ইমান চাকিনা
ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ ৰমজান হৈছে বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক বিশেষ আৰু পবিত্ৰ সময়। ৰোজা, উপাসনা আৰু আধ্যাত্মিকভাৱে চিন্তা কৰাৰ সময়। মহিলাসকলৰ বাবে এই মাহটো অতি প্ৰত্যাহ্বানমূলক হোৱাৰ উপৰিও পুৰস্কাৰজনকো হয়। এই পবিত্ৰ মাহত মহিলাসকলে কেৱল নিজৰ উপাসনাত মনোনিৱেশ কৰাই নহয়, তেওঁলোকে পৰিয়ালৰ যত্ন লয়, সমাজৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰে আৰু আধ্যাত্মিকভাৱে নিজকে উত্তম কৰাৰ লগতে নিজৰ দৈনন্দিন কাম-কাজো পৰিচালনা কৰে।
ৰমজানৰ সময়ত মহিলাসকলৰ দিনটো সাধাৰণতে সূৰ্য্য উদয়ৰ পূৰ্বেই অৰ্থাৎ ছেহেৰী প্ৰস্তুত কৰাৰ পৰাই আৰম্ভ হয়। ঘৰখনৰ মহিলা গৰাকীয়ে সোনকালে টোপনিৰ পৰা উঠি নিজৰ আৰু পৰিয়ালৰ বাবে স্বাস্থ্যসন্মত আহাৰ তৈয়াৰ কৰে, যাতে দিনটো ৰোজা পালন কৰা প্ৰতিজন সদস্যই শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব পাৰে। এই সময়খিনিত মহিলাসকলে ছেহেৰী প্ৰস্তুত কৰাৰ উপৰিও প্ৰাৰ্থনা আৰু মনে মনে চিন্তা কৰাৰো সুযোগ লাভ কৰে।
সূৰ্য্য উদয় হোৱাৰ পৰা ৰোজা আৰম্ভ হোৱাৰ লগে লগে মহিলাসকলে বহু দায়িত্বৰ মাজত নিজৰ ভাৰসাম্য ৰক্ষা কৰি চলিবলগীয়া হয়। এগৰাকী গৃহিণী হওঁক, ছাত্ৰীয়ে হওঁক বা কৰ্মৰত পেছাদাৰী মহিলায়ে হওঁক, ৰোজাৰ সময়তো তেওঁলোকৰ দৈনন্দিন কাম-কাজবোৰ চলি থাকে। এই কৰ্তব্যসমূহৰ মাজতো তেওঁলোকে কোৰাণ পাঠ কৰা, নামাজ পঢ়া আৰু অন্য উপাসনা কৰাৰ বাবে সময় উলিয়াই।
ৰমজানত নিজৰ কাম আৰু আধ্যাত্মিক অনুশীলনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত এগৰাকী কৰ্মৰত মহিলাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ। কিয়নো তেওঁৰ দিনটো ছেহেৰীৰ পৰাই আৰম্ভ হয় আৰু তাৰ পিছত তেওঁ নিজৰ কামৰ বাবে প্ৰস্তুতি চলাবলগীয়া হয়। কৰ্মক্ষেত্ৰত তেওঁ নিজৰ কাম কৰাৰ সময়তো ধৈৰ্য্য আৰু মনোনিৱেশ কৰিবলগীয়া হয়। বহু কৰ্মস্থলীত ৰমজানত ৰোজা পালন কৰা কৰ্মচাৰীসকলৰ কামৰ সময় হ্ৰাস কৰি বা নামাজৰ বিৰতি দি সহায় কৰে। ভাগৰুৱা অনুভৱ কৰিলেও বহু মহিলাই আল্লাহক স্মৰণ কৰা আৰু কোৰাণ পঢ়াৰ বাবে সময় উলিয়াই লয়। তেওঁলোকে কামৰ পিছত ঘৰলৈ গৈ ইফটাৰ প্ৰস্তুত কৰাত সহায় কৰে আৰু সম্ভৱ হ’লে সন্ধিয়া তাৰাৱীহ নামাজো পঢ়ে।

এগৰাকী গৃহিণীৰ বাবে ৰমজানৰ সময়ছোৱা নিজৰ উপাসনাৰ লগতে পৰিয়ালক সেৱা আগবঢ়োৱাত মনোনিৱেশ কৰা দেখা যায়। গৃহিণীসকলৰ দিনটো ছেহেৰী আৰু ইফটাৰ প্ৰস্তুত কৰা, ঘৰৰ কাম-কাজ পৰিচালনা কৰা, সন্তানক ৰোজা পালন কৰাত সহায় কৰা আদি কাম কৰাত পাৰ হয়। ব্যস্ততাৰ মাজতো তেওঁলোকে নামাজ, কোৰাণ পঢ়া, দান-বৰঙণিৰ বাবে সময় উলিয়ায়। এটা পৰিয়ালত গৃহিণীৰ ভূমিকা খাদ্য প্ৰস্তুত কৰাকৈও বেছি গুৰুত্বপূৰ্ণ পৰিয়ালৰ প্ৰতিজন সদস্যৰ ভাল কামক উৎসাহিত কৰা আৰু ঘৰখনৰ সদস্যসকলে ৰমজানৰ মনোভাৱ প্ৰতিফলিত কৰাটো নিশ্চিত কৰি আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰা।
