অসমক সহায় কৰিবলৈ সাজু উত্তৰাখণ্ড চৰকাৰ: উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী

Story by  atv | Posted by  [email protected] • 9 h ago
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী
 
নতুন দিল্লী
 
বানপানীৰ ফলত বিধ্বস্ত হোৱা উজনি অসমৰ বানাক্ৰান্তক সহায় কৰিব উত্তৰাখণ্ড চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন যোগে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী মন্ত্ৰীয়ে সহায়ৰ আশ্বাস প্ৰদান কৰে৷ তেওঁ কয়, ‘‘চিন্তা নকৰিব, আমি আপোনালোকৰ লগত আছো৷ চৰকাৰৰ পৰা যিমান যি সম্ভৱ হয় আমি আপোনালোকক সহায় কৰিবলৈ প্ৰস্তুত হৈ আছে৷’’
 
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ৰাজ্যখনৰ ভয়াৱহ বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে বুজ লয়।
উত্তৰাখণ্ডৰ জনসাধাৰণৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ধামীয়ে কয়, "এই কঠিন সময়ত উত্তৰাখণ্ড চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ সমৰ্থন আৰু সহায় আগবঢ়াবলৈ সাজু আছে।" লগতে তেওঁ বানপীড়িত অঞ্চলসমূহ সোনকালে স্বাভাৱিক অৱস্থালৈ পুনৰ ঘূৰি অহাৰ লগতে সকলো নাগৰিকৰ সুৰক্ষা আৰু মংগলৰ বাবেও প্ৰাৰ্থনা কৰে।
 
ইয়াৰ পূৰ্বে চাৰিদিনীয়া উজনি অসমৰ ভ্ৰমণৰ প্ৰথম দিনা অৰ্থাৎ দেওবাৰে ডিব্ৰুগড় জিলাৰ খহনীয়া প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ আই আই টিৰ বিশেষজ্ঞসকলৰ জৰিয়তে ৰাজ্যৰ নদীৰ পাৰৰ খহনীয়াৰ স্থায়ী সমস্যাৰ মোকাবিলা কৰিবলৈ এক ব্যাপক, বিজ্ঞানভিত্তিক আৰু দীৰ্ঘম্যাদী কৌশল ৰচনা কৰিব।
 
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী শৰ্মাৰ উজনি অসমৰ এই ভ্ৰমণৰ সময়ত তেওঁ পুখুৰীজানৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় আৰু ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে। স্থানীয় বাসিন্দাসকলৰ সৈতে মত-বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক অৱগত কৰে যে বিভাগটোৱে ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাবে ৯০ কোটি টকাৰ খহনীয়া প্ৰশমন প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াইছে।