গুৱাহাটী
উজনিত পুনৰ বানপানীৰ আশংকা কৰা হৈছে। আকৌ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট। এৰি দিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেটেৰ পানী। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এই গেট তিনিখন খুলি দিয়া হৈছে।
বৃহস্পতিবাৰে পুৱাৰ তথ্য অনুসৰি প্রতি ছেকেণ্ডত ৯৪ হাজাৰ লিটাৰকৈ পানী এৰিছে নীপকোৱে। উজনি অসমৰ কেইবাখনো জিলাত ভয়াৱহ বান পৰিস্থিতিৰ মাজতেই নীপকোৱে প্ৰথম অৱস্থাত ৪ খনকৈ গেটেৰে পানী এৰিছিল যদিও পৰৱৰ্তী সময়ত বৰষুণ কমাৰ ফলত বন্ধ কৰিছিল এই গেটসমূহ।
কিন্তু বুধবাৰে অসমৰ লগতে নাগালেণ্ডতো অতিপাত বৰষুণ হোৱাৰ ফলত পুনৰ তিনিখনকৈ গেটেৰে নীপকোৱে পানী এৰি দিয়ে। ইয়াৰ ফলত পুনৰ উজনি অসমত বানৰ আশংকা কৰা হৈছে । কিয়নো নীপকোৱে পানী এৰি দিলেই গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ দৈয়াং নৈৰ জলস্তৰ বৃদ্ধি পায়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বিগত ২৪ জুলাইত নীপকোৱে প্ৰথমে দুখন গেটেৰে জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা পানী এৰি দিয়াৰ পাছত নিশালৈ চতুৰ্থখন গেট মুকলি কৰি দিছিল ৷ নিশা প্ৰায় ১১ বজাত দুখন গেট এক মিটাৰকৈ আৰু দুখন গেট ০.৭৫ মিটাৰ কৈ খুলি দিছিল নীপকোৱে।
২৪ জুলাইৰ দিনৰ ১২.২০ বজাত ২নং গেটখন নীপকোৱে মুকলি কৰি দিছিল। তাৰ ঠিক দহ মিনিটৰ পাছতেই ১২.৩০ বজাত ৩নং গেটখনো মুকলি কৰি দিছিল নীপকোৱে। ৭৫ মেগাৱাট ক্ষমতা সম্পন্ন নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকাৰ বাবে জলাধাৰৰ পানীৰ স্তৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে নীপকোৱে এইদৰে পানী মুকলি কৰি আহিছে ৷