭৮৯ গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ হিচাপে ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। বুধবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই প্ৰকাশ কৰে নিৰ্বাচন আয়োগে। অসমৰ লগতে কেৰালা, পুডুচেৰীত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়নৰ ভিতৰত বৈধ মনোনয়নৰ তথ্য ৰাজহুৱা কৰিছে নিৰ্বাচন আয়োগে। তথ্য অনুসৰি অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ বাবে ৭৮৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছে।
 
নিৰ্বাচন আয়োগে মনোনয়ন পৰীক্ষাৰ অন্তত জনাইছে যে কেৰালাৰ ১৪০ টা সমষ্টিৰ বাবে ৯৮৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ আৰু পুডুচেৰীৰ ৩০ টা সমষ্টিৰ বাবে ৩৬৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । ইয়াৰ উপৰিও গোৱা, কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়নৰ বৈধতা সম্পৰ্কেও নিৰ্বাচন আয়োগে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে।
 
নিৰ্বাচন আয়োগে জনোৱা মতে গোৱাত ১ টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। য'ত ৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। একেদৰে কৰ্ণাটকৰ ২ টা সমষ্টিত ৫০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ, নাগালেণ্ডত ১ টা সমষ্টিত ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ আৰু ত্ৰিপুৰাত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ১ টা সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে।
 
নিৰ্বাচন আয়োগে উল্লেখ কৰা মতে অসম, কেৰালা আৰু পুডুচেৰীৰ লগতে উপ-নিৰ্বাচন হ'বলগীয়া ৪ ৰাজ্যত মনোনয়ন দাখিলৰ ২৩ মাৰ্চ অন্তিম তাৰিখ আছিল । ৰিটাৰ্ণিং বিষয়াসকলে ২৪ মাৰ্চৰ পৰা এই মনোনয়নসমূহ পৰীক্ষা কৰিছে। ইফালে ২৬ মাৰ্চৰ বিয়লি ৩ বজাৰ ভিতৰত ইচ্ছ্যুক প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব বুলিও নিৰ্বাচন আয়োগে উল্লেখ কৰিছে।