বিমানৰ ৬০ শতাংশ আসনৰ ভাড়াৰ ওপৰত চৰকাৰৰ নিষেধাজ্ঞা

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
বুধবাৰে চৰকাৰে কয় যে ঘৰুৱা বিমানৰ ৬০ শতাংশ আসনৰ বাবে যাত্ৰীৰ পৰা অতিৰিক্ত মাচুল সংগ্ৰহ নকৰিবলৈ বিমান সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে।
 
ইয়াৰ উপৰিও, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে যাত্ৰীসকলৰ সুবিধা অধিক সুদৃঢ় কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে একেটা পি.এন.আৰ (PNR) নম্বৰত যাত্ৰা কৰা লোকসকলক একেলগে বহিবলৈ দিয়াটো নিশ্চিত কৰিবলৈ বিমান সংস্থাসমূহক নিৰ্দেশ দিছে।
 
বুধবাৰে এই পদক্ষেপসমূহ ঘোষণা কৰি মন্ত্ৰালয়ে কয় যে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (DGCA) যিকোনো বিমানৰ কমেও ৬০ শতাংশ আসন বিনামূলীয়াকৈ আৱণ্টন কৰিবলৈ নিৰ্দেশ দিছে যাতে যাত্ৰীসকলে ন্যায়সংগত সুবিধা লাভ কৰিব পাৰে।
 
এগৰাকী বিমান বিষয়াৰ মতে, বৰ্তমান ২০ শতাংশ আসন বিনামূলীয়াকৈ বুকিং কৰিব পাৰি আৰু বাকী থকা আসনসমূহৰ বাবে ধন পৰিশোধ কৰিব লাগে।
 
মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে যে, "একেটা পি.এন.আৰ-ত যাত্ৰা কৰা যাত্ৰীসকলক একেলগে বহিবলৈ দিব লাগে, বিশেষকৈ কাষৰীয়া আসনত।"
 
এগৰাকী বিষয়াই জনোৱা মতে এই নিৰ্দেশনা কেৱল ঘৰুৱা বিমানৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। আসন বাছনি কৰাকে ধৰি বিভিন্ন সেৱাৰ বাবে বিমান সংস্থাসমূহে অতিৰিক্ত মাচুল লৈ থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম 'X' (পূৰ্বৰ টুইটাৰ) যোগে অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে. ৰামমোহন নাইডুৱে কয় যে যাত্ৰীসকলৰ সুবিধাৰ্থে ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰিবলৈ কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে।
 
তেওঁ কয়, "৬০ শতাংশ আসন বিনামূলীয়া হ'ব, পৰিয়ালৰ সদস্যসকলক একেলগে বহাৰ সুবিধা নিশ্চিত কৰা হ'ব আৰু ক্ৰীড়া সামগ্ৰী, বাদ্যযন্ত্ৰ আৰু পোহনীয়া জন্তু কঢ়িয়াই নিয়াৰ বাবে স্পষ্ট তথা স্বচ্ছ নিয়ম প্ৰৱৰ্তন কৰা হৈছে।"
 
তেওঁ লগতে উল্লেখ কৰে যে বিমান পলম হোৱা বা বাতিল হোৱাৰ ক্ষেত্ৰত যাত্ৰীৰ অধিকাৰ যাতে অধিক শক্তিশালী আৰু স্পষ্ট হয়, তাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।