কৰ্মসংস্কৃতিৰ অপূৰ্ব নিৰ্দেশন: মিস্ত্ৰীৰ সহকাৰী হিচাপে ১৬ জনকৈ স্নাতক ছাত্ৰই আত্ম-সংস্থাপনৰ বাট মুকলি কৰিছে তিনিচুকিয়াত

Story by  Manoj Kumar Ojha | Posted by  Munni Begum • 10 Months ago
কৰ্মসংস্কৃতিৰ অপূৰ্ব নিৰ্দেশন দাঙি ধৰিলে তিনিচুকিয়া ১৬ জনকৈ স্নাতক ছাত্ৰই
কৰ্মসংস্কৃতিৰ অপূৰ্ব নিৰ্দেশন দাঙি ধৰিলে তিনিচুকিয়া ১৬ জনকৈ স্নাতক ছাত্ৰই
 
মনোজ কুমাৰ ওজা 
 
যি সময়ত শিক্ষিত নিৱনুৱাসকলে চৰকাৰী চাকৰি বিচাৰি হাঁহাকাৰ কৰিব লগীয়া হৈছে, তেনে সময়ত উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ষষ্ট ষন্মাসিকৰ ১৬ গৰাকী ছাত্ৰই কৰ্ম সংস্কৃতি আৰু আত্ম-সংস্থাপনৰ বাট মুকলি কৰাৰ এক অপূৰ্ব নিদৰ্শন ডাঙি ধৰিছে।    
 
উচ্চ শিক্ষিত ১৬ গৰাকী যুৱকে স্নাতকৰ চুড়ান্ত পৰীক্ষা শেষ কৰাৰ লগে লগে ৰাজমিস্ত্ৰীৰ সহকাৰী হিচাপে নিজকে নিয়োজিত কৰি ভৱিষ্যতে একো একোজন পৈন্যত স্নাতক ৰাজমিস্ত্ৰীৰূপে গঢ় দিয়াৰ সিদ্ধান্ত লৈছে।  
 
ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অমৰজিৎ শইকীয়া
 
৪২ ডিগ্ৰী চেলচিয়াচৰ প্ৰচণ্ড গৰমক নেওচি ছাত্ৰ কেইজনে  ভৱিষ্যত জীৱনৰ জীৱিকাৰ বাট মুকলি কৰাৰ বাবে আত্মনিয়োগ কৰাৰ দৃশ্যই বহুতকে ভাবিবলৈ বাধ্য কৰিছে যে ভৱিষ্যতে চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খোৱাৰ পৰিৱৰ্তে নিজকে গৃহ নিৰ্মাণৰ ঠিকাদাৰৰূপে নিজকে সংস্থাপিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ছাত্ৰ কেইজনে।  
 
ছাত্ৰ কেইজনে জানিবলৈ দিয়ামতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ অমৰজিৎ শইকীয়াই তেওঁলোকৰ এই পদক্ষেপৰ বাবে উৎসাহ যোগাইছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে কয় যে, মহাবিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে চাকৰিমুখি হোৱাৰ পৰিৱৰ্তে বিভিন্ন কাৰিকৰী ক্ষেত্ৰত নিজকে আত্মনিয়োগ কৰি জীৱিকাৰ বাট মুকলি কৰিব পাৰে, তাৰ বাবে গৃহ নিৰ্মান, ইলেক্ট্ৰীচিয়ান, বিউটিচিয়ান, শিপিনী আদিৰ দৰে কাৰিকৰী কৌশলৰ প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 
 
ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়
 
কেৱল শিক্ষাদানৰ দায়িত্ব পালন কৰি হাত সাবটি বহি নাথাকি শিক্ষানুষ্ঠানখনত শিক্ষা গ্ৰহণ কৰা প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে ভৱিষ্যতে শিক্ষিত নিৱনুৱাৰ তালিকাত নিজৰ নাম লিপিবদ্ধ কৰাৰ পৰিৱৰ্তে বিভিন্ন কাৰিকৰী ক্ষেত্ৰত নিজকে সংস্থাপিত কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি অধ্যক্ষ ডঃ শইকীয়াই আন এক উদাহৰণ ডাঙি ধৰিছে।