ঈদ-উল ফিটৰ আৰু ইয়াৰ সৈতে জড়িত ভাৰতৰ বিভিন্ন প্ৰান্তৰ খাদ্য সম্ভাৰ

Story by  atv | Posted by  [email protected] • 18 d ago
ঈদ-উল ফিটৰত পৰিৱেশন কৰা সুস্বাদু খাদ্য সম্ভাৰ
ঈদ-উল ফিটৰত পৰিৱেশন কৰা সুস্বাদু খাদ্য সম্ভাৰ
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 

আজি পবিত্ৰ ঈদ-উল ফিটৰ। সম্পূৰ্ণ এমাহৰ উপবাসৰ অন্তত ইছলামধৰ্মালম্বী লোকসকলে উদযাপন কৰে পবিত্ৰ ঈদ-উল ফিটৰ। ঈদ-উল-ফিটৰ হৈছে আনন্দৰ উৎসৱ, ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। ঈদত পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে এসাঁজ তৃপ্তিৰে খোৱা হয়। এই উৎসৱ সম্পূৰ্ণ এমাহ ৰমজানৰ উপবাসৰ অন্তত উদযাপন কৰা হয়। উল্লেখযোগ্য যে ঈদ সুস্বাদু খাদ্যৰে উদযাপনৰ কৰা হয়। ঈদৰ দিনা সমগ্ৰ বিশ্বৰ ৰান্ধনীশালবোৰত ভিন্ন ধৰণৰ ব্যঞ্জন ৰন্ধা হয়। 
 
অসমীয়া মুছলমান লোকসকলেও উলহ মালহেৰে ঈদ উদযাপন কৰি আহিছে। ঈদ-উল-ফিটৰৰ ৰাতিপুৱা পাতল ময়দা পৰঠাবোৰো ভুনা বা কোৰ্মা নামৰ মাংসৰ ব্যঞ্জনৰ সৈতে পৰিবেশন কৰা হয়। অসমীয়া মুছলমানলোক সকলে ৰন্ধা এই কোৰ্মা দেশৰ আন প্ৰান্তত প্ৰস্তুত কৰা কোৰ্মাতকৈ পৃথক।  

কুৰ্মা পুলাও (অসম)
 

 
কুৰ্মা পুলাও ৰান্ধিবলৈ জহা চাউল ব্যৱহাৰ কৰা হয়। চাউলবোৰ কোৰ্মাত সিজোৱা হয়, যেতিয়ালৈ সকলো তৰল ইয়াৰ পৰা শোষিত হৈ নাযায়। পুলাও, মাংস অবিহনেও ৰন্ধা হয়। কিয়নো ইয়াক অন্যান্য মাংসৰ ব্যঞ্জনৰ সৈতেও পৰিৱেশন কৰা হয়। কাবাব আৰু কফটাছ, এগ চপচ, মিট ল'ৱছ আদিও ঈদৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।  

কলিজা তৰকাৰী (উত্তৰ ভাৰত)
 

 
এই সুস্বাদু কলিজা তৰকাৰী ৰাতিপুৱা বা দুপৰীয়াৰ আহাৰ হিচাপে খোৱা হয়। সাধাৰণতে ইয়াক নানৰ সৈতে পৰিবেশন কৰা হয়। ৰমজানত এইবিধ ব্যঞ্জন ইফতাৰত খোৱা হয়। 

হালীম (হায়দৰাবাদ)
 

 
ৰমজান মাহ হায়দৰাবাদৰ হালীমৰ চাহিদা খুবেই বৃদ্ধি পায়। মাংস, দাইল আৰু খেজুৰ একত্ৰিত কৰি ইয়াক ৰন্ধা হয়। হালীম ইফতাৰ, ছেহেৰী আৰু ৰাতিপুৱাৰ আহাৰত খোৱা হয়।   
 
গলৌতি কাবাব (লক্ষ্ণৌ) 
 

 
ঈদৰ এবিধ বিশেষ ব্যঞ্জন হৈছে লক্ষ্ণৌৰ গালৌটি কাবাব। লক্ষ্ণৌৰ গালৌটিসকলে বিশেষ ৰন্ধন প্ৰণালীৰে এইবিধ কাবাব প্ৰস্তুত কৰে। এই  কাবাব প্ৰস্তুত কৰিবলৈ ১০০বিধৰো অধিক মছলা অন্তৰ্ভুক্ত কৰা হৈ বুলি কোৱা হয়। সকলোৱে এইবিধ কাবাবৰ সোৱাদ লব পাৰে। 

কাকোৰী কাবাব (লক্ষ্ণৌ আৰু দিল্লী)
 

 
এই মোগলাই কাবাব লক্ষ্ণৌ আৰু দিল্লীৰ মুছলমানসকলৰ মাজত খুবেই জনপ্ৰিয়। পুদিনা আৰু মছলাৰ সৈতে ৰন্ধা ৰসাল ভেৰাৰ মাংসৰ কিমাৰে প্ৰস্তুত কৰা হয়।  

