গুৱাহাটী
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তিনিগৰাকীকৈ ন্যায়াধীশক বদলি কৰা হৈছে৷ দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে এই বদলিত অনুমোদন জনাইছে আৰু ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বদলি কৰা এই তিনিগৰাকী ন্যায়াধীশ হৈছে ক্ৰমে মানস ৰঞ্জন পাঠক, লানুচুংকুম জমিৰ আৰু সুমন শ্যাম৷ ন্যায়াধীশ মানস ৰঞ্জন পাঠকক উৰিষ্য়া উচ্চ ন্যায়ালয়লৈ, লানুচুংকুম জমিৰক কলিকতা উচ্চ ন্যায়ালয়লৈ আৰু সুমন শ্যামক ব'ম্বে উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে৷
এই তিনিগৰাকীকৈ ন্যায়াধীশক বদলি কৰাৰ লগে লগে গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈ পৰিল তিনিটাকৈ ন্যায়াধীশৰ পদ৷ তিনিওগৰাকীকে গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়লৈ ন্যায়াধীশৰূপে বদলি কৰিলেও ইয়াৰ বিপৰীতে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়লৈ কাকো বদলি কৰা হোৱা নাই৷
উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে অৱশ্য়ে এই তিনিগৰাকী ন্যায়াধীশৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ আৰু ১৮ গৰাকী ন্যায়াধীশক বদলি কৰিছে৷ ২৬ মে'ত অনুষ্ঠিত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া কলেজিয়ামে মুঠ এই ২১ গৰাকী ন্যায়াধীশৰ বদলিৰ প্ৰস্তাৱত অনুমোদন জনায়৷ ৰাজস্থান, কৰ্ণাটক, তেলেংগানা, পঞ্জাৱ আৰু হাৰিয়ানা, এলাহাবাদ, দিল্লী, কেৰালা, মাদ্ৰাজ আৰু পাটনা উচ্চ ন্যায়ালয়ৰো কেইবাগৰাকীও ন্যায়াধীশক ৰদবদল কৰা হৈছে৷
উল্লেখ্য যে ২৬ মে'ত অনুষ্ঠিত কলেজিয়ামৰ সেই বৈঠকতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে বদলি কৰাৰ লগতে পাটনা উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰূপে কৰ্মৰত হৈ থকা আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে বদলিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়৷