দহ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ নাগালেণ্ডৰ হর্নবিল মহোৎসৱ

Story by  atv | Posted by  Munni Begum • 7 Months ago
 হর্নবিল মহোৎসৱৰ প্ৰতিনিধিত্বমুলক ফটো
হর্নবিল মহোৎসৱৰ প্ৰতিনিধিত্বমুলক ফটো
 
কিছামা
 
নাগালেণ্ড ৰাজ্যৰ ৬০ সংখ্যক প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি নগাসকলক পুৰাতন ঐতিহ্য, চহকী পৰম্পৰা তথা বর্ণিল লোককৃষ্টিৰে শুকুৰবাৰৰ পৰা নগা ঐতিহ্য গাঁও কিছামাত ব্যাপক উৎসাহ-উদ্দীপনাৰে আৰম্ভ হৈছে ২৪ সংখ্যক হর্নবিল মহোৎসৱ। ক'হিমা সচিবালয়ৰ বাকৰিত ৬০ সংখ্যক নাগালেণ্ড ৰাজ্যৰ প্রতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী নেইফিউ ৰিঅ'ৱে নাগালেণ্ডক সকলো দিশতে উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ নগা জনসাধাৰণক আহ্বান জনায়। 
 
ইফালে, নাগালেণ্ডৰ সংস্কৃতি আৰু পর্যটন বিভাগৰ উদ্যোগত কিছামাত নগা ঐতিহ্য গাঁৱত আৰম্ভ হোৱা দহদিনীয়া হর্নবিল উৎসৱ উদ্বোধন কৰে ভাৰতস্থ আমেৰিকাৰ বাষ্ট্রদূত এৰিক গাৰচেট্টিয়ে। আনহাতে ভাৰতত থকা ব্রিটিছ উচ্চাযুক্ত এলেক্স এলিছ, কলম্বিয়াৰ ৰাষ্ট্রদূত ড° ভিক্টৰ ইচেভেৰী জাৰামিলো আৰু জার্মান কনছুল জেনেৰেল (কলকাতা) বার্বাৰা ভচে এই উৎসৱত সন্মানীয় অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত শোভা বঢ়াব। 
 
২৪ সংখ্যক হর্নবিল উৎসৱৰ উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ দি নেইফিউ ৰিঅ'ৱে কয় যে এই উৎসৱে নগা জীৱন পদ্ধতিক প্রতিনিধিত্ব কৰে, য'ত সকলো জনজাতি আৰু উপ-জনজাতি, স্থানীয় সম্প্রদায়, বেচৰকাৰী সংস্থা আৰু চৰকাৰ সম্মিলিত হয়। তেওঁ কয়-নগা ঐতিহ্যৰ সমৃদ্ধি আৰু স্বকীয়তাক পুনৰুজ্জীৱিত সংৰক্ষণ কৰিবলৈ আহবান জনায়। 
 
ৰিঅ'ৱে কয় যে বছৰ বছৰ ধৰি এই হর্নবিল উৎসৱে নিজৰ প্ৰাৰম্ভিক সীমাবদ্ধতা অতিক্রম কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উৎসৱত পৰিণত হৈছে। মুখ্যমন্ত্রীয়ে অংশীদাৰ দেশ আমেৰিকা, জার্মানী আৰু কলম্বিয়াৰ লগতে অংশীদাৰ ৰাষ্ট্ৰ অসমৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে। এই সহযোগিতাই সম্পর্ক শক্তিশালী কৰিব।  
 
