নতুন দিল্লী
হিংসা জৰ্জৰ মণিপুৰত শেহকীয়াকৈ এক নতুন উগ্ৰপন্থী আক্ৰমণৰ বাতৰি পোৱা গৈছে। এই আক্ৰমণত দুটি শিশুক নিহত হোৱাৰ লগতে এগৰাকী মহিলা আহত হৈছে বুলি জানিব পৰা গৈছে। আহত মহিলাগৰাকীক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিষ্ণুপুৰ জিলাত সংঘটিত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি ৭ এপ্ৰিলৰ নিশা প্ৰায় ১ বজাত বিষ্ণুপুৰ জিলাৰ এটা ঘৰত কুকি উগ্ৰপন্থীয়ে বোমা আক্ৰমণ কৰে। এই আক্ৰমণত এটি পাঁচ বছৰীয়া ল’ৰা আৰু এটি ছমহীয়া কন্যা শিশু নিহত হয়। এই আক্ৰমণত শিশু দুটিৰ মাতৃ আহত হোৱা বুলি জানিব পৰা গৈছে। বোমা বিস্ফোৰণৰ সময়ত মহিলাগৰাকীয়ে নিজৰ দুটিৰ সন্তানৰ সৈতে শুই আছিল।
উল্লেখযোগ্য যে, ঘটনাৰ পিছতে তিনিওগৰাকীকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োটি শিশুকে মৃত ঘোষণা কৰে। চুৰাচান্দপুৰৰ সমীপৱৰ্তী বিষ্ণুপুৰ জিলাৰ মইৰাং ট্ৰংলাওবি গাঁৱত সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে, মণিপুৰ হিংসাৰ পিছৰে পৰা এই সীমান্ত অঞ্চল কুকি উগ্ৰপন্থীৰ লক্ষ্য হৈ পৰিছে।