নতুন দিল্লী
ৰাজ্যসভা অৰ্থাৎ সংসদৰ উচ্চ সদনত ৩৭ জন সাংসদৰ কাৰ্যকাল অন্ত পৰাৰ সময় আহিছে। য’ত এই সাংসদসকলৰ বহুতেই নতুনকৈ কাৰ্যকাল আৰম্ভ কৰিব, আনহাতে বহু নতুন সদস্যও সংসদৰ অংশ হ’ব। শেহতীয়াকৈ ৰাজ্যসভাৰ ৩৭খন আসনলৈ নতুন সদস্যৰ নিৰ্বাচনো সমাপ্ত হৈছে।
বুধবাৰে ৰাজ্যসভাত যিসকল সাংসদৰ কাৰ্যকাল শেষ হ’বলগীয়াসকলৰ বাবে বিদায় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰি সদনত ভাষণ দিয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, সদনত আমি আমাৰ শিক্ষা আৰু দীক্ষা দুয়োটা লাভ কৰো। সদনখন নিজৰ মাজতে এখন বিশাল বিশ্ববিদ্যালয়।সদনলৈ প্ৰতিজন সাংসদেই বৰঙণি আগবঢ়ায়।ইয়াত নতুন সাংসদসকলে জ্যেষ্ঠ সাংসদৰ পৰা শিকিব লাগে।অৱসৰ গ্ৰহণ কৰা সাংসদ সকলেও সদনত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। কাৰণ ৰাজনীতিত কোনো ফুলষ্টপ নাথাকে।
অৱসৰপ্ৰাপ্ত সাংসদসকলক বিদায় দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়—সদনত বহু বিষয়ৰ ওপৰত আলোচনা হয়, আৰু সকলোৱে অতি উল্লেখযোগ্য অৱদান আগবঢ়ায়। বাটত কিছুমান তিতা-মিঠা অভিজ্ঞতাও আছে। অৱশ্যে, যেতিয়া এনে সুযোগৰ সৃষ্টি হয়, তেতিয়া আমি দলীয় ৰেখাৰ ওপৰলৈ উঠি যোৱাটো স্বাভাৱিক আৰু সকলোৰে মাজত এক ভাগ-বতৰা কৰা আৱেগ এটা গঢ় লৈ উঠিল যে আমাৰ সহকৰ্মীসকলে এতিয়া অন্যান্য উল্লেখযোগ্য দায়িত্বলৈ আগবাঢ়িছে।বহু সাংসদে অভিজ্ঞতা লাভ কৰি ইয়াৰ পৰা ওলাই গৈছে, আৰু তেওঁলোকে সমাজ আৰু জনজীৱনত অৰ্থপূৰ্ণ অৱদান আগবঢ়াই যাব।