দেশৰ দ্বিতীয় বৃহত্তম ধাৰ্মিক সম্প্ৰদায় হোৱাৰ পিছতো লোকসভাত মুছলমান সাংসদ কিয় হ্ৰাস পাইছে?

Story by  atv | Posted by  Munni Begum • 1 Months ago
 ছফিয়া ফিৰদৌছ, ৰকিবুল হুছেইন আৰু ইকৰা মুনাৱাৰ হাছান চৌধাৰী
ছফিয়া ফিৰদৌছ, ৰকিবুল হুছেইন আৰু ইকৰা মুনাৱাৰ হাছান চৌধাৰী
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনৰ সময়ত দেশৰ বহু সমষ্টিত মুছলমানৰ ভোট বেংক জয়-পৰাজয়ৰ মূল কাৰক হিচাপে চিহ্নিত হৈছিল। কিন্তু লোকসভাত সম্প্ৰদায়টোৰ প্ৰতিনিধিত্ব লক্ষ্যণীয়ভাৱে বৃদ্ধি হোৱা দেখা নগ'ল। অষ্টাদশ লোকসভালৈ মাত্ৰ ২৪ জন মুছলমান সাংসদ নিৰ্বাচিত হৈছে, যিটো ২০১৯ চনতকৈ দুজন কম। দেশৰ দ্বিতীয় বৃহত্তম ধাৰ্মিক সম্প্ৰদায় হোৱাৰ পিছতো ২০১৪ চনৰ লোকসভাত মুছলমানৰ প্ৰতিনিধিত্ব আটাইতকৈ কম (২২) আছিল। ১৯৮০ চনৰ লোকসভাত মুছলমানৰ সৰ্বোচ্চ সংখ্যা আছিল ৪৯।
 
এইবাৰ লোকসভা নিৰ্বাচনত মুঠ ৭৮ গৰাকী মুছলমান প্ৰাৰ্থী যুঁজত নামিছিল। বিগত নিৰ্বাচনত ১১৫ জন মুছলমান প্ৰাৰ্থীক বিভিন্ন দলে প্ৰক্ষেপ কৰাৰ তুলনাত এইবাৰ সম্প্ৰদায়টোৰ প্ৰাৰ্থী যথেষ্ট হ্ৰাস পাইছে। ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, ২০১৪ চনত বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা বৃহৎ ৰাজনৈতিক দলসমূহে ধৰ্মীয় মেৰুকৰণৰ প্ৰতিদ্বন্দ্বিতাৰ আশংকাত লোকসভা নিৰ্বাচনত মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰা আঁতৰি আহিছে। “বিজেপিয়ে যি ধাৰণা সৃষ্টি কৰিছে তাৰ বাবে ৰাজনৈতিক দলসমূহে মুছলমান প্ৰাৰ্থীক টিকট কমকৈ দিছে,” ইণ্ডিয়ান ৱেলফেয়াৰ পাৰ্টিৰ সভাপতি এছ কিউ আৰ ৰাছুল ইলিয়াছে অলপতে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সমাজবাদী পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ (টিএমচি)ৰ দৰে ইণ্ডিয়া ব্লকৰ গুৰুত্বপূৰ্ণ সদস্যই ২০২৪ চনত পূৰ্বৰ নিৰ্বাচনতকৈ কম সংখ্যক মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। আনকি, কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাতো মুছলমান ব্যক্তিৰ সংখ্যা লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে।২০১৯ চনত ৩৪ জন মুছলমানক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে ২০২৪ চনত কংগ্ৰেছে ১৯ জন মুছলমানক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। একেদৰে, ২০১৯ চনত ১৩ জন মুছলমান প্ৰাৰ্থীৰ তুলনাত টিএমচিয়ে এইবাৰ ৬ জনহে মুছলমান প্ৰাৰ্থীক নিৰ্বাচনত প্ৰক্ষেপ কৰিছিল। সমাজবাদী পাৰ্টিৰ মাত্ৰ চাৰিজন মুছলমান প্ৰাৰ্থী আছিল। ২০১৯ চনত তেওঁলোকে ৮ জন মুছলমান প্ৰাৰ্থীক নিৰ্বাচনী ৰঁণত নমাইছিল। 
 
বহুজন সমাজ পাৰ্টিয়ে ২০২৪ চনত ৩৫ জন মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, যিটো সকলো দলৰ ভিতৰত সৰ্বাধিক আছিল। অৱশ্যে, এয়া ২০১৪ চনৰ ৬১ জনৰ তুলনাত প্ৰায় আধা। উল্লেখ্য যে, ভাৰতত ১৫টা মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টি আছে। তাৰ ভিতৰত পশ্চিম বংগৰ বাহাৰমপুৰ অন্যতম। কংগ্ৰেছৰ জেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ দূৰ্গ হিচাপে পৰিচিত বাহাৰমপুৰত সহজ জয় সাব্যস্ত কৰে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানে। তেওঁ টিএমচিৰ পৰা টিকট লাভ কৰিছিল।
 
