গুৱাহাটী
দীঘলীয়া সময়ৰ অন্তত অৱষেশত সকলোৰে প্ৰাৰ্থনা শুনিলে বৰুণ দেৱতাই। ধৰালৈ নামি আহিল সকলোৱে বিচৰা এজাক বৰষুণ। এছাটি বতাহে কোবাই যোৱাত সকলোৱে যেন ঈষৎ ঠাণ্ডাও অনুভৱ কৰিছে।
কালিৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বতাহ-বৰষুণ। অহা পাঁচ দিনলৈ ৰাজ্যত ধুমুহা বৰষুণ বিজুলী-ঢেৰেকণি হোৱাৰ সতৰ্কবাণী শুনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন ঠাইত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
বতৰ বিভাগৰ তথ্য অনুসৰি ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ লগতে বতাহ , বিজুলী , বজ্ৰপাত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইফালে, ১৮ আৰু ১৯ মাৰ্চৰ পৰা বতৰৰ অৱস্থা কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে। আনহাতে শুকুৰবাৰৰ পৰা চাৰিদিনলৈ গুৱাহাটী মহানগৰীৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলবোৰত বৰষুণ হোৱাৰ লগতে বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে।
ইয়াৰ মাজতেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা মতে, ১৩-১৬ মাৰ্চলৈ বৰষুণ হোৱাৰ সম্ভাৱনা অধিক। তাৰ বিপৰীতে ১৭–১৮ মাৰ্চত আংশিকভাৱে বতৰ ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত গুৱাহাটী মহানগৰীৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলবোৰৰ সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ২৫ ডিগ্ৰী চেলচিয়াছৰ পৰা ৩০ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব। সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ১৮ ডিগ্ৰী চেলচিয়াছৰ পৰা ২২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰৰ পৰা বিজুলী ঢেৰেকণিৰে বৰষুণ আৰম্ভ হৈছে। প্ৰায় ছয় মাহৰ পিছত বৰষুণজাক অহাত মহানগৰবাসীয়ে স্বস্তিৰ নিঃশ্বাস পেলাইছে। শুকান বতৰ হোৱাৰ লগতে মহানগৰীৰৰ বিভিন্ন প্ৰান্তত চলি থকা চৰকাৰী- বেচৰকাৰী নিৰ্মাণ কাৰ্যৰ ফলত মহানগৰীখনৰ ধূলিৰে ধূসৰিত হৈ পৰিছিল। বৰষুণজাক অহাৰ ফলত ধূলি কমি যোৱাৰ লগতে প্ৰকৃতিও সজীৱ হৈ পৰিছে।