শৰৎৰ স্নিগ্ধ পৰশত দুৰ্গোৎসৱৰ উছাহ: সম্প্ৰীতিৰ এনাজৰীৰে একত্ৰিত অসমৰ জনজীৱন

Story by  Munni Begum | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মুন্নী বেগম / গুৱাহাটী 
 
শৰৎৰ আগমনৰ লগে লগে প্ৰকৃতিৰ বুকুত যেন নামি আহে এক অনাবিল প্ৰশান্তি। নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু, পথাৰৰ দাঁতিত শুভ্ৰ কঁহুৱাৰ হেন্দোলনি, শেৱালিৰ সুৱাসেৰে সুবাসিত পুৱাৰ কোমল বতাহ, এই সকলোবোৰে যেন কঢ়িয়াই আনে এক বিশেষ উৎসৱৰ বতৰা। সেয়া হৈছে শাৰদীয় দুৰ্গোৎসৱ।
 
প্ৰকৃতিৰ এই মনোমোহা পৰিৱেশৰ মাজতেই অসমৰ চহৰ-নগৰৰ পৰা গাঁও-ভূঞালৈ বিয়পি পৰে পূজাৰ আনন্দ আৰু উছাহ। ঢাকৰ শব্দ, শংখধ্বনি, ধূপ-ধূনাৰ সুবাস আৰু ৰং-বিৰঙৰ আলোকসজ্জাৰে মুখৰিত হৈ পৰে চৌদিশ। কিন্তু শাৰদীয় দুৰ্গোৎসৱ কেৱল দেৱী দুৰ্গাৰ আৰাধনাতেই সীমাবদ্ধ নহয়। ই হৈ পৰে মানুহৰ মাজত মৰম, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু একতাৰ এনাজৰী সুদৃঢ় কৰাৰ এক অনন্য উপলক্ষ। 
 
প্ৰতিনিধিত্বমূলক ছবি  
 
অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত শাৰদীয় দুৰ্গোৎসৱৰ এক বিশেষ স্থান আছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা দুৰ্গাপূজা হিন্দু ধৰ্মাৱলম্বীসকলৰ এক প্ৰধান উৎসৱ যদিও অসমৰ সামাজিক পৰিৱেশত ইয়াৰ আনন্দ কোনো এটা নিৰ্দিষ্ট ধৰ্ম বা সম্প্ৰদায়ৰ মাজত আবদ্ধ হৈ থকা নাই। বৰং এই উৎসৱে যুগ যুগ ধৰি বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্ম আৰু বৰ্ণৰ লোকক একতাৰ ডোলেৰে বান্ধি ৰাখিছে।
 
পূজাৰ দিনকেইটাত বিভিন্ন ধৰ্মাৱলম্বী লোকে একেলগে পূজামণ্ডপ পৰিদৰ্শন কৰা, সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰা আৰু উৎসৱৰ আনন্দ ভাগ-বতৰা কৰা দৃশ্যই অসমৰ সমন্বয়ৰ পৰম্পৰাক প্ৰতিফলিত কৰি আহিছে। বহু ঠাইত পূজাৰ আয়োজন, মণ্ডপ নিৰ্মাণ, আলোকসজ্জা আৰু অন্যান্য কাম-কাজতো ভিন্ন সম্প্ৰদায়ৰ লোকে সহযোগিতা আগবঢ়ায়। ইয়াতেই প্ৰকাশ পায় অসমৰ সমাজ জীৱনৰ এক উল্লেখযোগ্য বৈশিষ্ট্য তথা বৈচিত্ৰ্যৰ মাজত ঐক্য।
 
শাৰদীয় দুৰ্গোৎসৱ মানেই যেন বয়সৰ সীমা পাহৰি আনন্দত মতলীয়া হোৱাৰ এক বিশেষ ক্ষণ। বিশেষকৈ শিশুসকলৰ বাবে দুৰ্গাপূজা মানেই এক সুকীয়া আৱেগ, এক অন্তহীন আনন্দৰ সমাহাৰ। পূজাৰ কেইদিনমান আগৰে পৰাই নতুন কাপোৰ পিন্ধি পিতৃ-মাতৃৰ হাতত ধৰি পূজা চাবলৈ যোৱাৰ হেঁপাহে শিশুসকলৰ মনত সৃষ্টি কৰে এক অনন্য উচ্ছ্বাস। সন্ধিয়াৰ ৰং-বিৰঙৰ আলোকসজ্জাৰে সুশোভিত পূজামণ্ডপসমূহ পৰিদৰ্শন কৰাৰ লগতে মণ্ডপৰ কাষত সজাই থোৱা খেলনাৰ দোকানবোৰেও বিশেষভাৱে আকৰ্ষণ কৰে কণ কণ শিশুসকলক। ৰং-বিৰঙৰ পুতলা, খেলনা পিষ্টল, গাড়ী, বেলুন, বাঁহী আদি কিনিবলৈ পিতৃ-মাতৃৰ ওচৰত কৰা আবদাৰ আৰু সেই আবদাৰ পূৰণ হোৱাৰ পিছত শিশুৰ মুখত বিৰিঙি উঠা নিষ্পাপ হাঁহিয়েই যেন দুৰ্গোৎসৱৰ আনন্দক অধিক প্ৰাণৱন্ত কৰি তোলে।
 
