প্ৰতিৰক্ষা বাহিনীৰ চলাচলৰ তথ্য পাকিস্তানক ‘যোগান ধৰাৰ' অভিযোগত দুজনক গ্ৰেপ্তাৰঃ মুখ্যমন্ত্ৰী

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
অভিষেক কুমাৰ সিং
অভিষেক কুমাৰ সিং
গুৱাহাটী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানকে -- যাক পিছত চুক্তিভিত্তিকভাৱে পুনৰ নিযুক্তি দিয়া হৈছিল -- ধৰি দুজন লোকক পাকিস্তানক নিৰাপত্তা-সম্পৰ্কীয় তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

কেন্দ্ৰীয় সংস্থাসমূহে যোগান ধৰা তথ্যৰ ভিত্তিত এই দুজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি তেওঁ কয়।

“আজি কেন্দ্ৰীয় সংস্থাসমূহৰ পৰা পোৱা তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱান, কিন্তু বৰ্তমান সেনাবাহিনীত চুক্তিভিত্তিকভাৱে কাম কৰি আছে,” আৰক্ষীৰ এক বিবৃতিৰ জৰিয়তে সংবাদ মাধ্যমক জনোৱা চোৰাংচোৱাগিৰিৰ অভিযোগত হোৱা গ্ৰেপ্তাৰৰ বিষয়ে সোধাত তেওঁ এখন সংবাদমেলত কয়।

“তেওঁলোক পাকিস্তানৰ সৈতে যোগাযোগত আছিল আৰু সেনাবাহিনীৰ চলাচলৰ বিষয়ে তথ্য দিছিল বুলি অভিযোগ উঠিছে। আমি তেওঁলোকক কেন্দ্ৰীয় সংস্থাসমূহৰ হাতত গতাই দিম,” শৰ্মাই লগতে কয়।
প্ৰাৰম্ভিক খবৰ অনুসৰি, তথ্য উলিয়াই লোৱা লোকসকলে দুয়োজনকে প্ৰলোভনৰ জালত পেলাইছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

ইয়াৰ পূৰ্বে দেওবাৰে অসম আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছিল যে বিশেষ কাৰ্যকৰী গোটে (এছ টি এফে) গুৱাহাটীত ভাৰাঘৰত থকা বিহাৰৰ এজন বাসিন্দাক চোৰাংচোৱাগিৰিৰ সৈতে জড়িত কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

প্ৰাৰম্ভিক তদন্তত নিৰাপত্তা বাহিনীৰ সৈতে জড়িত গোপন তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থা (পি আই অ’)ৰ এজন কৰ্মচাৰীক দিয়াকে ধৰি এনে কাৰ্যকলাপত তেওঁৰ জড়িত থকাৰ কথা পোহৰলৈ আহিছে বুলি বিবৃতিটোত কোৱা হৈছে।

অভিযুক্তজনক অভিষেক কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ বিহাৰৰ পূব চম্পাৰণৰ বাসিন্দা।

আৰক্ষীয়ে জনোৱা মতে, তেজপুৰস্থিত গজৰাজ ক'ৰৰ সামৰিক চোৰাংচোৱা বিভাগে সন্দেহজনকজনৰ বিষয়ে প্ৰাথমিক তথ্য যোগান ধৰিছিল।

পি আই অ’ৰ নিৰ্দেশত দেশবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ সন্দেহ কৰা সিঙৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিবলৈ এছ টি এফে শোণিতপুৰ আৰক্ষীৰ সৈতে সমন্বয় স্থাপন কৰে।

“এই তথ্যৰ ভিত্তিত, ৩ আৰু ৪ অক্টোবৰৰ মাজনিশা অসম এছ টি এফে অভিযান চলাই গুৱাহাটীৰ এটা ভাৰাঘৰৰ পৰা ৩১ বছৰীয়া লোকজনক আটক কৰে,” আৰক্ষীয়ে কয়।

অভিযানৰ সময়ত তেওঁৰ পৰা এটা ম’বাইল ফোন, ছিম কাৰ্ড আৰু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰা হয়।

“অধিক তদন্ত অব্যাহত আছে,” বিবৃতিটোত লগতে কোৱা হৈছে।