এগৰাকী ছাত্ৰীৰ বাবে স্কুলৰ শ্ৰেণীকোঠাৰ সময় আৰু উপবাসৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ পৰিকল্পনা থকাটো প্ৰয়োজন। ছাত্ৰীয়ে দিনটো আৰম্ভ কৰে ছেহেৰীৰ পৰা, তাৰ পিছত তেওঁলোক শ্ৰেণীকোঠাত উপস্থিত থাকে। স্কুলৰ সময়ত শ্ৰেণীকোঠাত বহি অধ্যয়ন কৰাৰ লগতে আধ্যাত্মিক লক্ষ্যতো মনোনিৱেশ কৰিবলগীয়া হয়। বহু ছাত্ৰীয়ে বিৰতিৰ সময়খিনি নিৰৱে চিন্তা-চৰ্চা কৰা বা কোৰাণ পাঠৰ বাবে ব্যৱহাৰ কৰে। স্কুলৰ পাছত ইফটাৰ প্ৰস্তুত কৰাত সহায় কৰে আৰু পঢ়া-শুনাত সময় কটায়। স্কুল আৰু ৰোজাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হয়, যদিও ৰমজানৰ ৰোজাৰ প্ৰতি থকা সন্মান আৰু দৃঢ় বিশ্বাসৰ বাবে এইসকলোবোৰ কৰাত সহজ হৈ পৰে।
পবিত্ৰ ৰমজান মানেই কেৱল খাদ্য আৰু পানীৰ পৰা আতঁৰি থকাটোক নুবুজাই। ৰমজান হৈছে আত্মশুদ্ধি আৰু ঈশ্বৰৰ ওচৰ চাপি অহাৰ এক আধ্যাত্মিক যাত্ৰা। মহিলাসকলৰ বাবে আল্লাহৰ সৈতে তেওঁলোকৰ সম্পৰ্ক শক্তিশালী কৰাৰ এক বিশেষ সময়। বহু মহিলাই দাতব্য কামত অধিক গুৰুত্ব দিয়ে, যেনে আৰ্তজনৰ বাবে খাদ্য প্ৰস্তুত কৰা বা সামাজিক কাৰ্যসূচীত সহায় কৰা। ইয়াৰ লগতে গভীৰ চিন্তা-চৰ্চাৰ সময়, য’ত ধৈৰ্য্য, কৃতজ্ঞতা আৰু মমতাই তেওঁলোকৰ আত্মশুদ্ধিত সহায় কৰে।
ঋতুস্ৰাৱ (মাহেকীয়া) হোৱা মহিলাসকলৰ বাবে এই সময়ত ৰোজা আৰু কিছুমান বিশেষ নামাজৰ পৰা ৰেহাই দিয়া হৈছে। তেওঁলোকে ৰোজা ৰাখিব নোৱাৰিলেও অন্য ধৰণৰ উপাসনাত লিপ্ত হ’ব পাৰে, যেনে জিকৰ (ঈশ্বৰক স্মৰণ কৰা) আৰু ইছলামিক শিক্ষা অধ্যয়ন কৰা। এই ব্যৱস্থাই মহিলাসকলে অনুভৱ কৰা শাৰীৰিক প্ৰত্যাহ্বানসমূহৰ পৰা ৰেহাই দিয়াৰ উপৰিও, ইছলাম ধৰ্মটো যে, অতি সহজ আৰু মহিলাৰ প্ৰতি থকা দয়াৰ কথাকে সূচাইছে।
প্ৰতিনিধিত্বমূলক ছবি
মুছলমান মহিলাসকলে ইফটাৰ অতি যত্ন আৰু মৰমেৰে প্ৰস্তুত কৰা দেখা যায়। সূৰ্যাস্ত ওচৰ চাপি অহাৰ লগে লগে মহিলাসকলে অতি যত্নেৰে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰে আৰু প্ৰতিজন মুছলমানৰ ঘৰত একে সময়তে ইফটাৰ প্ৰস্তুত কৰা হয়। ওচৰ-চুবুৰীয়া আৰু আৰ্তজনৰ লগত খাদ্যৰ ভাগ-বতৰা কৰাটো ৰমজানৰ সময়ত সম্প্ৰদায়বোধক শক্তিশালী কৰা এক প্ৰিয় পৰম্পৰা। পাকঘৰৰ ৰন্ধা-বঢ়া কামৰ বাহিৰেও মহিলাসকলে নিজৰ সন্তানক আধ্যাত্মিক সচেতনতাৰ দিশত পথ প্ৰদৰ্শন কৰাত অবিচ্ছেদ্য ভূমিকা পালন কৰে। গল্প কোৱা, ইছলামিক শিক্ষাৰ গুৰুত্ব আৰু উৎসাহজনক ভাল কামৰ জৰিয়তে তেওঁলোকে পৰৱৰ্তী প্ৰজন্মৰ বিশ্বাস আৰু বুজাবুজিক দৃঢ় কৰে।
মহিলাসকলৰ বাবে ৰমজান হৈছে এক বিশেষ অভিজ্ঞতা, যিয়ে আধ্যাত্মিক ভক্তি, তেওঁলোকৰ পৰিয়ালৰ যত্ন আৰু সমাজৰ সেৱাৰ সংমিশ্ৰণ ঘটায়। পৰিয়ালৰ প্ৰতি থকা বিভিন্ন দায়িত্ব পালনৰ মাজতো ভাৰসাম্য ৰক্ষা কৰি ঈশ্বৰৰ উপাসনাৰ সময়৷ ৰোজা আৰু নামাজৰ জৰিয়তে মহিলাসকলে ৰমজানৰ মূল মূল্যবোধসমূহ যেনে- ধৈৰ্য্য, নম্ৰতা আৰু নিজৰ লগতে চৌপাশৰ জগতখনক উন্নত কৰাৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰি তোলে।