টাংৰি কাবাব (লক্ষ্ণৌ)
 

 
কুকুৰা মাংস জুইত পুৰি টাংৰি কাবাব প্ৰস্তুত কৰা হয় আৰু এই পোৰা মাংসৰ ওপৰত বুজন পৰিমাণৰ ঘিউ আৰু মাখন দিয়া হয়, যাতে আপোনাৰ পেট ভৰিলেও আৰু অধিক খাবলৈ মন যাব।    

কলকাতা বিৰিয়ানী (কলকাতা) 
 

 
কলকাতাৰ বিৰিয়ানীৰ সুগন্ধি অতি লোভনীয়। কলকাতা শৈলীৰ বিৰিয়ানিৰ মুখ্য আধাৰ হৈছে এক ভজা আলু, যাক চাউলৰ সৈতে লেহেমকৈ ৰন্ধা হয়। সকলো খাদ্যৰসিকে এবাৰ হ’লেও কলকাতা ভ্ৰমণ কৰক আৰু বিৰিয়ানীৰ সোৱাদ লওঁক।  

ভুনা গোষ্ট
 

 
ছাগলী মাংসৰ টুকুৰাবোৰ মছলাযুক্ত গ্ৰেভিৰে ভাজি প্ৰস্তুত কৰা হয়। ইয়াক সাধাৰণতে গৰম নানৰ সৈতে পৰিবেশন কৰা হয়। এই খোৱাৰ সময়ত ভাৰতৰ সকলো সাংস্কৃতিক বৈচিত্ৰ্য অনুভৱ হব।  

কোৰ্মা
 

 
কোৰ্মাক 'শ্বাহী' বুলি উল্লেখ কৰি ই কিমান প্ৰতিষ্ঠিত আৰু চহকী সেয়া জানিব পৰা যায়৷ সমগ্ৰ ভাৰততে শ্বাহী কোৰ্মা জনপ্ৰিয়  হ’লেও প্ৰতিটো ঠাইতে ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয় তাৰ এক স্বকীয়তা আছে। দক্ষিণ ভাৰতত তেজপাত আৰু শুকান নাৰিকল মিহলাই ইয়াৰ সোৱাদ দিয়া হয়, যি সোৱাত আন ক’তো পোৱা নাযায়।   

কফটা
 

 
সাধাৰণতে মছলাযুক্ত তৰকাৰীত ৰন্ধা কফটা ভাতৰ লগতে কিমা পাৰাঠাৰ সৈতে খাব পাৰি। বংগত স্থানীয় ৰুচি অনুসৰি কুকুৰাৰ মাংসৰ সলনি মাছ আৰু চিংৰি ব্যৱহাৰ কৰা হয়। কাশ্মীৰত কফটা প্ৰস্তুত কৰাৰ বাবে ছাগলী মাংস ব্যৱহাৰ কৰা হয়।    

হায়দৰাবাদী কণী বিৰিয়ানী
 

 
হায়দৰাবাদী বিৰিয়ানী সোৱাদ লবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে হায়দৰাবাদলৈ অহা দেখা যায়। যদিও পৰম্পৰাগত ডম বিৰিয়ানীৰ অফ বিট সংস্কৰণ, কণী বিৰিয়ানী ৰোজাদাৰসকলৰ আন এক প্ৰিয় খাদ্য হৈ পৰিছে। এই বিৰিয়ানীত হায়দৰাবাদৰ বিখ্যাত সকলো পৰম্পৰাগত সোৱাদ আৰু মছলা অন্তৰ্ভুক্ত কৰা হয়।  

কণীৰ হালৱা
 

 
কণীৰ হালৱা ঈদৰ সময়ত আটাইতকৈ জনপ্ৰিয় সুস্বাদু মিঠাইৰ ভিতৰত অন্যতম। কিন্তু এইবিধ মিঠাইবিধ শীতকালত অধিক উপভোগ কৰা  দেখা যায়।  

ছেৱাই
 

 
ঈদৰ দিনটো আৰম্ভ কৰা হয় সৰ্বোত্তম মিঠা সুস্বাদু ছেৱাইৰে। কিয়নো ঈদৰ সময়ত প্ৰতিটো ঘৰৰে মিঠাই হৈছে ছেৱাই। ছেৱাই ঘিউত ভাজি খোয়া আৰু ইলাইচি মিশ্ৰিত কৰি গাখীৰেৰে প্ৰস্তুত কৰা হয়।   

শ্বাহী টুকৰা (দিল্লী)
 

 
ঈদৰ সময়ত আন এবিধ জনপ্ৰিয় মিঠাই হৈছে শ্বাহী টুকৰা। এই মিঠাইবিধ ডিপ ফ্ৰাইড ব্ৰেডক কেশৰ আৰু খেজুৰৰ সৈতে গাখীৰত ডুবাই সোৱাদ বৃদ্ধি কৰা হয়।