অসমৰ ধুবুৰী সমষ্টিৰ পৰা জয়ী হোৱা কংগ্ৰেছৰ ৰকিবুল হুছেইনে মুছলমান প্ৰাৰ্থী হিচাপে দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত প্ৰতিপক্ষক পৰাস্ত কৰিবলৈ সক্ষম হয়। কংগ্ৰেছৰ জেষ্ঠ নেতাজনে ১৪.৭১ লাখ ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী এআইইউডিএফৰ মূৰব্বী মৌলানা বদৰুদ্দিন আজমলক প্ৰায় ১০ লাখ ভোটত পৰাস্ত কৰে। 
 
সমূহীয়াভাৱে নামাজ পঢ়াৰ এক দৃশ্য
 
ছাহাৰানপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী ইমৰাণ মাছুদে ৬৪,৫৪২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে কৈৰানাৰ ২৯ বছৰীয়া সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী ইকৰা হাছান চৌধাৰীয়ে বিজেপিৰ প্ৰদীপ কুমাৰক ৬৯,১১৬ টা ভোটত হৰুৱায়। গাজীপুৰৰ বৰ্তমানৰ সাংসদ আফজল আনছাৰীয়ে ৫.৩ লাখ ভোট লাভ কৰি আসনখন লাভ কৰাৰ বিপৰীতে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে হায়দৰাবাদৰ আসনখন নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ মাধৱী লাথা কম্পেলাক ৩,৩৮,০৮৭ ভোটৰ ব্যৱধানত হৰুৱাই অক্ষুন্ন ৰাখে। 
 
জম্মু আৰু কাশ্মীৰৰ লাডাখ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ হানিফাই ২৭,৮৬২টা ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে আন এজন নিৰ্দলীয় প্ৰাৰ্থী আব্দুল ৰছিদ শ্বেখে জম্মু-কাশ্মীৰৰ বাৰামুল্লা আসনত ৪.৭ লাখ ভোট লাভ কৰি জয়লাভ কৰিবলৈ সক্ষম হয়। উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ মহিবুল্লাই ৪,৮১,৫০৩টা ভোট লাভ কৰি ৰামপুৰৰ আসনত জয়লাভ কৰাৰ বিপৰীতে ছম্ভলত জিয়াঊৰ ৰহমানে ১.২ লাখ ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰে।
 
জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী আসনত নেচনেল কনফাৰেন্সৰ মিঞা আলতাফ আহমেদে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীক পৰাস্ত কৰে। তেওঁ ২,৮১,৭৯৪টা ভোটত জয়ী হয়। শ্ৰীনগৰত এন চিৰ প্ৰাৰ্থী আগা চৈয়দ ৰুহুল্লা মেহদীয়ে ৩,৫৬,৮৬৬টা ভোট লাভ কৰে। ২০২৪ চনত মুছলমান ভোটাৰসকলে অতি সাৱধানে আৰু মৌনভাৱে এখোজ পিছুৱাই গৈ নিজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ভোটদান কৰিছে বুলি এজন ৰাজনৈতিক পৰ্যবেক্ষক আৰু জেষ্ঠ সাংবাদিক ৰাছিদ কিডৱাইয়ে প্ৰকাশ কৰিছে।
 
সমূহীয়াভাৱে ইফটাৰ কৰাৰ এক দৃশ্য
 
উল্লেখ্য যে, এতিয়া লোকসভাৰ মুঠ সদস্যৰ মাত্ৰ ৪.৪২% হৈছে মুছলমান, যিটো সৰ্বকালৰ দ্বিতীয় সৰ্বনিম্ন সংখ্যা। ১৯৮০ চনত অভিলেখ সৃষ্টিকাৰী ৪৯ জন মুছলমান সাংসদ (সদনৰ ৯.০৪%) লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত, ১৯৮৪ চনত ৪৫ জন মুছলমান সাংসদ (সদনৰ ৮.৩%) নিৰ্বাচিত হৈছিল। তেতিয়াৰ পৰা লোকসভাত মুছলমান জনপ্ৰতিনিধিৰ সংখ্যাই কেতিয়াও ৪০ৰ সীমা অতিক্ৰম কৰা নাই। যোৱা তিনিটা লোকসভা নিৰ্বাচনত ২০১১ চনৰ লোকপিয়ল অনুসৰি সামগ্ৰিক জনসংখ্যাত মুছলমানৰ অংশ ১৪% হোৱাৰ পিছতো মুছলমান সাংসদৰ অনুপাত ৫%ৰ তললৈ নামি আহিছে।