মানৱ-হাতী সংঘাত প্ৰশমনৰ উদ্দেশ্যে ১১খন গাঁৱৰ গাওঁৰক্ষী বাহিনীক টৰ্চ লাইট বিতৰণ আৰণ্যকৰ

Story by  atv | Posted by  Munni Begum • 4 Months ago
গাওঁৰক্ষী বাহিনীক টৰ্চ লাইট বিতৰণ আৰণ্যকৰ
গাওঁৰক্ষী বাহিনীক টৰ্চ লাইট বিতৰণ আৰণ্যকৰ
 
গুৱাহাটী
 
মানৱ-হাতী সংঘাত প্ৰশমন আৰু সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী মানৱ-হাতী সংঘাতত আক্ৰান্ত ১১খন গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সদস্যক টৰ্চ লাইট বিতৰণ কৰে।  
 
'ইউ এছ ফিচ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিছ'ৰ সহায় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ সহযোগত বিতৰণ কৰা এই ৰিচাৰ্জযোগ্য টৰ্চ লাইটবোৰৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৱৰ্তী যোগী গাওঁ, ডিফালু বাগিছা, কলাখোৱা গাওঁ, কয়লাখাত গাওঁ, ঢেকীয়াপথাৰ গাওঁ, বৰভেটা-আমলখী, বৰজুৰি বস্তি, মেঠনি বাগিছা, লখৌজান, গেলেকা বালিজা আৰু লক্ষ্মীজুৰিৰ আদি গাঁৱৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত গাওঁবাসী প্ৰত্যক্ষভাৱে উপকৃত হ'ব।
 
আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী তথা আই ইউ চি এন ঐতিহ্য নায়ক ড০ বিভূতি প্ৰসাদ লহকৰে কয়,  "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণী আৰু অন্যান্য সম্পদৰাজি সুৰক্ষিত কৰাত বন বিভাগসমূহৰ সৈতে সমন্বয় ৰক্ষা, বিশেষকৈ ২৪ ঘণ্টাই সতৰ্কতা নিশ্চিত কৰাটো এটা গাওঁৰক্ষী বাহিনীৰ অন্যতম মূল কাম।"
 
টৰ্চ লাইট বিতৰণ অনুষ্ঠানৰ সমন্বয়ক,  আৰণ্যকৰ জ্যেষ্ঠ বিষয়া মানস কুমাৰ ভট্টাচাৰ্য্যই এই টৰ্চ লাইটৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এই লাইটবোৰে নিশা টহলদাৰী গাওঁৰক্ষী বাহিনীৰ সদস্যসকলক মানৱ বসতি থকা অঞ্চলৰ ফালে যোৱা হাতী, গঁড় আদি অন্যান্য বন্যপ্ৰাণী  দেখাত সহায় কৰিব। ইয়াৰ ফলত গাওঁবাসী আৰু বন্যপ্ৰাণী উভয়ৰে সুৰক্ষা আৰু  সহাৱস্থান নিশ্চিত হ’ব।  
 
১৪ আৰু ১৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা দুটা পৃথক কাৰ্যসূচীত গাওঁৰক্ষী বাহিনীৰ মাজত এই লাইটবোৰ বিতৰণ কৰা হয়। এই পদক্ষেপৰ প্ৰতি স্থানীয় কৰ্তৃপক্ষৰ সমৰ্থন প্ৰকাশ কৰি ডেপুটি ৰেঞ্জাৰ অচ্যুত কৃষ্ণ গগৈ আৰু জ্যেষ্ঠ বন বিষয়া শশাংক শইকীয়াই অনুষ্ঠানত অংশগ্ৰহণ কৰে। 
 
উল্লেখ্য যে, টৰ্চ লাইটৰ বিতৰণে সংঘাত প্ৰশমনৰ ক্ষেত্ৰত স্থানীয় লোকসকলক জড়িত কৰাৰ পথ প্ৰশস্ত কৰে। বন্যপ্ৰাণী আৰু মানুহৰ সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে অসম আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলৰ বিভিন্ন অংশীদাৰৰ মাজত আৰণ্যকে বিতৰণ কৰা প্ৰশমন সঁজুলিসমূহৰ ভিতৰত ৰিচাৰ্জেবল টৰ্চলাইট অন্যতম।
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাওঁবাসীৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই  আৰণ্যকক কৃতজ্ঞতা জনাইছে। যোৱা ১৫ ডিচেম্বৰত এক্স'ত দিয়া এটা পোষ্টত তেওঁলোকে কয় "বোকাখাত ৰেঞ্জৰ স্থানীয় লোকসকলৰ সবলীকৰণ! আৰণ্যকক ধন্যবাদ,  আমি আৰু ৮টা গাওঁৰক্ষী বাহিনীক সৌৰ চাৰ্জ লাইট বিতৰণ কৰিছোঁ। আমাৰ এই প্ৰচেষ্টাৰ বাবে এতিয়া মুঠ ১৯খন গাওঁ উজলি উঠাৰ লগতে স্থানীয় লোকসকল সুৰক্ষিত হৈছে। আমি একেলগে অগ্ৰগতিৰ আলোক যাত্ৰা কৰিছোঁ।"