কিৰেন ৰিজিজুক কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পৰা অপসাৰণ; ভূতত্ত্ব মন্ত্ৰালয়ৰ দায়িত্ব

Story by  atv | Posted by  [email protected] • 10 Months ago
কিৰেন ৰিজিজু
কিৰেন ৰিজিজু
 
নতুন দিল্লী

ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত ‘কলেজিয়াম ব্যৱস্থাৰ স্বচ্ছতা’ৰ পৰা আৰম্ভ কৰি সমলিংগ বিবাহৰ আইনী স্বীকৃতিৰ সৈতে জড়িত গোচৰত ‘উচ্চতম ন্যায়ালয়ৰ অধিকাৰ’লৈকে শেহতীয়াকৈ তেওঁ ন্যায়পালিকাক কঠোৰ সমালোচনা কৰিছিল। উচ্চতম ন্যায়ালয়কো একপ্ৰকাৰ ধমকি দিয়া শক্তিশালী মন্ত্ৰী কিৰেণ ৰিজিজুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰে। অৰুণাচলৰ বিজেপি নেতাগৰাকীক আইন মন্ত্ৰীৰ পৰা আঁতৰাই কেন্দ্ৰীয় ভূতত্ত্ব মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে।
 
ৰাজস্থানৰ বিজেপিৰ সাংসদ অৰ্জুন ৰাম মেঘৱালক কিৰেন ৰিজিজুৰ ঠাইত আইন মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা কাৰ্যালয় বদলি সম্পৰ্কীয় অধিসূচনা প্ৰকাশ কৰা হয়।
বিজেপিৰ ভিতৰৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, কিৰেন ৰিজিজুৱে বাৰে বাৰে ৰাজহুৱা স্থানত ক্ষোভ উজৰি থকাত চৰকাৰৰ ভাৱমূৰ্তি বিনষ্ট হৈছিল। ন্যায়পালিকাৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ তীব্ৰ তিৰস্কাৰৰ সন্মুখীন হৈছে তেওঁ। দলীয় সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক অপসাৰণ কৰি উচ্চতম ন্যায়ালয়লৈ ‘ইতিবাচক বাৰ্তা’ প্ৰেৰণ কৰিব বিচাৰিছে।
 
উল্লেখ্য যে, ৰিজিজুৱে শেহতীয়াকৈ এক আলোচনাত কৈছিল, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একাংশ ভাৰত বিৰোধী গোটৰ সদস্য। সেই গোটৰ কাম চৰকাৰৰ বিৰুদ্ধে ন্যায়পালিকাক উচটনি দিয়া! ইয়াৰ পূৰ্বে ৰিজিজুৱে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত কলেজীয়া ব্যৱস্থাত স্বচ্ছতাৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ শুনিব লগা হৈছিল।