মোৰ বাবে ঈদ হৈছে মায়ে প্ৰস্তুত কৰা ভুনাৰ সৈতে ভাপত দিয়া বৰা চাউল

Story by  atv | Posted by  Munni Begum • 20 d ago
 ভুনাৰ সৈতে ভাপত দিয়া বৰা চাউল
ভুনাৰ সৈতে ভাপত দিয়া বৰা চাউল
 
ডাঃ আছিফ ইকবাল
 
ঈদ-উল ফিতৰৰ কথা আহিলে মোৰ মনলৈ প্ৰথমে আহে 'মাংস ভুনা'ৰ সৈতে ভাপত দিয়া 'বৰা চাউল'ৰ কথা। নতুন কাপোৰ আৰু খেলনাৰ বাবে হাহাকাৰ কৰা আৰু ঈদি(পৰিয়ালৰ বয়োজ্যেষ্ঠ আৰু ওচৰ-চুবুৰীয়াৰ পৰা নগদ উপহাৰ) হিচাপে সংগ্ৰহ কৰা ধনেৰে নিজৰ বহু প্ৰত্যাশিত বস্তু কিনাৰ পৰিকল্পনা কৰা মোৰ সমনীয়া ল’ৰা-ছোৱালীবোৰৰ দৰে মই নাছিলো। ইয়াৰ পৰিৱৰ্তে ঈদৰ উপলক্ষে মোৰ মায়ে ৰান্ধা মোৰ প্ৰিয় সুস্বাদু খাদ্য ('মাংস ভুনা'ৰ সৈতে ভাপত দিয়া 'বৰা চাউল') বিধৰ বাবে উৎকণ্ঠাৰে মই বাট চাই থাকো।      
 
যদিও শৈশৱত মাংসৰ প্ৰতি মোৰ আকৰ্ষণ নাছিল, মা-দেউতা আৰু বাইদেউহঁতে কৰা জোৰ-জবৰদস্তিত কেতিয়াবাহে এটুকুৰা বা দুটুকুৰা খাইছিলো, তথাপিও ঈদৰ দিনা ভুনাৰ সৈতে ভাপত দিয়া বৰা চাউল মোৰ অতি প্ৰিয় আছিল আৰু মই এই বিধ খাদ্য খোৱাৰ লালসাতে প্ৰায়ে ঈদগাহলৈ যোৱাৰ আগত ব্ৰেকফাষ্ট নকৰাকৈয়ে গৈছিলো।
 
ডাঃ আছিফ ইকবালে তেওঁৰ পিতৃ আৰু মাতৃৰ সৈতে 
 
ঈদগাহত ঈদৰ নামাজৰ পিছত কমলাৰ সোৱাদযুক্ত আইচক্ৰীম আৰু অন্যান্য মিঠাই খোৱা মোৰ বন্ধুসকলৰ দৰে মই সময় নষ্ট কৰা নাছিলো, বৰং মই মোৰ দেউতাক যিমান পাৰি সিমান সোনকালে ঘৰলৈ উভতি  আহিবলৈ যোৰ কৰিছিলো। কাৰণ সেই মূহুৰ্তলৈকে  মায়ে ৰান্ধি থোৱা মোৰ প্ৰিয় খাদ্য খোৱাৰ অপেক্ষা মোৰ বাবে বহুত দীঘলীয়া হৈ পৰিছিল। এই ক্ষেত্ৰত আমাৰ মায়ে মোক কেতিয়াও  নিৰাশ কৰা নাছিল। ঘৰৰ আদৰ-সাদৰ কৰা সৰু ল'ৰা হোৱাৰ বাবে তেওঁ মোৰ বাবে নিৰৱচ্ছিন্নভাৱে এইবিধ সুস্বাদু খাদ্য ৰান্ধি থৈছিল। তেওঁ এতিয়াও এই ব্যঞ্জন প্ৰস্তুত কৰে, যিয়ে মোক মোৰ শৈশৱৰ স্মৃতি ঘূৰাই আনে।             
 
ভুনা মাংসৰ ব্যঞ্জন। মাংসখিনি কম জুইত বহু সময় ধৰি ৰন্ধা হয়, যেতিয়ালৈকে মাংসই এৰা পানীতে নিজে সিজি কোমল নহয়। মই এই ব্যঞ্জনবিধ ভালপোৱাৰ কাৰণ হৈছে ব্যঞ্জনবিধত আন মাংসৰ ব্যঞ্জনৰ তুলনাত মছলা আৰু তেল কম ব্যৱহাৰ কৰা হয়। সাধাৰণতে ভাৰতৰ আন আন ঠাইত চাপাটি (ভাৰতীয় ৰুটি) বা জীৰা ৰাইচৰ লগত খোৱা হয়।     
 
উল্লেখযোগ্য যে, বৰা চাউলৰ সৈতে ব্যঞ্জনবিধৰ সোৱাদ মোৰ বাবে কেৱল ঈদ উপলক্ষেহে ভাল লগা আছিল। সেইদিনা পঞ্চতাৰকা হোটেলৰ যিকোনো ব্যঞ্জনৰ তুলনাত ইয়াৰ সোৱাদ মোৰ বাবে অতি ভাল লগা হৈ পৰে, কিন্তু অন্য দিনত ইমান ভাল কেতিয়াও নালাগে।   
 
ডাঃ আছিফ ইকবাল
 
বৰ্তমান মই কেলৰি কমাবলগীয়া এটা বয়সত উপনীত হ'লো, সেয়েহে মই মোৰ কাঁহীত আৰু ইয়াৰ লব নিবিচাৰো। এগৰাকী চিকিৎসক হিচাপে মই মোৰ ৰোগীসকলক চৰ্বি আৰু অতিৰিক্ত প্ৰ'টিন কমাবলৈ যি পৰামৰ্শ দিওঁ আৰু সেই একে পৰামৰ্শ মই নিজেও অনুসৰণ কৰো।
 
অৱশ্যে ভুনাৰ সৈতে ভাপত দিয়া বৰা চাউলৰ সোৱাদৰ মধুৰ স্মৃতিয়ে আজিও মোক বিশেষকৈ ঈদ উপলক্ষে শৈশৱৰ দিনবোৰৰ প্ৰতি স্মৃতি ৰোমন্থিত কৰি তোলে।  
 
(লেখক এগৰাকী আগশাৰীৰ কৰ্কট ৰোগ বিশেষজ্ঞ আৰু অসম চৰকাৰে প্রতিষ্ঠা কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম গৌৰৱৰ বিজয়ী)