বৰদিনৰ আনন্দ-উল্লাসে সকলোকে আকোৱালি লয়

Story by  atv | Posted by  Munni Begum • 1 Years ago
বৰদিন উপলক্ষে আটকধুনীয়াকৈ সজাই তোলা হৈছে গুৱাহাটীৰ পানবজাৰ ডন বস্ক' স্কুলৰ চৌহদত অৱস্থিত চেইণ্ট যোচেফ কেথলিক গীৰ্জা
বৰদিন উপলক্ষে আটকধুনীয়াকৈ সজাই তোলা হৈছে গুৱাহাটীৰ পানবজাৰ ডন বস্ক' স্কুলৰ চৌহদত অৱস্থিত চেইণ্ট যোচেফ কেথলিক গীৰ্জা
আৰিফুল ইছলাম / গুৱাহাটী
 
আজি পবিত্ৰ বৰদিন। যীশু খ্ৰীষ্টৰ জন্ম দিনটোত বৰদিন উদযাপন কৰিবলৈ প্ৰতি বছৰৰ ২৫ ডিচেম্বৰলৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে। যদিও বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ ধৰ্মীয় উৎসৱ, তথাপি গুৱাহাটীৰ পানবজাৰ ডন বস্ক' স্কুলৰ চৌহদত অৱস্থিত চেইণ্ট যোচেফ কেথলিক গীৰ্জাত সকলো জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নির্বিশেষে এই পবিত্ৰ দিনটো উদযাপন কৰা হয়। 
 
উল্লেখ্য যে, বৰদিন বা খ্ৰীষ্টমাছৰ সৈতে সংগতি ৰাখি পানবজাৰৰ ডন বস্ক' চেইণ্ট যোচেফ কেথলিক গীৰ্জাত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰদিনৰ আগনিশা সকলোৱে মিলি প্ৰাৰ্থনা কৰে আৰু ২৫ ডিচেম্বৰৰ দিনটোত গীৰ্জা চৌহদত ইজনে-সিজনৰ মাজত শুভেচ্ছা আৰু উপহাৰ বিনিময় কৰে। বৰদিন উপলক্ষে বিভিন্ন সংগীতানুষ্ঠানৰো আয়োজন কৰা হয়। এইদৰে, পানবজাৰ চেইণ্ট যোচেফ কেথলিক গীৰ্জাত সকলো ধৰ্মৰ লোক সমবেত হৈ উলহ-মালহেৰে খ্ৰীষ্টমাছ উদযাপন কৰে।
 
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পানবজাৰ ডন বস্ক' স্কুলৰ অধীক্ষক ফাডাৰ ছেবেষ্টিয়ান মেথিওৱে কয়; "সমগ্ৰ বিশ্ববাসীৰ লগতে অসমৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বৰদিন উদযাপন কৰিবলৈ সাজু হৈছে। পানবজাৰ ডন বস্ক স্কুলৰ চৌহদত অৱস্থিত চেণ্ট যোচেফ কেথলিক গীৰ্জাত বর্তমান উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে।  খ্ৰীষ্টমাছ কেৱল মাত্ৰ আনন্দ উদযাপনৰে উৎসৱ নহয়, ই আমাক যীশু খ্ৰীষ্টৰ মানৱ প্ৰেম, সমাজপ্ৰেম আৰু দয়া-মৰম-সহানুভূতিৰ কথাও সোঁৱৰাই দিয়ে। গতিকে, আমি এই উৎসৱত আনন্দ কৰাৰ উপৰিও নিজকে মানৱ জাতিৰ সেৱাৰ প্ৰতি উছৰ্গিত আৰু প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে।'
ফাডাৰ ছেবাষ্টিয়ানে কয়, খ্ৰীষ্টমাছৰ আনন্দই জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে স্পৰ্শ কৰে। চেণ্ট যোচেফ গীৰ্জা প্ৰাংগণত খ্ৰীষ্টমাছৰ দিনাখন প্ৰত্যেক বছৰে বিশাল জনসমাৱেশ প্ৰত্যক্ষ কৰি আহিছো। এই জনসমাৱেশৰ অধিকাংশই কিন্তু খ্ৰীষ্টানধৰ্মী লোক নহয়। আমি অতি আনন্দিত যে, সকলো ধৰ্ম আৰু জাতিৰ লোকে খ্ৰীষ্টমাছৰ প্ৰতি আকৰ্ষিত।
ইফালে, গুৱাহাটী মহানগৰীত বৰদিনক লৈ ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে। ৰং বিৰঙী সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। কোভিড মহামাৰীৰ বাবে বিগত দুই-তিনি বছৰ বৰদিন অনুস্থূপীয়াকৈ আয়োজন কৰাৰ পিছত এইবাৰ সাধাৰণ ৰাইজ তথা ব্যৱসায়ীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। 
 
বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰে উভৈনদী হৈ পৰিছে মহানগৰীৰ বৰদিনৰ বজাৰ
 
'আৱাজ দ্য ভইচ'ৰ আগত শিলপুখুৰীস্থিত এগৰাকী মহিলা ব্যৱসায়ীয়ে কয়; "আমাৰ আয়োজন ২১ নৱেম্বৰৰ পৰাই চলি আছে। এতিয়া শেষ সময়, বিগত দুটা বছৰৰ তুলনাত এইবাৰ ব্যৱসায় ভালেই। সকলো মানুহ ওলাই আহিছে। বৰদিনৰ লগে লগে নতুন বছৰো আহি আছে, গতিকে সকলোৱে একেলগে বৰদিন উদযাপন কৰে। সকলো ধৰ্মৰ মানুহে সামগ্ৰী লৈছে। বৰদিন এটা আনন্দৰ উৎসৱ। প্ৰত্যেক বছৰে নতুন নতুন বস্তু আহে, এইবাৰ নতুন ৰিদ, বেল্ট, চান্টা ক্লজৰ ৪৫ বিভিন্ন প্ৰকাৰ উপহাৰৰ সামগ্ৰী বজাৰলৈ আহিছে। নতুন নতুন ডিজাইনৰ ষ্টাৰ, লাইট এইবোৰ আহিছে।"
উল্লেখযোগ্য যে, বৰদিন মানেই হ'ল আনন্দ উদযাপনৰ মুহূৰ্ত। সুখ-শান্তি, মৰম-ভালপোৱা বিনিময়ৰ উৎসৱ। বৰদিনৰ সৈতে জড়িত হৈ আছে ছান্টাক্লজ বা ফাডাৰ খ্ৰীষ্টমাছে সকলোলৈ উপহাৰ অনাৰ দৰে উপকথা। খ্ৰীষ্টমাছ বুলি ক'লেই সাধাৰণতে সকলোৰে মনলৈ আহে খ্ৰীষ্টমাছ ট্ৰি আৰু পোহৰেৰে ঘৰ সজাই তোলা, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ধৰ্মীয় ৰীতি-নীতি পালন কৰা আৰু বিভিন্ন সুস্বাদু খাদ্যৰ সমাহাৰ ঘটা।
সাধাৰণতে বৰদিন বা খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোক সকলে গীর্জাত গৈ যীশুক স্মৰণ কৰি কেৰল গোৱা দেখিবলৈ পোৱা যায়। অৱশ্যে বিগত দুটা-তিনিটা বৰ্ষত ক'ৰোনা অতিমাৰীয়ে গ্ৰাস কৰা পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বৰদিন উদযাপনৰ বাবে ৰাইজৰ মাজত পূৰ্বৰ সেই হেঁপাহ আৰু উল্লাস পৰিলক্ষিত হোৱা  নাছিল। কিন্তু এইবাৰ পূৰ্বৰ উলহ-মালহেৰে বৰদিন উদযাপনৰ বাবে সম্পূৰ্ণ সাজু হৈছে সমগ্ৰ দেশৰ লগতে গুৱাহাটীবাসী। 
 
চেইণ্ট যোচেফ কেথলিক গীৰ্জাৰ ভিতৰৰ অংশ
 
বিগত দুটা-তিনিটা বৰ্ষত ক'ৰনা সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বৰদিন উদযাপনৰ উৎসাহ পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত ম্লান পৰা পৰিলক্ষিত হৈছিল। ক'ৰনাৰ পৰা ৰক্ষা পৰাৰ বাবে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো এতিয়া সমগ্ৰ বিশ্ববাসীৰে বাবে সাধাৰণ হৈ পৰাৰ মাজতে সকলোৱে অনুষ্টুপীয়াকৈ হ'লেও যীশুৰ জন্মদিন উদযাপন কৰাৰ বাবে সাজু হৈছিল। কিন্তু এই বৰ্ষত তেনেধৰণৰ কোনো দুখৰ কাৰণ নাই বুলি পানবজাৰস্থিত চেইণ্ট যোচেফ কেথলিক গীৰ্জাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।