বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনাই উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ 'স্বাস্থ্যজনিত কাৰণত' পদত্যাগ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
জগদীপ ধানখাৰ
জগদীপ ধানখাৰ
নতুন দিল্লী

এক আচৰ্জ্যজনক ঘোষণাত জগদীপ ধনখড়ে সোমবাৰে স্বাস্থ্যজনিত কাৰণত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। ২০২২ চনৰ পৰা এই ভূমিকাত কাৰ্যনিৰ্বাহ কৰি অহা ৭৪ বছৰীয়া ধনখড়ে বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে অধ্যক্ষতা কৰাৰ পিছত এই কথা ঘোষণা কৰে।

উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰকাশ কৰা এখন পত্ৰত ধনখড়ে কয় যে, "স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলিবলৈ মই ইয়াৰ দ্বাৰা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো, যিটো সংবিধানৰ ৬৭(ক) অনুচ্ছেদ অনুসৰি তৎক্ষণাত কাৰ্যকৰী হ’ব।"

উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সন্দৰ্ভত সংবিধানৰ ৬৭ নং অনুচ্ছেদৰ অধীনত জগদীপ ধনখড়ে তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচিত নোহোৱালৈকে কাৰ্যভাৰ গ্ৰহণ কৰি থাকিব।

ৰাষ্ট্ৰপতি, আৰু প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই ধনখড়ে আৰু লিখিছে -- "মই মহামহিম - ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ালৈ তেওঁৰ অদম্য সমৰ্থন আৰু মোৰ কাৰ্যকালত আমি বজাই ৰখা শান্তিপূৰ্ণ সুখকৰ কৰ্ম সম্পৰ্কৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মাননীয় প্ৰধানমন্ত্ৰী আৰু সন্মানীয় মন্ত্ৰী পৰিষদৰ প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। প্ৰধানমন্ত্ৰীৰ সহযোগিতা আৰু সমৰ্থন অমূল্য, আৰু মোৰ সময়ছোৱাত বহু কথা শিকিছো।"
 

 
আজি উচ্চ সদনৰ অধ্যক্ষতা কৰি থকা সময়ত জগদীপ ধনখড়ে কয় যে ন্যায়াধীশ ভাৰ্মাক অপসাৰণৰ বাবে এখন সমিতি গঠন কৰিবলৈ অনুৰোধ জনাই ৰাজ্যসভাৰ ৫০ জনতকৈ অধিক সদস্যৰ স্বাক্ষৰিত এখন পত্ৰ লাভ কৰিছে।

তেতিয়া ধনখড়ে ৰাজ্যসভাৰ সচিব প্ৰধানক নিৰ্দেশ দিয়ে যে "লোকসভাত একেধৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে নে নাই সেইটো জানিবলৈ।"

ধনখড়ে আজি কয় যে, "এই কামটো পদ্ধতি অনুসৰি কৰা হ'ব। যদিহে দুয়োখন সদনত বিভিন্ন দিনত প্ৰস্তাৱ দাখিল কৰা হয়, তেন্তে প্ৰথমে দাখিল কৰা প্ৰস্তাৱটো অকলেই বিবেচনা কৰা হয়। যদি একেদিনাই হয় তেন্তে বিধান বেলেগ বেলেগ।"