গুৱাহাটী
অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা৷ তিনিদিনীয়া কাৰ্যসূচীৰে নাড্ডাই ডিব্ৰুগড, শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ ল’ব৷ মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়তেই নিশোটো কটাব আৰু আগন্তুক দুটা দিনত তেওঁ চৰাইদেউ আৰু শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলৰ লগতে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ ল’ব।
৬ আগষ্টত তেওঁ ডিব্ৰুগড়ৰ পৰা ৰাওনা হ’ব অৰুণাচললৈ। একেদৰে তেওঁ নাগালেণ্ডৰ মন জিলাও ভ্ৰমণ কৰি অসমলৈ অকস্মাতে নামি অহা পানীৰ ধলৰ উৎস বিচাৰিব৷
ইপিনে বানৰ বুজ ল’বলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ সোমবাৰে তেওঁ বানে ধোৱা শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউৰ বহু অঞ্চল পৰিদৰ্শন কৰিছিল৷ আজি মুখ্যমন্ত্ৰীয়ে ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত পলাশনী আৰু পাণবেচা অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল’ব৷
উল্লেখযোগ্য যে, সোমবাৰে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৭ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৭খন জিলাৰ ১.২৮ লাখৰো অধিক লোক বৰ্তমানো বানৰ কৱলত পৰিছে৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সোমবাৰে নিশা প্ৰকাশ কৰা দৈনিক বান সম্পৰ্কীয় বুলেটিনত প্ৰকাশ কৰা অনুসৰি সোমবাৰে বান বিধ্বস্ত শিৱসাগৰ জিলাত এটি শিশুসহ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
ইফালে চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি, বিশ্বনাথ, আৰু লখিমপুৰ জিলাৰ ২৪টা ৰাজহ চক্ৰৰ ৩৮০ খন গাঁৱৰ ১২৮,০৭১ জন লোক বৰ্তমানো বানৰ কৱলত আছে ৷ ৫৪৫৮৫ টা পশুধন বানত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪,২৩০,১৪৮ হেক্টৰ কৃষিভূমি বানত নষ্ট হৈছে।
শিৱসাগৰ জিলাত সৰ্বাধিক ৫৫,২০০গৰাকী জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে চৰাইদেউত ৩৪,০৫০ আৰু যোৰহাটত ২০,২০৯ জন লোক বানত আক্ৰান্ত হৈছে।
প্ৰশাসনে স্থাপন কৰা ৩৮টা সাহায্য শিবিৰত বৰ্তমানো ১১,০৬৬জন গৃহহীন লোকক আশ্ৰয় লৈছে। ইফালে ১৭টা সাহায্য বিতৰণ কেন্দ্ৰও কাৰ্যক্ষম হৈ আছে। গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে।