কণ্টেণ্ট ক্ৰিয়েটৰ আৰু ইউটিউবাৰলৈ সতৰ্কবাণী; বান সাহায্য সংগ্ৰহ কৰা ৫০ একাউণ্ট আছে আৰক্ষীৰ নজৰত

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
উজনি অসমৰ বান পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু চক্ৰই বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰা কাৰ্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বান সাহায্যৰ নামত চলা জালিয়াতিক প্ৰতিহত কৰিবলৈ শেহতীয়াকৈ অসম আৰক্ষীৰ চিআইডিয়ে এক বিশেষ দল গঠন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
 
বৰ্তমান একাংশ লোকে ছ’চিয়েল মিডিয়া, কণ্টেণ্ট ক্ৰিয়েটৰ আৰু ইউটিউবাৰৰ জৰিয়তে বিভিন্ন UPI আইডি আৰু কিউআৰ ক’ড প্ৰচাৰ কৰি সাহায্যৰ নামত ধন সংগ্ৰহ কৰি আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বৰ্তমান তেনে সন্দেহজনক প্ৰায় ৫০টা একাউণ্ট চাইবাৰ চেলৰ বিশেষ নজৰত আছে। এই একাউণ্টসমূহৰ প্ৰতিটো লেনদেনৰ পুংখানুপুংখ তদন্ত কৰা হ’ব।
 
যদি কোনো ব্যক্তিয়ে সাহায্যৰ নামত জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা ধন আত্মসাৎ কৰাৰ প্ৰমাণ পোৱা যায়, তেন্তে তেওঁলোক নিশ্চিতভাৱে আৰক্ষীৰ জালত পৰিব আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে অসম আৰক্ষীয়ে।
 
এই সন্দৰ্ভত আৰক্ষীৰ তৰফৰ পৰা জনসাধাৰণলৈ বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে। নাগৰিকসকলক অনুৰোধ জনোৱা হৈছে যে যিকোনো স্থানলৈ ধন আগবঢ়োৱাৰ পূৰ্বে সংশ্লিষ্ট সংগঠন বা ব্যক্তিজনৰ বিশ্বাসযোগ্যতা আৰু সত্যতা ভালদৰে পৰীক্ষা কৰি লওক। বিশেষকৈ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা সন্দেহজনক একাউণ্টসমূহলৈ পোনপটীয়াকৈ টকা পঠোৱাৰ পৰা বিৰত থাকক।
 
উল্লেখযোগ্য যে, বানপীড়িতক সাহায্য প্ৰদানৰ নামত চলা এই অপৰাধ চক্ৰক দমন কৰিবলৈ অসম আৰক্ষী প্ৰতিশ্ৰুতিবদ্ধ। সন্দেহজনক কাৰ্যকলাপ দেখিলেই তৎক্ষণাৎ অৱগত কৰিবলৈ আহ্বান জনাইছে অসম আৰক্ষীয়ে।