গুৱাহাটী
গুৱাহাটীত আজি বিশ্ববিখ্যাত ৰেপ গায়ক পোষ্ট মেলনৰ সংগীতানুষ্ঠান। গুৱাহাটীৰ খানাপাৰাত আজি সংগীত পৰিৱেশন কৰিব বিশ্ববিখ্যাত ৰেপাৰগৰাকীয়ে। ভাৰতত প্ৰথমবাৰৰ বাবে মুম্বাইত সংগীতানুষ্ঠান কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে আজি গুৱাহাটীত সংগীতানুষ্ঠান অনুষ্ঠিত কৰিব পোষ্ট মেলনে। এই লৈ সমগ্ৰ অসম তথা উত্তৰ-পূবৰ যুৱক-যুৱতী আৰু শিল্পীসকলৰ মাজত উৎসাহৰ সৃষ্টি হৈছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে স্পষ্ট কৰি দিয়ে যে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে অতি কম খৰচ বহন কৰিব, কিয়নো ব্যক্তিগত পৃষ্ঠপোষকৰ পৰা ইতিমধ্যে অধিকাংশ ধন সংগ্ৰহ কৰা হৈছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শৰ্মাই কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰা এই অনুষ্ঠানটোক মূলতঃ বহিঃৰাজ্যৰ চৰকাৰী সংস্থাই সহযোগিতা আগবঢ়াইছে। এই সমগ্ৰ কাৰ্যসূচীৰ পৃষ্ঠপোষকতা(স্পনছৰ) কৰিছে বাহিৰৰ এটা চৰকাৰী সংস্থাই। ''প্ৰথমে আমি ভাবিছিলো যে চৰকাৰে ধন দিব লাগিব, কিন্তু এতিয়া ব্যক্তিগত পৃষ্ঠপোষকৰ সঁহাৰিৰ বাবে অসম চৰকাৰে খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। হয়তো আমি কিছু পৰিমাণে দিব পাৰো, কিন্তু অধিকাংশ পুঁজি স্পনছৰশ্বিপৰ জৰিয়তে আহিছে", তেওঁ কয়।
এই সংগীতানুষ্ঠানখনক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক অনন্য সুযোগ বুলি অভিহিত কৰি শৰ্মাই কয় যে কেৱল অসমেই নহয়, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ পৰাও কনচাৰ্টলৈ দৰ্শক আহিব বুলি আশা কৰা হৈছে। "আমি ইমানো ডেকা নহয়, গতিকে পোষ্ট মেলন চাবলৈ নাযাওঁ", তেওঁ ধেমালি কৰি কয়। "কিন্তু নিশ্চিতভাৱে, প্ৰথমবাৰৰ বাবে, আমেৰিকা আৰু ব্ৰিটেইনৰ পৰা মানুহ আহিব। পূৰ্বতে আমি শ্বিলঙলৈ এনে অনুষ্ঠানৰ বাবে গৈছিলো, কিন্তু এইবাৰ শ্বিলং, নাগালেণ্ড আৰু ইটানগৰৰ পৰা লোকসকল গুৱাহাটীলৈ আহিছে।’’- তেওঁ পুনৰ কয়।
গুৱাহাটীয়ে যদি আগন্তুক কেইবছৰমানৰ ভিতৰত এই ধৰণৰ বৃহৎ অনুষ্ঠান আয়োজন কৰি থাকে, তেন্তে এই চহৰখনে ভাৰতৰ কনচাৰ্ট পৰ্যটনৰ এক মুখ্য গন্তব্য হিচাপে নিজকে প্রতিষ্ঠা কৰিব পাৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।
তেওঁ কয়, ''৪-৫টা এনে অনুষ্ঠানৰ পাছত মই ভাবো গুৱাহাটী শ্বিলঙৰ দৰে কনচাৰ্ট ইকনমিৰ হাব হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। আজি শ্বিলং সংগীতানুষ্ঠানৰ অৰ্থনীতিৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। অসমৰ বাবে এয়া আৰম্ভণিহে, আৰু আমি বহুদূৰ আগুৱাই যাব লাগিব"।
গ্ৰেমী বঁটাৰ বাবে মনোনীত হোৱা আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ কনচাৰ্টে সমগ্ৰ অসম তথা উত্তৰ-পূবৰ যুৱক-যুৱতী আৰু শিল্পীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে।