চাহ-প্ৰেমীৰ বাবে ৩ খন অপৰিহাৰ্য গ্ৰন্থ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

"চাহ" শব্দটো শুনাৰ লগে লগে আপোনাৰ মনলৈ কি কথা আহে বাৰু ? নিশ্চয় চাহৰ সৈতে জড়িত বিভিন্ন সৰু-ডাঙৰ কাহিনীবোৰৰ কথা আপোনাৰ মনলৈ আহে ! সভ্যতাৰ আৰম্ভণিৰ পৰাই মানুহক একত্ৰিত কৰাত এই চাহে এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।
 
ই এনে এক পানীয়, যিয়ে মানহক একত্ৰিত কৰে আৰু মানুহৰ অকথিত কাহিনী আৰু গোপনীয়তাবোৰ বন্ধু তথা আত্মীয়ৰ সৈতে মুকলিকৈ ভাগ বতৰা কৰাটো সহজ কৰি তোলে। চাহ পান কৰোঁতে আমাৰ মাজত আন্তৰিকতা বৃদ্ধ পায় আৰু সকলো কথা মুকলিকৈ পাতিব পাৰো। 
 
চাহ হৈছে এক আৱেগ। চাহ সেৱন আৰু ইয়াৰ উষ্ম অনুভৱে প্ৰতিগৰাকী ভাৰতীয়ক গভীৰ সন্তুষ্টি দিয়ে। চাহে ভাৰতীয় পৰিয়ালক সংযুক্ত কৰে। ইজনে-সিজনক ভালকৈ বুজাত সহায় কৰে। 
 
পৰিয়ালৰ সকলোৰে পচন্দৰ পানীয় চাহক লৈ বিভিন্ন সময়ত বহু কেইজন লেখকে কেইবাখনো সুন্দৰ গ্ৰন্থ ৰচনা কৰিছে। চাহপ্ৰেমীৰ বাবে তেনে ৩খন গ্ৰন্থৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে। সকলো চাহপ্ৰেমীয়ে এই তিনিখন গ্ৰন্থ অধ্যয়ন কৰিব পাৰে। ইয়াৰ ভিতৰত প্ৰথমেই নাম উল্লেখ কৰিব লাগিব পল্লৱী নিগম সাহাৰ A Sip in Time নামৰ ৰেচিপী গ্ৰন্থখন। শেহতীয়াকৈ প্ৰকাশ পোৱা গ্ৰন্থখনত ভাৰতৰ সকলো সৰ্বশ্ৰেষ্ঠ চাহ আৰু চাহ খোৱাৰ সময় বৰ্ণনা কৰা হৈছে। 
 
 
৬০ বিধ সুস্বাদু ব্যঞ্জন আৰু ৰেচিপিৰ সৈতে এই কিতাপখনে আপোনাক অধিক চাহৰ সন্ধান দিব। আপুনি অধিক চেনী থকা চাহ, চেনী-বিহীন গাখীৰ চাহ বা ট্ৰেণ্ডিং কেমোমাইল আৰু দাৰ্জিলিং চাহৰ অনুৰাগী হ'লেও কোনো কথা নাই, কিতাপখনত সকলোৰে বাবে উপযোগী তথ্য আছে। সকলো বয়স আৰু পটভূমিৰ লোকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখন লিখা হৈছে। উল্লেখ্য লেখিকা পল্লৱী নিগম এগৰাকী অড্ৰক চাহ প্ৰেমিক আৰু তেওঁ চাহত নেমু মিহলাই দি ভাল পায়।
 
কিতাপখনত লেখিকাগৰাকীয়ে উজনি অসমৰ ঘন অৰণ্যময় অঞ্চললৈ যাত্ৰা কৰাৰ সময়ত ভাৰতৰ প্ৰথম ব্ৰু ওৰফে ফালাপ আৱিষ্কাৰ কৰাৰ কথা কৈছে। তেওঁ চাহৰ ঔষধি গুণাগুণৰ বিষয়েও কয়, কিয়নো কাধাই-ঔষধি মিশ্ৰণে চাহক আধাৰ হিচাপে ব্যৱহাৰ কৰি কেইবাটাও ৰোগ নিৰাময় কৰে বুলি বিশ্বাস কৰা হয়।
 
