আৱাজ - দ্য ভইচ অসম ব্যুৰো
বিবাহৰ বাবে সাজু হৈছে কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী আৰু ব্যৱসায়ী ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰাইহান ভাদ্ৰা। ২৫ বছৰীয়া ৰাইহান ভাদ্ৰাই তেওঁৰ দীৰ্ঘদিনীয়া বান্ধৱী অভিভা বেইগৰ সৈতে বিবাহৰ মন মেলিছে। ইতিমধ্যে আভিভা বেগৰ সৈতে ৰাইহান ভাদ্ৰাই সম্পন্ন কৰিছে বাগদান প্ৰক্ৰিয়া। অভিভা বেইগ এগৰাকী ফটোগ্ৰাফাৰ। তেওঁ ফটোগ্ৰাফী ষ্টুডিঅ' আৰু প্ৰডাকচন কোম্পানী এটেলিয়েৰ-১১ৰ সহ-প্ৰতিষ্ঠাপক। ভাৰতৰ বিভিন্ন মঞ্চত তেওঁৰ কাম প্ৰদৰ্শন কৰা হৈছে।
ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক পৰিয়ালৰ সদস্য ৰাইহান ৰাজীৱ ভাদ্ৰাই ৰাজনীতিৰ বিপৰীতে ফটোগ্ৰাফী আৰু চিত্ৰকলাৰ ক্ষেত্ৰখনত সৃষ্টিশীল কেৰিয়াৰৰ পথ বাচি লৈছে। শিল্পী হিচাপে তেওঁৰ যাত্ৰা কম বয়সকে আৰম্ভ হৈছিল। তেওঁৰ বয়স যেতিয়া সাত বছৰ, তেতিয়াই তেওঁৰ মাতৃ ৱায়ানাডৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই পৰিয়ালৰ ভ্ৰমণৰ সময়ত প্ৰথমবাৰৰ বাবে তেওঁক এটি কেমেৰা হাতত তুলি দিছিল। দ্য ইষ্টেব্লিছডৰ তথ্য অনুসৰি, প্ৰায়ে কৰা ছাফাৰী ভ্ৰমণে তেওঁৰ এই ক্ষেত্ৰখনৰ প্ৰতি তেওঁৰ আগ্ৰহ বৃদ্ধি কৰিছিল। ৰাইহানৰ মাতৃ প্ৰিয়ংকাইও বন্যপ্ৰাণীৰ ফটোগ্ৰাফীও কৰিছিল।
কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী আৰু ব্যৱসায়ী ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰাইহান ভাদ্ৰা
শৈশৱ আৰু পৰৱৰ্তী সময়ত এখন বৰ্ডিং স্কুলৰ ছাত্ৰ হিচাপে ৰাইহানে বন্যপ্ৰাণী আৰু স্কুলৰ অনুষ্ঠানসমূহৰ ফটোগ্ৰাফী কৰিছিল। উত্তৰাখণ্ডৰ জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজস্থানৰ ৰনথম্বোৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সময়ত তেওঁ জীৱ-জন্তুৰ ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ পইণ্ট এণ্ড শ্বু’ট কেমেৰা আৰু কেমকৰ্ডাৰ ব্যৱহাৰ কৰিছিল।
২০১৭ চনত স্কুলৰ অন্তিম বৰ্ষত ক্ৰিকেট খেলি থাকোঁতে ৰাইহান আঘাতপ্ৰাপ্ত হয় আৰু বাওঁ চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলায়। এই আঘাতৰ ফলত তেওঁৰ সোঁ চকুৰ ওপৰত পৰা চাপৰ বাবে তেওঁ প্ৰায় দুবছৰ ধৰি ফটোগ্ৰাফীৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছিল।
২০১৯ চনত ৰাইহানে লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টডিজ (SOAS) ত নামভৰ্তি কৰে, য'ত তেওঁ ৰাজনীতিৰ বিষয়ে অধ্যয়ন কৰে। এবছৰৰ পিছত তেওঁ ফটোগ্ৰাফীলৈ পুনৰ উভতি আহে আৰু অধ্যয়নৰ সমান্তৰালকৈ নিজৰ খৰচ উলিয়াবলৈ কাম কৰা আৰম্ভ কৰে। এই পৰ্যায়ত তেওঁ পৰিৱৰ্তিত ভিজুৱেল দৃষ্টিকোণেৰে ফটোগ্ৰাফীৰ ক্ষেত্ৰখনক নতুনকৈ আৱিষ্কাৰ কৰে।
নতুন দিল্লীৰ বিকানেৰ হাউচত অনুষ্ঠিত 'ডাৰ্ক পাৰ্ছেপচন’ শীৰ্ষকৰাইহান ভাদ্ৰা একক প্ৰদৰ্শনী
২০২১ চনৰ জুলাই মাহত ৰাইহানে তেওঁৰ প্ৰথম একক প্ৰদৰ্শনী 'ডাৰ্ক পাৰ্ছেপচন’ নতুন দিল্লীৰ বিকানেৰ হাউচত অনুষ্ঠিত কৰে। এই অনুষ্ঠানত দেখুওৱা হয় যে আন্ধাৰে কেনেকৈ ধাৰণা সলনি কৰিব পাৰে আৰু সৃষ্টিশীল স্বাধীনতাৰ আনি দিব পাৰে। দৃষ্টিশক্তি হেৰুওৱাৰ অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ এই প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ২০২২ চনৰ ডিচেম্বৰ মাহত তেওঁ 'অনুমানা’ শীৰ্ষক আন এক প্ৰদৰ্শনীও প্ৰদৰ্শন কৰে।
তেওঁৰ তৃতীয় একক প্ৰদৰ্শনী 'উপমনা’ ২০২৪ চনত নতুন দিল্লীৰ বিকানেৰ হাউচত অনুষ্ঠিত হয়। এই প্ৰদৰ্শনীত ইনষ্টলেচন, শব্দ, পোহৰ আৰু চাক্ষুষ কলা ব্যৱহাৰ কৰি তুলনাৰ ধাৰণাটোক অন্বেষণ কৰা হয়, য’ত নিয়ন্ত্ৰণ, নিৰ্বাচন, স্মৃতি, বাধ্যবাধকতা আৰু আৱেগৰ দৰে বিষয়বস্তুসমূহ দাঙি ধৰা হয়। 'উপমনা’ ভাৰতীয় দৰ্শনৰ পাঁচটা 'প্ৰমাণ' বা যুক্তিবিদ্যাৰ ধাৰাৰ ওপৰত আধাৰিত এক পৰিকল্পিত একক প্ৰদৰ্শনীৰ শৃংখলাৰ এটা অংশ, যাক ৰাইহানে এটা দশকৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
ৰাইহানে পল কক্সছেজ, ডেনিয়েল আৰ্চাম, ছাৰাহ ভেন ৰিজ, ৰঘু ৰাই আৰু বাংক্সীৰ দৰে শিল্পীসকলক অনুসৰণ কৰে।মাতৃ প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰদ্বাৰা সদায় অনুপ্ৰাণিত হৈ অহা ৰায়হানে তেওঁৰ ককাদেউতা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আলোকচিত্ৰকৰ্মৰ পৰাও অনুপ্ৰেৰণা লাভ কৰে, যাৰ ছবিসমূহ তেওঁ নিবিড়ভাৱে অধ্যয়ন কৰে।