পাকিস্তান-চীনৰ তথাকথিত 'সীমান্ত যৌথ আয়োগ'ক নাকচ ভাৰতৰ

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
শেহতীয়াকৈ পাকিস্তান আৰু চীনে গঠন কৰা তথাকথিত ‘সীমা যৌথ আয়োগ’ৰ কাৰ্যকলাপক ভাৰতে বুধবাৰে কঠোৰ ভাষাৰে প্ৰত্যাখ্যান কৰিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে অবৈধভাৱে দখল কৰি ৰখা ভাৰতীয় ভূখণ্ডৰ ওপৰত কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ আইনী অধিকাৰ বা ভিত্তি পাকিস্তানৰ নাই।
 
বুধবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছিল যে পাকিস্তান-চীন সীমা যৌথ আয়োগ আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হৈছে। আনকি, সীমান্ত ব্যৱস্থাপনা, যৌথ সীমান্ত জৰীপ, বাণিজ্যিক আদান-প্ৰদান আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ দৰে বিষয়ত সহযোগিতা বৃদ্ধিৰ বাবে আয়োগৰ প্ৰথমখন বৈঠকো অনুষ্ঠিত হৈছে। ইছলামবাদে এই সমগ্ৰ প্ৰক্ৰিয়াটোক তেওঁলোকৰ ‘বৃহৎ কৃতিত্ব’ বুলি দাবী কৰিছে যদিও ভাৰতে ইয়াক কেৱল এক ‘নাটক’ আখ্যা দিছে। ভাৰতৰ স্পষ্ট স্থিতি হ'ল জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, সেয়েহে চীনে পাকিস্তানৰ সৈতে ভাৰতৰ ভূখণ্ডক লৈ এনে কোনো চুক্তিত আৱদ্ধ হ'ব নোৱাৰে।
 
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঐতিহাসিক প্ৰেক্ষাপট দাঙি ধৰে। তেওঁ স্পষ্ট কৰে যে ১৯৬৩ চনৰ চীন-পাকিস্তান সীমা চুক্তিক ভাৰতে কোনো কালেই স্বীকৃতি প্ৰদান কৰা নাই। উল্লেখ্য যে, এই অবৈধ চুক্তিৰ অধীনতে পাকিস্তানে বিতৰ্কিত শক্সগাম (Shaksgam) উপত্যকাৰ প্ৰায় ৫,১৮০ বৰ্গ কিলোমিটাৰ অঞ্চল চীনক অৰ্পণ কৰিছিল। ভাৰতে আৰম্ভণিৰে পৰাই শক্সগাম উপত্যকাক জম্মু-কাশ্মীৰৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰি আহিছে আৰু তাত চীনে চলোৱা আন্তঃগাঁথনিমূলক উন্নয়ন, যেনে— পথ নিৰ্মাণ আৰু সুৰংগ খন্দা কাৰ্যৰ ধাৰাবাহিকভাৱে বিৰোধিতা কৰি আহিছে।
মুখপাত্ৰগৰাকীয়ে লগতে কয়, "ভাৰতৰ ভূখণ্ডৰ মৰ্যাদা সলনি কৰা বা অবৈধ দখলদাৰীত্বক বৈধতা প্ৰদান কৰাৰ যিকোনো প্ৰচেষ্টাক আমি তীব্ৰ বিৰোধিতা আৰু অগ্ৰাহ্য কৰোঁ। কাৰণ এনে পদক্ষেপে ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ ওপৰত প্ৰত্যক্ষভাৱে আঘাত হানে।" তেওঁ দৃঢ়তাৰে পুনৰ কয়, "ভাৰতীয় ভূখণ্ডক সাঙুৰি চীন আৰু পাকিস্তানৰ মাজত হোৱা যিকোনো তথাকথিত সীমান্ত সহযোগিতা সম্পূৰ্ণৰূপে অগ্ৰাহ্য আৰু ইয়াৰ দ্বাৰা এই অঞ্চলসমূহৰ ওপৰত থকা ভাৰতৰ সাৰ্বভৌমত্বত কোনো প্ৰভাৱ নপৰে।"
 
তাৎপৰ্যপূৰ্ণভাৱে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ মাত্ৰ কেইদিনমানৰ পাছতেই পাকিস্তান আৰু চীনৰ মাজত এই সীমা আয়োগৰ কাম-কাজ আৰম্ভ হৈছে। যোৱা দুবছৰ ধৰি মন্থৰ গতিত আগবাঢ়ি থকা ভাৰত-চীনৰ সম্পৰ্ক উন্নয়নৰ প্ৰক্ৰিয়াটোক এই বৈঠকেই এক নতুন ৰাজনৈতিক গতি প্ৰদান কৰিছিল। ব্ৰিকছ (BRICS) সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে হোৱা এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টভাৱে উল্লেখ কৰিছিল যে আন সকলো দিশত ভাৰত আৰু চীনৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ হ'লে সৰ্বপ্ৰথমে সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰখাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। উল্লেখ্য যে, বৰ্তমানো চীনৰ সৈতে সীমান্তৰ কেইবাটাও স্পৰ্শকাতৰ অংশত ভাৰতৰ সীমা বিবাদ অব্যাহত আছে।
 
পৰিশেষত মুখপাত্ৰ জয়ছোৱালে ভাৰতৰ অখণ্ডতাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰি কয়, "জম্মু-কাশ্মীৰ আৰু লাডাখৰ সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ অভিন্ন আৰু অবিচ্ছেদ্য অংশ হৈ আহিছে, বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব। অবৈধ আৰু বলপূৰ্বকভাৱে দখল কৰি ৰখা ভাৰতীয় ভূখণ্ডক লৈ আপোচ কৰাৰ কোনো অধিকাৰ পাকিস্তানৰ নাই।"