নিয়ন্ত্ৰণহীন পৰিবেশ বাক্সাত; আৰক্ষীৰ বাহনত অগ্নিসংযোগ প্ৰতিবাদী জুবিন অনুৰাগীৰ

Story by  atv | Posted by  [email protected] • 7 h ago
নিয়ন্ত্ৰণহীন পৰিবেশ বাক্সাত; আৰক্ষীৰ বাহনত অগ্নিসংযোগ প্ৰতিবাদী জুবিন অনুৰাগীৰ
নিয়ন্ত্ৰণহীন পৰিবেশ বাক্সাত; আৰক্ষীৰ বাহনত অগ্নিসংযোগ প্ৰতিবাদী জুবিন অনুৰাগীৰ
 
গুৱাহাটী
 
বাক্সাত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ৫ অভিযুক্তক লৈ আৰক্ষীৰ বাহন উপস্থিত হোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জনতাই আৰক্ষীৰ গাড়ীত অগ্নিসংযোগ কৰিছে। সহস্ৰাধিক ৰাইজে ৰুদ্ৰমূৰ্তি ধাৰণ কৰাৰ পাছতে পৰিস্থিতি ক্ৰমান্বয়ে  নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে।
 
ৰাইজে কৰা শিলাবৰ্ষণ বহুকেইগৰাকী সাংবাদিক গুৰুতৰভাৱে আহত হৈছে। খবৰ আহিছে যে, গুৱাহাটীৰ পৰা যোৱা বহুকেইগৰাকী সাংবাদিক আহত হৈ বৰ্তমান ভৰ্তি হৈ আছে চিকিৎসালয়ত।
 
ইফালে কাৰাগাৰৰ কাষৰীয়া অঞ্চলত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে আৰক্ষীয়ে। পৰিস্থিতি  নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ, লাঠীচালনাৰ লগতে শূণ্যলৈ গুলীচালনাও কৰিছে। ইফালে এনে পৰিস্থিতিৰ মাজতো সাংবাদিকসকলে পালন কৰি আছে কৰ্তব্য। সচেতন মহলে উত্তেজিত জনতাক সংযম ৰাখিবলৈ আহ্বান জনাইছে।
 
পৰিস্থিতিৰ এনে ৰূপ দেখি কৰ্তব্যৰত আৰক্ষীয়ে ক্ষোভিত জনতাৰ ওপৰত লাঠিচালনা কৰিব লগাত পৰে। আহত হোৱা সাংবাদিক এজনৰ নাম বনজিত কলিতা।
 
ইফালে পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছতে জনতাক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে আৰক্ষীয়ে। পৰিস্থিতি ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে প্ৰাণ ৰক্ষা কৰিবলৈ দলঙৰ তলত সোমাবলগীয়া হৈছে কৰ্তব্যৰত আৰক্ষী।
 
মুঠৰ ওপৰত যেনিয়ে পাই তেনিয়ে দৌৰি প্ৰাণ বচাব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে বাক্সা কাৰাগাৰৰ সন্মুখত। উত্তেজিত জনতালৈ লক্ষ্য কৰি গুলী চালনা কৰিবলগীয়া হৈছে আৰক্ষীৰ।