যোগৰ পৰা লাভ কৰা শান্তি ব্যক্তিকেন্দ্ৰিক নহয়, ই সমাজলৈ শান্তি আনে : প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 1 Years ago
মহীশূৰত যোগ দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
মহীশূৰত যোগ দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
মহীশূৰ

বহু ঐতিহ্যৰে ভৰপূৰ কৰ্ণাটকৰ মহীশূৰ চহৰত আজি অনুষ্ঠিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাসান প্ৰদৰ্শন কৰে। তেওঁ সকলোকে যোগ দিৱস শুভেচ্ছা জ্ঞাপন কৰি কয় যে যোগাসনে সমাজত শান্তিৰ বাৰ্তা বিলায়।
 
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অষ্টম সংস্কৰণৰ মূল অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, "মই অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সকলোকে শুভেচ্ছা জনাইছো। আজি বিশ্বৰ সকলো প্ৰান্ততে যোগাভ্যাস কৰা হৈছে। যোগে আমাৰ সমাজলৈ শান্তি আনিছে। যোগৰ পৰা লাভ কৰা শান্তি কেৱল ব্যক্তিকেন্দ্ৰিক নহয়, ই আমাৰ দেশ আৰু বিশ্বৰ বাবে শান্তি আনিছে।"
 
মোদীয়ে কয় যে যোগ কেৱল কোনো ব্যক্তিৰ বাবেই নহয়, সমগ্ৰ মানৱতাৰ বাবে। "যোগ কেৱল কোনো ব্যক্তিৰ বাবেই নহয়, সমগ্ৰ মানৱজাতিৰ বাবে। এইকাৰণেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এইবাৰৰ বিষয়বস্তু হৈছে 'মানৱতাৰ বাবে যোগ'," প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
 
মহীশূৰত অনুষ্ঠিত যোগ দিৱসৰ দৃশ্য
 
"এই গোটেই বিশ্বব্ৰহ্মাণ্ড আমাৰ নিজৰ শৰীৰ আৰু আত্মাৰ পৰা আৰম্ভ হয়। বিশ্বব্ৰহ্মাণ্ড আমাৰ পৰা আৰম্ভ হয়। যোগে আমাক আমাৰ ভিতৰৰ সকলো বস্তুৰ বিষয়ে সচেতন কৰি তোলে আৰু সজাগতাৰ অনুভূতি গঢ়ি তোলে," তেওঁ কয়।
 
বিষয়টো যথেষ্ট আলোচনা আৰু পৰামৰ্শৰ পিছত বাছনি কৰা হৈছে আৰু ই সঠিকভাৱে চিত্ৰিত কৰিছে, কেনেদৰে ক'ভিড-১৯ মহামাৰীৰ শীৰ্ষত, যোগে দুখ-কষ্ট দূৰ কৰাত মানৱজাতিক সেৱা আগবঢ়াইছিল আৰু ক'ভিডৰ পিছৰ ভূ-ৰাজনৈতিক পৰিস্থিতিতো, ই সহানুভূতি, দয়া, একতাৰ অনুভূতি বৃদ্ধি আৰু সমগ্ৰ বিশ্বৰ লোকসকলৰ মাজত স্থিতিস্থাপকতা গঢ়ি তুলিব।
 
যোগ দিৱসত অংশগ্ৰহণ কৰি যোগাসন কৰিছে এটি কণমানিয়ে 
 
মহীশূৰত প্ৰধানমন্ত্ৰীৰ যোগ কাৰ্যসূচী 'গাৰ্ডিয়ান যোগ ৰিং' নামৰ মহৎ কাৰ্যসূচীৰ অংশ, যি হৈছে ৭৯ খন দেশ আৰু ৰাষ্ট্ৰসংঘৰ সংগঠনৰ মাজত বিদেশত থকা ভাৰতীয় মিছনসমূহৰ সৈতে এক সহযোগিতামূলক অনুশীলন। যাতে যোগৰ একত্ৰীকৰণ শক্তিক বৰ্ণনা কৰা যায় আৰু যিয়ে ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰে। 
 
উল্লেখ্য যে, ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ প্ৰতি লক্ষ্য ৰাখি আয়ুষ মন্ত্ৰালয়ে এইবাৰ যোগ দিৱস উদযাপনৰ বাবে দেশৰ ঐতিহ্যপূৰ্ণ ৭৫ টা স্থান চিনাক্ত কৰে। বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীয়ে এই অনুষ্ঠানত উপস্থিত থাকে।
 
বহু লোকৰ মাজত যোগাসন কৰা মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদী
 
আয়ুষ মন্ত্ৰালয়ৰ মতে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি সমগ্ৰ বিশ্বত প্ৰায় ২৫ কোটি লোকে যোগাসনত অংশ ল’ব। ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ধাৰণাৰ উল্লেখ কৰিছিল।
 
ভাৰতৰ দ্বাৰা গৃহীত খচৰা প্ৰস্তাৱটো ১৭৭ খন ৰাষ্ট্ৰই সমৰ্থন কৰিছিল। সাৰ্বজনীন স্বীকৃতি আৰু যোগৰ বৰ্ধিত জনপ্ৰিয়তাক স্বীকৃতি জনাই ২০১৪ৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। সেই অনুসৰি, প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২১ জুন, ২০১৫ তাৰিখে উদযাপন কৰা হৈছিল। ইয়াৰ পূৰ্বে, যোগ গুৰু বাবা ৰামদেৱে হৰিদ্বাৰৰ পতঞ্জলি যোগপীঠত যোগ প্ৰদৰ্শন কৰিছিল। অনুষ্ঠানটোত বহুতো শিশু আৰু আন লোক উপস্থিত আছিল।
ইফালে, সমগ্ৰ বিশ্বৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। ডিব্ৰুগড় জিলাৰ চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগাসন প্ৰদৰ্শন কৰে। 
তেওঁ কয় যে যোগ হৈছে ভাৰতৰ প্ৰাচীনতম সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ৷ ই শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া৷ যোগে প্ৰাণৰ সঞ্চাৰ কৰে। মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায়৷ মন-চিত্ত স্থিৰ কৰি ৰাখিবলৈ যোগাভ্যাস অত্যন্ত জৰুৰী৷ 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰীসকলৰ লগত যোগাসন কৰা মুহূৰ্তত
 
যোগ দিৱস উদযাপনৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ সাম্প্ৰতিক বানৰ কবলত পৰা লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। তেওঁ কয় যে বান পৰিস্থিতিৰ বাবে ৰাজ্যৰ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ কাষত চৰকাৰ সদায় থিয় হৈ আছে।
 
যুৱপ্ৰজন্মৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধনৰ ক্ষেত্ৰত যোগাসন গুৰুত্বপূৰ্ণ মাধ্যম হ’ব পাৰে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। ‘সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি যুঁজ দি আছে, সেই যুঁজত চামিল হৈ এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানৰ মাজত নিয়মিতভাৱে যোগৰ অনুশীলনৰ অভ্যাস গঢ়ি তুলিব লাগিব৷
অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত,  বিমল বড়া, বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱাৰ লগতে বহু গণ্য-মান্য ব্যক্তি।