গুৱাহাটী
উজনি অসমৰ ৪ জিলাৰ বানাক্ৰান্তলৈ ১৫ হাজাৰ টকাকৈ অন্তৰ্ৱৰ্তীকালীন সাহায্য আগবঢ়ালে ৰাজ্য চৰকাৰে। সোমবাৰে এক সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বান সাহায্যৰ ধন মুকলি কৰে। অহা ৩ আগষ্টৰ পৰা ৫ আগষ্টৰ ভিতৰত বানাক্ৰান্তসকলে এই ধন লাভ কৰিব।
প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰিব ১৫,০০০ টকা। ১১২ কোটি টকাৰ সাহায্য পৰিকল্পনাই প্ৰথম পৰ্যায়ত সাঙুৰি ল’ব প্ৰায় ৭৫,০০০ পৰিয়ালক। হিতাধিকাৰীসকলে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ (DBT) বা নিজ নিজ বেংক একাউণ্টৰ যোগেৰে পোনে পোনে এই ধন লাভ কৰিব। লগতে প্ৰথম পৰ্যায়ৰ এই ১৫,০০০ টকাৰ উপৰিও পৰৱৰ্তী সময়ত জৰীপ আৰু মূল্যায়নৰ ভিত্তিত আৰু ১০,০০০ টকাকৈ অতিৰিক্ত সাহায্য আগবঢ়োৱা হ’ব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্তই লাভ কৰিব এই ধন।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, বানপীড়িত ৪ জিলাৰ বানপীড়তলৈ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সাহায্য প্ৰদান কৰা হ’ব। বানবিধ্বস্ত বিদ্যালয়সমূহলৈ ২ লাখ ১০ হাজাৰ টকাকৈ সাহায্য। মঙলবাৰৰ পৰা বিদ্যালয়ৰ একাউণ্টত প্ৰদান কৰা হ’ব এই সাহায্যৰ ধন। ইপিনে বানবিধ্বস্ত নামঘৰসমূহলৈ ডেৰলাখ টকাৰ সাহায্য ঘোষণা কৰে। লগতে ৭ আগষ্টৰ পূৰ্বে নামঘৰসমূহত প্ৰদান কৰা হ’ব সাহায্য। শিৱসাগৰ, চৰাইদেউত বিদ্যুতৰ বিল ৰেহাই।
আনহাতে,বানপানীৰ পিছত ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা, যাৱতীয় গৃহস্থালী সামগ্ৰী ক্ৰয় কৰা আৰু তাৎক্ষণিক প্ৰয়োজনসমূহ পূৰণ কৰাত এই বিত্তীয় সাহায্যই দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহক বিশেষভাৱে সহায় কৰিব। ইপিনে ৪ জিলাত ৯-১০ আগষ্টত স্থায়ী ক্ষতিৰ সমীক্ষা হ’ব। আগষ্ট বা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ক্ষতিপূৰণ প্ৰদান কৰা হ’ব। ১০ দিনৰ ভিতৰত বান ক্ষয়-ক্ষতিৰ সমীক্ষা শেষ হ’ব। স্থায়ী ক্ষতি তথ্যৰ ভিত্তিত কেন্দ্ৰই দিব সাহায্য।