প্ৰতিনিধিত্বমূলক ছবি  
 
আনহাতে, পূজাৰ ভিৰৰ মাজত পিতৃৰ কান্ধত উঠি আলোকসজ্জা উপভোগ কৰা কণমানিটোৰ বিস্ময়ভৰা দৃষ্টি, মাতৃৰ হাতত ধৰি এখনৰ পিছত আনখন পূজামণ্ডপ চোৱাৰ হেঁপাহ আৰু খেলনাৰ পোহাৰ দেখিলেই থমকি ৰোৱা শিশুমনৰ চঞ্চলতাই উৎসৱৰ পৰিৱেশত যোগ কৰে এক সুকীয়া মাদকতা।
 
কেৱল শিশুৱেই নহয়, যুৱপ্ৰজন্মৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকললৈ সকলোৱে নিজৰ নিজৰ ধৰণে এই উৎসৱৰ আনন্দ উপভোগ কৰে। কোনোবাই দেৱীৰ চৰণত প্ৰাৰ্থনা জনায়, কোনোবাই আপোনজনৰ সৈতে আনন্দৰ মুহূৰ্ত কটায়, আন কোনোবাই আকৌ অতীতৰ পূজাৰ স্মৃতি ৰোমন্থন কৰি বিচাৰি পায় শৈশৱৰ সেই হেৰোৱা দিনবোৰ।  এনেদৰেই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ থকা আনন্দ আৰু আৱেগৰ ধাৰাই শাৰদীয় দুৰ্গোৎসৱক কৰি তুলিছে এক সাৰ্বজনীন মিলনোৎসৱ।
 
কিন্তু সময়ৰ সোঁতত সলনি হৈছে সমাজ, সলনি হৈছে মানুহৰ জীৱনশৈলী। তাৰ সমান্তৰালভাৱে পৰিৱৰ্তন ঘটিছে শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ ধৰণো। এসময়ত দুৰ্গাপূজাৰ আয়োজনত অধিক গুৰুত্ব পাইছিল সৰলতা, আন্তৰিকতা আৰু সামূহিক অংশগ্ৰহণে। সীমিত বাজেট, সাধাৰণ সাজসজ্জা আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰে আয়োজন কৰা পূজাসমূহত আছিল এক আত্মীয়তাপূৰ্ণ পৰিৱেশ। পূজাৰ কেইদিনমান আগৰে পৰা চুবুৰীৰ লোকসকলে একেলগে প্ৰস্তুতি চলাইছিল। নতুন কাপোৰ কিনাৰ আনন্দ, পূজাৰ বিশেষ সংখ্যা পঢ়াৰ আগ্ৰহ, বন্ধু-বান্ধৱৰ সৈতে পূজা চোৱাৰ পৰিকল্পনা আৰু ঢাকৰ শব্দ শুনাৰ অপেক্ষাই সৃষ্টি কৰিছিল এক অনন্য মাদকতা।
 
প্ৰতিনিধিত্বমূলক ছবি  
 
আনহাতে, বৰ্তমানৰ দুৰ্গোৎসৱত আধুনিক প্ৰযুক্তি আৰু আড়ম্বৰপূৰ্ণ আয়োজনৰ প্ৰভাৱ স্পষ্ট। বিষয়ভিত্তিক মণ্ডপ, অত্যাধুনিক আলোকসজ্জা, বিশাল বাজেট আৰু অভিনৱ প্ৰতিমা নিৰ্মাণে পূজাক প্ৰদান কৰিছে এক নতুন ৰূপ। সামাজিক মাধ্যমৰ প্ৰভাৱত পূজামণ্ডপৰ সৌন্দৰ্য এতিয়া মুহূৰ্ততে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰে।
 
অৱশ্যে পূৰ্বৰ পূজাত আন্তৰিকতা আছিল আৰু বৰ্তমান সেয়া একেবাৰে নাই বুলি কোৱাটো উচিত নহয়। আজিও বহু পূজামণ্ডপত সমূহীয়া সহযোগিতা আৰু আত্মীয়তাৰ পৰম্পৰা অক্ষুণ্ণ হৈয়ে আছে। তথাপি জাকজমকতা, প্ৰতিযোগিতা আৰু সামাজিক মাধ্যমকেন্দ্ৰিক ব্যস্ততাৰ মাজত পূৰ্বৰ সেই নিৰ্ভেজাল আনন্দ কিছু পৰিমাণে ম্লান হোৱা বুলি বহু বয়োজ্যেষ্ঠ লোকে অনুভৱ কৰে।
 
