যমুনাৰ জলপৃষ্ঠ হ্ৰাস পাইছে, যদিও বানপানীৰ আশংকা শেষ হোৱা নাই: কেজৰিৱাল

Story by  atv | Posted by  Munni Begum • 2 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী   
 
ধাৰাসাৰ বৰষুণ আৰু হাৰিয়ানাৰ হাথনি কুণ্ড বেৰেজৰ পানী এৰি দিয়াৰ ফলত নতুন দিল্লীত যমুনা নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। আগন্তুক দিনত মহানগৰখনত অধিক বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিশেষজ্ঞসকলে সতৰ্কবানী জাৰি কৰিছে যে যদি অধিক বৰষুণ হয় তেন্তে অতিৰিক্ত পানী ওফন্দি উঠিব পাৰে আৰু পানী নিষ্কাশন বাবে সাধাৰণতকৈ অধিক সমযধ্ৰ প্ৰয়োজন হব। পানী জমা হৈ থকাৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব পাৰে। 
 
ৰাজধানী দিল্লীৰ মাজেৰে বৈ যোৱা যমুনা নদীয়ে চলিত সপ্তাহৰ আৰম্ভণিতে ৪৫ বছৰৰ অভিলেখ অতিক্ৰম কৰি আজি পুৱা ২০৭.৬৮ মিটাৰ উচ্চতালৈ জলপৃষ্ঠ বৃদ্ধি পাইছে। জলপৃষ্ঠ হ্ৰাস পোৱাৰ পিছতো দিল্লীৰ বহু অঞ্চল জলমগ্ন হৈ আছে।  
 
জলমগ্ন অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা মানুহ আৰু জীৱ-জন্তু উলিয়াই অনা হৈছে। এবুকুৰ পৰ্যন্ত উচ্চতালৈ পানীৰ স্তৰ বৃদ্ধি পোৱা ঠাইৰ পৰা নাৱেৰে মানুহক উদ্ধাৰ কৰা হৈছে। কোনো কোনো অঞ্চলত বাসিন্দাসকলে খাদ্যৰ নাটনি সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে।  
 
যিকোনো জৰুৰীকালীন অৱস্থাৰ প্ৰতি সঁহাৰি জনাবলৈ আৰু পৰিস্থিতি চম্ভালিবলৈ মীৰুটৰ পৰা দিল্লীলৈ দুটা টাস্ক ফ’ৰ্চ মোতায়েন কৰা হৈছে। মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে যে বানপানীৰ পানী নিষ্কাশনৰ সুবিধাৰ বাবে যমুনা বেৰেজৰ পাঁচখন গেট মুকলি কৰাৰ প্রচেষ্টা অব্যাহত আছে৷ অৱশ্যে বৰষুণ অব্যাহত থাকিলে পৰিস্থিতি স্বাভাৱিক হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হব পাৰে। 
 
আই টি অ’ আৰু ৰাজঘাটকে ধৰি মধ্য দিল্লীৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহ জলমগ্ন হৈ পৰাত সহায়ৰ বাবে সেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক মোতায়েন কৰা হৈছে। আনকি উচ্চতম ন্যায়ালয়ৰ লগতে নিগম বোধ ঘাটৰ দৰে একাংশ শ্মশানও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। 
 
যান-জঁট পৰিচালনা আৰু যাতায়ত কৰা লোকসকলক সহায় কৰিবলৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ৪৫০০ৰো অধিক যান-বাহন কৰ্মী নিয়োগ কৰা হৈছে। সিংহুকে ধৰি চাৰিটা সীমান্তৰে দিল্লীত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া গাড়ীৰ বাহিৰে গধুৰ সামগ্ৰী কঢ়িওৱা বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে। 
 
এই পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অপ্ৰয়োজনীয় চৰকাৰী কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয়সমূহ দেওবাৰলৈকে বন্ধ কৰাৰ নিৰ্দেশ দিছে।