অনন্য ভাৰত: মন্দিৰ মেৰামতি কৰি দিলে মছজিদ কমিটিয়ে

Story by  atv | Posted by  [email protected] • 28 d ago
মন্দিৰ আৰু মছজিদ কমিটিৰ লোকসকল
মন্দিৰ আৰু মছজিদ কমিটিৰ লোকসকল
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
বৰ্তমান সামাজিক মাধ্যমত  হিন্দু-মুছলমান মাজত বিভিন্ন ভেদাভেদ, হিংসা আদি দেখা যায় যদিও বিভিন্ন সময়ত ভাৰতবৰ্ষৰ কিছুমান অঞ্চলত সম্প্ৰীতিৰ এনেকুৱা কিছুমান নিদৰ্শন দেখিবলৈ পোৱা যায়, যিবোৰ দেখিলে নিজকে ভাৰতীয় বুলি কবলৈ গৌৰৱবোধ হয়। পুনৰ হিন্দু-মুছলমান সম্প্ৰদায়ৰ লোকসকলে একেলগে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক আচৰিত নিদৰ্শন দাঙি ধৰিলে। 
 
বল্লভগড় চহৰত অৱস্থিত উঞ্চে গাঁৱত এক অনন্য পদক্ষেপ দেখা গ’ল, য’ত উঞ্চে গাঁৱৰ মছজিদ কমিটীয়ে এটা শীতলা মন্দিৰ কেৱল মেৰামতি কৰাই নহয়, মন্দিৰটোৰ সৌন্দৰ্য্যবৰ্ধন কৰি টাইলছো লগাই দিলে। আচলতে এই শিৱ মন্দিৰটোৰ কাষতে জামা মছজিদ আছে, মছজিদটোৰ ইমাম হ'ল মৌলানা জামালুদ্দিন, তেওঁ আমাৰ সংবাদদাতা প্ৰেম খানক কয় যে, যেতিয়া আমাৰ মছজিদটো সৌন্দৰ্য্যবৰ্ধন কৰা হৈছে তেতিয়া আমাৰ মছজিদটোৰ লগতে মন্দিৰটোও সৌন্দৰ্য্যবৰ্ধন কৰি আছো।

ইয়াত পেইন্টিং আৰু টাইলছ লগোৱা কাম চলি আছে। দুয়োটা সম্প্ৰদায়ৰ লোকে এই কামত হাতে-কামে লাগি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছিল। মৌলানা জামালুদ্দিনে কয় যে "বল্লভগড় চহৰত অৱস্থিত গাঁওখনত হিন্দু আৰু মুছলমানসকলে ইজনে সিজনৰ লগত মৰম আৰু ভাতৃত্ববোধেৰে বাস কৰে আৰু সকলো উৎসৱ একেলগে পালন কৰে।"
 
এই উপলক্ষে গাঁও উন্নয়ন সমিতিৰ উঞ্চা গাঁৱৰ মুৰব্বী প্ৰেম সিং আধনা, সংগঠন কৰ্মী নৰ সিং আধনা, সংগঠন সঞ্চালক শ্যামবীৰ, বল্লভগড় উঞ্চা গাঁও সমিতিৰ মুৰব্বী শ্বেৰ খান মালিক, জমিয়ত উলেমা ফৰিদাবাদৰ সভাপতি মৌলানা জামালুদ্দিন আদি উপস্থিত থাকে।
 
মন্দিৰ আৰু মছজিদ কমিটিৰ লোকসকল
 
জমিয়তৰ সভাপতি উলেমা ফৰিদাবাদ আৰু উঞ্চে গাঁৱত অৱস্থিত জামা মছজিদৰ ইমাম মৌলানা জামালুদ্দিনে দ্য ভইচক জনোৱা মতে, জামা মছজিদৰ কাষতে এটা শীতলা মন্দিৰ আছে য’ত উঞ্চে গাঁৱৰ মছজিদ কমিটীয়ে টাইলছ লগোৱাৰ কাম কৰিছিল। ভাতৃত্ববোধ, ঐক্য আৰু প্ৰেমৰ প্ৰতি বিশ্বাস ৰাখি আমাৰ সংঘৰ সদস্যসকল সদায় প্ৰতিটো সামাজিক কামৰ বাবে আগবাঢ়ি থাকে বুলিও তেওঁ কয়।
 
বল্লভগড় চহৰত অৱস্থিত উঞ্চে গাঁৱৰ লোকসকলে জাতি-ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে সমাজ কল্যাণৰ মনোভাৱেৰে সামাজিক কাম-কাজ কৰে। বল্লভগড় উঞ্চে গাঁও সমিতিৰ মুৰব্বী শ্বেৰ খান মালিকে কয় যে আমি বছৰত এবাৰ ধৰ্মীয় সন্মিলনৰ আয়োজন কৰো আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ সমাজখনক শান্তি, ঐক্য আৰু প্ৰেমৰ বাৰ্তা দিবলৈ আহ্বান জনাওঁ। এই ধৰ্মীয় সন্মিলনত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদি বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে।