ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ড: দোষী ৰিণ্টু শৰ্মাৰ শাস্তি লাঘৱ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী
ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ডৰ দোষী ৰিণ্টু শৰ্মাৰ শাস্তি লাঘৱ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২১ চনৰ ২১ আগষ্টত ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ পৰা ওভতাৰ পথত নন্দিতাৰ ওপৰত সংঘটিত হৈছিল নৃশংস আক্ৰমণ।
নন্দিতা শইকীয়াৰ মূৰত দাৰে একাধিকবাৰ আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মা নামৰ এজন যুৱকে। সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা নন্দিতাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। সেই ঘটনাত ৰিণ্টু শৰ্মাৰ দাৰ আক্ৰমণত আন এগৰাকী ব্যক্তি আৰু এগৰাকী যুৱতীও আহত হৈছিল। ধেমাজি সদৰ থানাত ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে ৰুজু হৈছিল ৩৯৭/২০২১ নম্বৰৰ এক গোচৰ ৷
তদন্তৰ অন্তত ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে IPCৰ ৩০২, ৩০৭, ৩২৪ আৰু ৩৪১ ধাৰাত ৪০০ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে।
২০২৫ চনৰ ২১ আগষ্টত ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশে সেই ঘটনাক ‘Rarest of Rare’ আখ্যা দি মৃত্যুদণ্ড ঘোষণা কৰিছিল। দোষী সাব্যস্ত হোৱা ৰিণ্টু শৰ্মাই আদালতৰ সেই আদেশক প্ৰত্যাহ্বান জনাই পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি হত্যাৰ ‘দোষ সাব্যস্ত’ৰ ৰায় বাহাল ৰাখিলেও মৃত্যুদণ্ডৰ পৰিৱৰ্তে আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৰিণ্টু শৰ্মাক।
উল্লেখযোগ্য যে, মুঠ ৪১ জন সাক্ষীৰ সাক্ষ্যদানৰ অন্তত সুদীৰ্ঘ ৪ বছৰৰ মূৰত বিগত বৰ্ষৰ ২১ আগষ্টত এই গোচৰটোৰ ৰায়দান দিছিল ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। নন্দিতা শইকীয়াক আক্ৰমণৰ দিনটোতে অৰ্থাৎ ২১ আগষ্টৰ দিনটোতেই প্ৰদান কৰা হৈছিল সেই ৰায় ৷ নন্দিতা শইকীয়াৰ লগতে ৰিণ্টু শৰ্মাৰ আক্ৰমণৰ বলি হৈছিল সহপাঠী কাশ্মিনা দত্ত আৰু কাশ্মিনা দত্তৰ পিতৃ দেৱ দত্ত ৷