২৪ গৰাকী বিজ্ঞানীক ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে

Story by  atv | Posted by  [email protected] • 2 h ago
২৪ গৰাকী বিজ্ঞানীক ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে
২৪ গৰাকী বিজ্ঞানীক ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে

নতুন দিল্লী

ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত মঙলবাৰে অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ কেইবাগৰাকীও বিশিষ্ট বিজ্ঞানীক ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা প্ৰদান কৰে। ২৪ গৰাকী বিজ্ঞানীক এইবাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা প্ৰদান কৰা হৈছে। প্ৰখ্যাত জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° জয়ন্ত নাৰ্লিকাৰক মৰণোত্তৰভাৱে “বিজ্ঞান ৰত্ন বঁটা”ৰে সন্মানিত কৰা হয়। বিজ্ঞানলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক এই সন্মন প্ৰদান কৰা হয়। ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখযোগ্য আৰু ঐতিহাসিক অৱদানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়।
 
পুনেস্থিত আন্তঃবিশ্ববিদ্যালয় চেণ্টাৰ ফৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্সৰ সঞ্চালক আৰ শ্ৰিয়ানন্দে এই বঁটা গ্ৰহণ কৰে। এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল ড° জয়ন্ত নাৰ্লিকাৰে। অধ্যাপক নাৰ্লিকাৰে বিশ্বব্ৰহ্মাণ্ডৰ গঠন সম্পৰ্কে গুৰুত্বপূৰ্ণ গৱেষণা কৰিছিল। তেওঁ হয়লে-নাৰ্লিকাৰ তত্ত্ব গঢ়ি তুলিছিল, যাৰ লক্ষ্য আছিল মাধ্যাকৰ্ষণ আৰু পদাৰ্থৰ একেলগে সংঘটনৰ ব্যাখ্যা কৰা। এই তত্ত্বই স্থিৰ অৱস্থাৰ বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাটোৰ বৈজ্ঞানিক ভিত্তি প্ৰদান কৰিছিল।
 
এই অনুষ্ঠানত মুঠ ২৪ গৰাকী বিজ্ঞানী আৰু দলক চাৰিটা শাখাত সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ ভিতৰত বিজ্ঞান ৰত্ন, বিজ্ঞান শ্ৰী, বিজ্ঞান যুৱ আৰু বিজ্ঞান দল আদি বঁটা আছে। চৰকাৰৰ মতে, এই বঁটাসমূহৰ লক্ষ্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দেশলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানী, প্ৰযুক্তিবিদ আৰু উদ্ভাৱকসকলক স্বীকৃতি দিয়া।
 
ৰাষ্ট্ৰপতি মুৰ্মুৰ পৰা বিজ্ঞানশ্ৰী বঁটা লাভ কৰা সকলৰ তালিকাত কৃষি বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ঘেঁহু বিজ্ঞানী জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, পাৰমাণৱিক শক্তিৰ বাবে অৱদানৰ বাবে ইউছুফ মহম্মদ শ্বেখ, জৈৱ বিজ্ঞানৰ বাবে কে থাংগাৰাজ, ৰসায়ন বিজ্ঞানৰ বাবে প্ৰদীপ থালাপপিল (আই আই টি মাদ্ৰাজ), অভিযান্ত্ৰিক বিজ্ঞানৰ বাবে অনিৰুদ্ধ পণ্ডিত, পৰিৱেশ বিজ্ঞানৰ বাবে এছ ভেংকট মোহন, গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ বাবে মহান মহাৰাজ আৰু মহাকাশ বিজ্ঞানৰ বাবে জয়ন এনক এই সন্মান প্ৰদান কৰা হয়।
 
কৃষি, জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মহাকাশ বিজ্ঞান, চিকিৎসা বিজ্ঞান আদি ক্ষেত্ৰৰ যুৱ বিজ্ঞানীসকলক বিজ্ঞান যুৱ বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও চি এছ আই আৰ এৰোমা মিছনৰ দলটোৱে বিজ্ঞান দলৰ বঁটা লাভ কৰে। এই দলটোৱে জম্মু-কাশ্মীৰত লেভেণ্ডাৰ মিছন সফলতাৰে ৰূপায়ণ কৰি কৃষকৰ আয় বৃদ্ধিত মূল ভূমিকা পালন কৰিছিল। এই অনুষ্ঠানত বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত কৰ্মৰত ভাৰতীয় বিজ্ঞানীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ এক উল্লেখযোগ্য সুযোগ আছিল।