ৰায়পুৰ
নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছে দুৰ্ধৰ্ষ মাওবাদী মাদৱী হিডমা। ছত্তিশগড়-অন্ধ্ৰপ্ৰদেশ সীমান্তৰ আল্লুৰি জিলাৰ ঘন জংঘলত হোৱা সংঘৰ্ষত নিৰাপত্তা বাহিনী আৰু অসামৰিক লোকৰ বিৰুদ্ধে ২৬টাতকৈও অধিক সশস্ত্ৰ আক্ৰমণৰ নেতৃত্ব দিয়া দুৰ্ধৰ্ষ মাওবাদী মাদৱী হিডমা নিহত হয়। এই সংঘৰ্ষত শীৰ্ষ নেতাজনৰ লগতে আন ৬ জন মাওবাদী সদস্য নিহত হৈছে। সমগ্ৰ এলেকাটোত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
অন্ধ্ৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান হৰিশ কুমাৰ গুপ্তাই কয় যে আজি পুৱা ৬ পৰা ৭ বজাৰ ভিতৰত এই সংঘৰ্ষ হয়। এই সংঘৰ্ষত এজন শীৰ্ষ মাওবাদী নেতাকে ধৰি ছজন মাওবাদী সদস্য নিহত হয়। ১৯৮১ চনত মধ্যপ্ৰদেশৰ সুকমাত জন্মগ্ৰহণ কৰা হিডমাই পিপ’লছ লিবাৰেচন গেৰিলা আৰ্মিৰ এটা বেটেলিয়নৰ নেতৃত্ব দিছিল আৰু CPI মাওবাদী দলৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ কনিষ্ঠ সদস্য আছিল। কেন্দ্ৰীয় সমিতিত তেওঁ বাষ্টাৰ অঞ্চলৰ একমাত্ৰ জনজাতীয় সদস্য আছিল। তেওঁৰ মূৰৰ ওপৰত প্ৰশাসনে ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। এই সংঘৰ্ষত তেওঁৰ পত্নী ৰাজে ওৰফে ৰাজাক্কাও নিহত হোৱা বুলি জানিব পৰা গৈছে।
মাওবাদীৰ কেইবাটাও ভয়ংকৰ আক্ৰমণৰ লগত জড়িত আছিল হিডমা। ইয়াৰ ভিতৰত ২০১০ চনত দান্তেৱাড়া আৰু ২০১৩ চনত জিৰাম ঘাটীৰ আক্ৰমণ উল্লেখনীয়। দান্তেৱাড়াৰ আক্ৰমণত ৭৬জন চিআৰপিএফ জোৱানৰ মৃত্যু হৈছিল। জিৰাম ঘাটীত সংঘটিত আক্ৰমণত কংগ্ৰেছৰ শীৰ্ষ নেতাকে ধৰি ২৭জন লোকৰ মৃত্যু হৈছিল। ২০২১ চনৰ সুকমা-বিজাপুৰ এম্বুশ্বত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই এম্বুশ্বত ২২ জন নিৰাপত্তাৰক্ষী নিহত হৈছিল।