ইছলাম কেৱল ধৰ্মপৰায়ণসকলৰ বাবেই নহয়, সান্ত্বনা আৰু ক্ষমা বিচৰাসকলৰ বাবেওঃ ছানিয়া মিৰ্জা

Story by  atv | Posted by  [email protected] • 14 d ago
মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জা
মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জা
 
হায়দৰাবাদ

ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাই পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱাইব মালিকৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি প্ৰেৰণা আৰু শক্তিৰ বাৰ্তা বিয়পাই আহিছে।
 
মালিকে পাকিস্তানৰ অভিনেত্ৰী চানা জাভেদৰ সৈতে বিবাহৰ কথা ঘোষণা কৰাৰ পিছতো ভাৰতৰ টেনিছ তাৰকাগৰাকীয়ে পৰিস্থিতি সুন্দৰভাৱে চম্ভালিছে আৰু নিজৰ কৰ্মৰাজি আগৰ দৰেই কৰি গৈছে। তেওঁ ভাৰত আৰু পাকিস্তানৰ অনুৰাগীৰ পৰা সকলো ক্ষেত্ৰতে সমৰ্থন লাভ কৰি আছে। তেওঁৰ শেহতীয়া কৰ্মৰাজিৰ পৰা  এই কথা স্পষ্টকৈ দেখা যায় যে ছানিয়াই বৈবাহিক জীৱনৰ এই বেয়া অধ্যায়টোৰ পৰা নিজকে মুক্ত কৰিছে আৰু আনন্দৰে জীৱনটো আগবাঢ়াই নিছে।
 

 

শেহতীয়াকৈ ছানিয়াই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ইছলামৰ বিষয়ে এটা ইতিবাচক পোষ্ট শ্বেয়াৰ কৰে। এই পোষ্টটোত এই কথাও গুৰুত্ব আৰোপ কৰা হৈছে যে ধৰ্ম কেৱল বাহ্যিকভাৱে ধৰ্মপৰায়ণসকলৰ বাবেই নহয়, সান্ত্বনা আৰু ক্ষমা বিচৰা ব্যক্তিসকলৰ বাবেও।

পোষ্টটোত লিখা আছিল, “ইছলাম কেৱল ধৰ্মপৰায়ণসকলৰ বাবেই সংৰক্ষিত নহয়। যিসকলে প্ৰাৰ্থনা কৰে, ৰোজা আৰু দান কৰে, তেওঁলোকৰ বাবেও ইছলাম। যিসকলে বাহ্যিকভাৱে এজন মুছলমানক কেনেকুৱা হ’ব লাগে সেই কথা মানি চলে, যিসকলে মানি নচলে আৰু আনকি পাপীসকলৰ বাবেও ইছলাম ধৰ্ম সদায় আছে। ই নিজৰ হতাশাৰ পৰা ওলাই অহাৰ উপায় বিচৰা প্ৰতিজন মানৱ আত্মাৰ বাবে। ইছলাম ধৰ্মক আত্মধাৰ্মিকসকলৰ বাবে পৃথক নকৰিব। বাস্তৱত ই নিজকে আৰু বিশ্বাস বিচাৰি উলিয়াব বিচৰা যিকোনো ব্যক্তিৰ বাবে মুকলি ঘৰ।”
 
উল্লেখ্য যে, হায়দৰাবাদত পৰিয়ালৰ সৈতে ছানিয়া মিৰ্জাই ঈদ উদযাপন কৰে আৰু উদযাপনৰ কেইবাখনো ছবি তেওঁ অনলাইনত প্ৰকাশ কৰিছে। ২০১০ চনত বিবাহপাশত আবদ্ধ হোৱা ছানিয়া আৰু শ্বোৱাইব মালিকে ২০২৩ চনত আনুষ্ঠানিকভাৱে বিবাহৰ অন্ত পেলাইছিল।