উল্লেখ্য যে, তেওঁৰ চাহৰ ৰেচিপিৰ কিতাপখনৰ এটা মূল উপাদান হৈছে নষ্টালজিয়া। মুম্বাইৰ কাটিং চাহৰ পৰা আৰম্ভ কৰি হাৰিয়ানাৰ খাডী চামাচ ৱালি চাহলৈকে সকলো কথাই তেওঁ গ্ৰন্থখনত উল্লেখ কৰিছে। পল্লৱী এগৰাকী লেখক, স্তম্ভলেখক আৰু টেলিভিছন শ্ব’ৰ আয়োজক। ২০১৭ চনত প্ৰকাশিত তেওঁৰ প্ৰথমখন গ্ৰন্থ দ্য ভোজপুৰী কিচেনে ইজি হোম ৰেচিপিছ শাখাত ভাৰতৰ শ্ৰেষ্ঠ গ্ৰন্থৰ গৌৰমাণ্ড কুকবুক বঁটা লাভ কৰাৰ লগতে ইণ্ডিয়া টুডেৰ দ্বাৰা 'culinary treasures of 2017'ৰ ভিতৰত স্বীকৃতি লাভ কৰে।
 
দ্বিতীয়খন গ্ৰন্থ হ'ল অ'কাকুৰা কাকুজোৰ The Book of Tea। যদি আপুনি ৰেচিপিৰ কিতাপ বিচৰা নাই আৰু চাহৰ ইতিহাসৰ বিষয়ে আকৰ্ষণীয় তথ্য জানিব বিচাৰে, তেন্তে আপুনি এই কিতাপখন ক্ৰয় কৰা উচিত। 'দ্য বুক অৱ টি'ত জনপ্ৰিয় লেখিকা অ'কাকুৰা কাকুজোৱে চীনত ঔষধ হিচাপে পৰিচিত চাহ জাপানত কেনেকৈ ধৰ্মলৈ গতি কৰিলে, সেই বিষয়ে অন্বেষণ কৰিছে।
 
The Book of Tea গ্ৰন্থখন চাহৰ ইতিহাস নহয়। ইয়াত মানৱতাৰ ইতিহাস আছে আৰু পূব-পশ্চিমৰ মূল্যবোধ কেনেকৈ একত্ৰিত হয়, তাৰ বৰ্ণনা আছে। কাব্যিকভাৱে লিখা এই গ্ৰন্থখন জাপান ভ্ৰমণলৈ অহা আৰু চাহ অনুষ্ঠানৰ আঁৰৰ কাৰণ সম্পৰ্কে অধিক জানিব বিচৰাসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
 
উল্লেখ্য যে, কাকুজো আছিল এজন জাপানী পণ্ডিত আৰু শিল্প সমালোচক, যিয়ে মেইজি পুনৰুদ্ধাৰ সংস্কাৰৰ যুগত পৰম্পৰাগত ৰূপ, ৰীতি-নীতি আৰু বিশ্বাসৰ ৰক্ষা কৰিছিল। জাপানৰ বাহিৰত তেওঁ মূলতঃ এই গ্ৰন্থখনৰ বাবে বিখ্যাত।
 
 
ইফালে, মাৰিয়া উস্পেনস্কি আৰু ডাঃ মেৰী এল হেৰীৰ "Cancer Hates Tea" নামৰ গ্ৰন্থখন ২০১৭ চনত শ্ৰেষ্ঠ চাহ প্ৰকাশন ২০১৭ বিশ্ব চাহ বঁটাৰ বাবে বাছনি লাভ কৰিছে। লেখিকা মাৰিয়া উস্পেনস্কি হৈছে অন্যতম জনপ্ৰিয় চাহৰ দোকান দ্য টিৰ প্ৰতিষ্ঠাপক। 
 
গ্ৰন্থখনে পাঠকক কোষীয় পৰ্যায়ত মানৱ শৰীৰৰ জীৱবিজ্ঞান আৰু কৰ্কট ৰোগে ইয়াক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে বুজিবলৈ সহায় কৰে। চাহৰ চাৰিওফালে ই এক অস্বাভাৱিক পঢ়া যিটো চাহ প্ৰেমীসকলে নিশ্চিতভাৱে আকৰ্ষণীয় বুলি বিবেচনা কৰিব। লেখকে এই কিতাপখনৰ জৰিয়তে ৫,০০০ বৈজ্ঞানিক অধ্যয়নৰ সমৰ্থিত চাহৰ নিৰাময় শক্তিৰ বিষয়ে ব্যাখ্যা কৰিছে, যাৰ ফলত পাঠকক নিজৰ সুস্থতাৰ ওপৰত নিয়ন্ত্ৰণৰ অনুভৱ কৰাইছে। কিতাপখনে পাঠকক পুৰণি পানীয়ৰ অভ্যাসবোৰক অভাৰহ’ল কৰিবলৈ অনুপ্ৰাণিত কৰে।
 
এই কিতাপখনে নিশ্চিতভাৱে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব কাৰণ ই অধ্যয়ন আৰু বহুতো আচৰিত ৰেচিপিৰ দ্বাৰা সমৰ্থিত সুস্থতাৰ উল্লেখৰ সৈতে এক আচৰিত চাহৰ কাহিনী বৰ্ণনা কৰিছে।