গুৱাহাটী
আজিৰে পৰা দেশী বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পবিতৰা অভয়াৰণ্যৰ দ্বাৰ মুকলি কৰা হয়। দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। তাৰ পিছতে অভয়াৰণ্যৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব দৰ্শনাৰ্থীসকলে।
পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়া মতে পবিতৰাৰ দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, মায়ঙৰ পৰম্পৰাগত ৰজা তৰণিকান্ত সিংহ কোঁৱৰ। একেদৰে সহস্ৰাধিক ৰাইজৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল।
উল্লেখযোগ্য যে, পবিতৰাৰ জীপ চাফাৰী আৰু বন বিভাগৰ ৭ টা হাতী সাজু কৰি ৰখা হৈছে। পবিতৰাৰ আছে এশতকৈও অধিক গড়, দুই শতাধিক বনৰীয়া ম'হ আৰু হাজাৰ হাজাৰ হাজাৰ পৰিশ্ৰমী চৰাই চিৰিকটি।