বৰ্তমান সময়ত শিশুসকলৰ বাবে দুৰ্গোৎসৱ বিশেষকৈ নতুন কাপোৰ, আলোকসজ্জা, আকৰ্ষণীয় পূজামণ্ডপ, সুস্বাদু খাদ্য আৰু আনন্দ-উল্লাসৰ সৈতে জড়িত এক উৎসৱ। বহু শিশুৱে দেৱী দুৰ্গাৰ পৌৰাণিক কাহিনী বা মহিষাসুৰ বধৰ তাৎপৰ্যতকৈ মণ্ডপৰ সাজসজ্জা, খেলনা আৰু উৎসৱৰ বাহ্যিক আকৰ্ষণৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি 
 
প্ৰযুক্তিনিৰ্ভৰ জীৱনশৈলীয়ে এই পৰিৱৰ্তনত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। মোবাইল ফোনত ফটো তোলা, ভিডিঅ' প্ৰস্তুত কৰা আৰু সামাজিক মাধ্যমত উৎসৱৰ মুহূৰ্ত প্ৰকাশ কৰাটো বহু কিশোৰ-কিশোৰীৰ পূজা উদযাপনৰ অন্যতম অংশ হৈ পৰিছে। কিন্তু ইয়াৰ মাজতেই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে যে, নতুন প্ৰজন্মই এই উৎসৱৰ অন্তৰ্নিহিত অৰ্থ কিমান বুজি পাইছে?
 
দেৱী দুৰ্গাৰ আৰাধনাৰ সৈতে জড়িত অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয়ৰ বাণী, ন্যায়-অন্যায়ৰ পাৰ্থক্য, নাৰীশক্তিৰ প্ৰতি সন্মান আৰু সমাজত ঐক্য বজাই ৰখাৰ শিক্ষা শিশুসকলৰ মাজত বিয়পাই দিয়াটো অত্যন্ত প্ৰয়োজনীয়। এই ক্ষেত্ৰত অভিভাৱক, শিক্ষক আৰু পূজা আয়োজক সমিতিসমূহে বিশেষ ভূমিকা পালন কৰিব পাৰে। পূজামণ্ডপত শিশুৰ বাবে সাংস্কৃতিক প্ৰতিযোগিতা, পৌৰাণিক কাহিনীভিত্তিক আলোচনা আৰু পৰম্পৰা সম্পৰ্কীয় শিক্ষামূলক কাৰ্যসূচীৰ আয়োজন কৰিলে উৎসৱৰ প্ৰকৃত তাৎপৰ্য নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাত সহায়ক হ'ব।
 
শাৰদীয় দুৰ্গোৎসৱ কেৱল কেইটামান দিনৰ আনন্দ-উল্লাস নহয়। ই অসমৰ বহুত্ববাদী সমাজৰ সম্প্ৰীতি, সাংস্কৃতিক ঐতিহ্য আৰু সামূহিক জীৱনৰ এক উজ্জ্বল প্ৰতিচ্ছবি। সময়ৰ লগে লগে পূজাৰ আয়োজন আৰু উদযাপনৰ ধৰণ সলনি হোৱাটো স্বাভাৱিক। কিন্তু এই পৰিৱৰ্তনৰ মাজতো উৎসৱৰ মূল মূল্যবোধ যাতে হেৰাই নাযায়, সেয়া নিশ্চিত কৰাটো সকলোৰে দায়িত্ব।
 
প্ৰতিনিধিত্বমূলক ছবি 
 
শাৰদীয় আকাশৰ তলত ঢাকৰ ছন্দ আৰু শংখধ্বনিৰ সৈতে প্ৰতিধ্বনিত হওক ভাতৃত্ববোধৰ বাণী। জাতি, ধৰ্ম, বৰ্ণ আৰু বয়সৰ ভেদাভেদ নেওচি প্ৰতিজন মানুহৰ হৃদয়ত জাগি উঠক আনন্দ আৰু সম্প্ৰীতিৰ অনুভৱ। কাৰণ দুৰ্গোৎসৱৰ প্ৰকৃত সৌন্দৰ্য কেৱল আলোকসজ্জাৰ জাকজমকতাত নহয়, বৰং মানুহৰ সৈতে মানুহৰ মিলন, মৰম আৰু একতাৰ মাজতেই নিহিত হৈ আছে।