গুৱাহাটী
বুধবাৰে নিশা অসমৰ শিলচৰ-কলেইন পথত হাৰং দলং ভাঙি পৰে। দলঙখন ভাঙি পৰাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বাসিন্দাসকলক সহায় কৰাৰ লগতে অসমৰ বৰাক উপত্যকাত সংযোগ পুনৰুদ্ধাৰৰ বাবে সেনা, এনডিআৰএফ, এছডিআৰএফক মোতায়েন কৰা হৈছে।
এই ঘটনাই দৈনন্দিন জীৱন স্তব্ধ কৰি তোলাত কাছাৰ জিলা প্ৰশাসনে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। দলঙখন ভঙাৰ আঁৰত থকা পাঁচজন ব্যক্তি চিনাক্ত কৰা হৈছে আৰু আইনী প্ৰক্ৰিয়া চলি আছে। নিৰৱচ্ছিন্নভাৱে চলাচল নিশ্চিত কৰিবলৈ স্থানীয় লোকসকলক পুৱাৰে পৰা সন্ধিয়ালৈকে নদীখনৰ সিপাৰে নাওঁৰ ব্যৱস্থা কৰা কৰিচকল, লগতে উদ্ধাৰকাৰীসকলে উদ্ধাৰ অভিযান ভালদৰে পৰিচালনা কৰিছিল।
সমান্তৰালভাবে বিকল্প পথো মুকলি কৰা হৈছিল, আনহাতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল। অতিমাত্ৰা ভিৰ ৰোধ কৰাৰ লগতে সুৰক্ষা নিশ্চিত কৰাৰ বাবে গোটেই দিনটো সেনা আৰু উদ্ধাৰকাৰী দল কৰ্তব্যত আছিল।
মন্ত্ৰী কৌশিক ৰায়ে বিভাগীয় বিষয়াসকলৰ সৈতে এই স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছিল। ৫ৰ পৰা ৭ দিনৰ ভিতৰত এখন অস্থায়ী বিকল্প দলং নিৰ্মাণ কৰা হ’ব বুলি তেওঁ আশ্বাস দিছিল।
এই ঘটনাৰ তদন্তৰ বাবে মেজিষ্টেৰিয়েল তদন্ত সমিতি গঠন কৰা হৈছে আৰু দায়ী বুলি ধৰা পৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাৰ ফলত বৰাক উপত্যকাৰ পথ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।