আনহাতে নাগালেণ্ডৰ ৰাজ্যপাল লা গনেছানে কয় যে হর্নবিল উৎসৱ এনে এক উৎসৱ য'ত পৰম্পৰাই আধুনিকতাক আঁকোৱালি লয়। উদ্যাপনসমূহে কেৱল নগা ঐতিহ্যৰ চহকী মিশ্রণকে প্রদর্শন কৰাই নহয়, বৈচিত্র্যই ঐক্যৰ মনোভাৱকো মূর্ত কৰি তুলিছে, আৰু ই নগাসকলৰ চিৰস্থায়ী মনোভাৱ আৰু তেওঁলোকৰ গভীৰ শিপাই থকা পৰম্পৰাৰ প্ৰমাণ। ই কেৱল উৎসৱৰ সীমা অতিক্রম কৰি সাংস্কৃতিক উচ্ছলতাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰি নগা আতিথ্যত নিমগ্ন হ'বলৈ আৰু ইয়াৰ বৈচিত্র্যময় সংস্কৃতিৰ সাক্ষী হ'বলৈ বিশ্বক মুকলি আমন্ত্রণ প্রদান কৰে।  
 
হর্নবিল উৎসৱত ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্রদূত এৰিক গাৰচেট্টি, ভাৰতত থকা ব্রিটিছ উচ্চাযুক্ত এলেক্স এলিছ, ভাৰতত থকা কলম্বিয়াৰ ৰাষ্ট্রদূত ড° ভিক্টব ইচেভেৰী জাৰামিলো, ভাৰতত থকা জার্মান কনছুল জেনেৰেল বাৰ্বাৰা ভচ এই মহোৎসৱৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে ২৪ সংখ্যক হর্নবিল উৎসৱত অংশীদাৰ হিচাপে আছে আমেৰিকা যুক্তৰাষ্ট্র, জার্মানী আৰু কলম্বিয়া আৰু চুবুৰীয়া অসম। 
 
ইফালে টাস্ক ফর্চ ফৰ মিউজিক এণ্ড আর্টছে অনুষ্ঠিত কৰা হর্নবিল মিউজিক ফেষ্টিভেলৰ মূল মঞ্চত বিশ্বৰ বিভিন্ন দেশৰ ৪০ টা সংগীত বেণ্ড আৰু ৮০০ গৰাকী শিল্পীয়ে ৰক সংগীত পৰিবেশন কৰিব। এই সংগীত ফেষ্টিভেলত জার্মানী, আমেৰিকা, কলম্বিয়া, দক্ষিণ কোৰিয়া, নাগালেণ্ড তথা উত্তৰ-পূবৰ বেণ্ডসমূহে অংশগ্রহণ কৰিব। প্রথমবাৰৰ বাবে ৰাজ্যিক প্রাণী মেঠোন আৰু নাগালেণ্ডৰ গ্ৰাম্য অঞ্চলৰ থলুৱা জাতৰ গাহৰি প্রদর্শন কৰা হ'ব। তদুপৰি নাগালেণ্ডৰ চহকী মৌপালন পৰম্পৰা প্রদর্শন কৰা হ'ব। 
 
১০ দিনীয়া এই উৎসৱত নাগালেণ্ডৰ ১৮ টা সাংস্কৃতিক দলৰ দৈনিক লোকনৃত্য পৰিবেশন কৰিব। নাগালেণ্ডত নির্মিত থলুৱা সামগ্রী বিক্রী, হস্ততাঁত আৰু হস্তশিল্প, শিল্পকর্ম, কৃষি আৰু মিত্রশিল্প, উদ্যান শস্য, পৰম্পৰাগত শিল টানি অনুষ্ঠান, চলচ্চিত্র মহোৎসৱ, ফটো ফেষ্ট, অফ ৰোড, নিশাৰ কার্নিভেল, জুকু উপত্যকাৰ অভিজ্ঞতা, গাঁও বা ঐতিহ্য খোজ, কিডছ কার্নিভেল, ক্রীড়া উৎসৱ অনুষ্ঠিত হ'ব। হর্নবিল মহোৎসৱত নাগালেণ্ডৰ 'সকলো জাতিগত, বৈচিত্র্য আৰু পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য' প্রদর্শিত হৈ আহিছে।