ৰাজ্যত বতৰে ল’ব ভয়াৱহ ৰূপ; ১৪ খনকৈ জিলাত পুনৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

Story by  atv | Posted by  [email protected] • 1 d ago
ৰাজ্যত বতৰে ল’ব ভয়াৱহ ৰূপ; ১৪ খনকৈ জিলাত পুনৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী
ৰাজ্যত বতৰে ল’ব ভয়াৱহ ৰূপ; ১৪ খনকৈ জিলাত পুনৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী
 
গুৱাহাটী
 
বিগত কিছুদিনৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হৈ আছে। ইয়াৰ মাজত ৰাজ্যৰ ১৪খনকৈ জিলাত বতৰ বিজ্ঞান পুনৰ সতৰ্কবাণী জাৰি কৰিছে। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালামাৰা আৰু গোৱালপাৰা জিলাত বতৰ বিজ্ঞান বিভাগে আজি অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।
 
বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি ধেমাজি আৰু লখিমপুৰত আজি য়েল্ল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
 
বতৰ বিজ্ঞান বিভাগে আজি অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলা ৪খনত অতিপাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
 
বতৰ বিজ্ঞান বিভাগে আজি য়েল্ল' এলাৰ্ট জাৰি কৰা জিলা ১০খনত অতিপাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।