গুৱাহাটী
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ দক্ষতা বিকাশৰ জৰিয়তে স্বচ্ছল কৰ্মমুখী পৰিৱেশৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত অহৰহ কাম কৰি অহা স্বেচ্ছাসেৱী ন্যাস “অধ্যায়”ৰ দশম বৰ্ষপূৰ্তি “দশাধ্যায়ঃ নিৰৱধি এক দশকৰ” উপল্যক্ষে যোৱা ১৮ আৰু ১৯ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন হয়।
উল্লেখযোগ্য যে অধ্যায়ে ২০১৬ চনৰ পৰা বৰ্তমানলৈ অসমৰ মেধাৱী তথা আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ- ছাত্ৰীসকলক ক্ৰমে লুইত ফেল' আঁচনিৰ জৰিয়তে ১১৫ জন ফেল’ আৰু লুইত স্ক’লাৰ আঁচনিৰ জৰিয়তে ২৪ জন স্ক’লাৰৰ লগতে দিশাৰ জৰিয়তে চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত অষ্টম শ্ৰেণীৰ পৰা ১৪৯১০ গৰাকী শিক্ষাৰ্থীক কেৰিয়াৰ আৰু মানসিক স্বাস্থ্য সৰ্ম্পকত সহায় কৰি আহিছে।
প্ৰথম দিনাৰ কাৰ্য্যসূচী পুৱাৰ ভাগত অৱসৰপ্ৰাপ্ত আই.পি.এছ আৰু অধ্যায়ৰ ন্যাসৰক্ষী পল্লৱ ভট্টাচাৰ্য, ডাউন টাউন বিশ্ববিদ্যালয়খনৰ সহঃ উপাচাৰ্য ড° নাৰয়াণ চন্দ্ৰ তালুকদাৰ, প্ৰতিষ্ঠাপক আৰু ন্যাসৰক্ষী ৰাহুল বৰকটকী, মেণ্টৰ সুস্মিতা ফুকন, বিকাশ বিজয়ভাৰ্জিয়াৰ উদ্বোধনী ভাষণেৰে সভাখনিৰ আৰম্ভণি হয়।
অধ্যায়ৰ স্মৃতিগ্ৰন্থ “দশাধ্যায়ঃনিৰৱধি এক দশকৰ” উন্মোচনৰ এক মুহূৰ্ত
ইয়াৰ পাছতে অধ্যায়ৰ স্মৃতিগ্ৰন্থ “দশাধ্যায়ঃনিৰৱধি এক দশকৰ” উন্মোচন কৰা হয়। লগতে উপস্থিত থাকে বৰপেটা জিলাৰ District Programme Officer নিৰঞ্জন ওজা আৰু উৰ্মিলা বৰুৱা। দুদিনীয়া কাৰ্য্যসূচীখনত অহা দহ বছৰত বিকশিত অসম তথা ভাৰতবৰ্ষ গঢ়াৰ উদ্দেশ্যেৰে তিনিখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।
এই আলোচনাচক্ৰকেইখনৰ প্ৰথমখন “Technology,Youth and Development” শীৰ্ষক আলোচনাচক্ৰ পল্লৱ ভট্টাচাৰ্যৰ পৰিচালনাত আৰম্ভ হয় আৰু ইয়াত উপস্থিত থাকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হেমন্ত হাজৰিকা, ৱেব এক্স ইণ্ডিয়াৰ ডাইৰেক্টৰ সঞ্জীৱ শৰ্মা। দ্বিতীয়খন আলোচনাচক্ৰ “Rebooting our Careers” পৰিচালনা কৰে সুস্মিতা ফুকনে আৰু অংশ লয় SeSTA-ৰ কাৰ্যবাহী পৰিচালক প্ৰদুৎ ভট্টাচাৰ্য আৰু শিক্ষাবিদ ৰামানুজ গোস্বামীয়ে।
ৰাহুল বৰকটকীৰ পৰিচালনাত তৃতীয়খন “Entrepreneurship and role of youth in Assam development” আলোচনাচক্ৰত অংশ লয় প্ৰশান্ত তালুকদাৰ আৰু হেপ্পীচান ফুডছ প্ৰাঃ লিঃৰ সহঃপ্ৰতিষ্ঠাপক মায়াশ্ৰী বৰুৱাই। তদুপৰি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু বিদ্যাঃ দ্যা লিভিং স্কুলৰ প্ৰতিষ্ঠাপক ড° প্ৰাঞ্জল বুঢ়াগোঁহাইয়ে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে প্ৰেৰণামূলক বক্তৃতা আগবঢ়ায়।
১৯ অক্টোবৰৰ কাৰ্যসূচী আৰম্ভ হয় পুৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাৰে। পৰৱৰ্তী কাৰ্য্যসূচীত সমাজৰ প্ৰতি এক দায়ৱদ্ধতাৰ প্ৰতীকস্বৰূপে ডাউন টাউন চিকিৎসালয়ৰ সহযোগত ৰক্ত দান কেম্পৰ আয়োজন কৰা হয়। দ্বিতীয় দিনাই মানসিক স্বাস্থ্য সম্পৰ্কীয় সভাত তৃষ্ণা দাস আৰু সম্ৰাট ডেকাই শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে বক্তব্য প্ৰদান কৰে। সমগ্ৰ অনুষ্ঠানটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৮০ জন শিক্ষাৰ্থী অংশগ্ৰহণ কৰে।