নতুন দিল্লী
শাৰদীয় নৱৰাত্ৰিৰ পৱিত্ৰ ষষ্ঠ দিনটো উপলক্ষে শুকুৰবাৰে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে তেওঁ মা কাত্যায়নীৰ চৰণত প্ৰণাম জনাই সকলোৰে জীৱন শক্তি, সাহস আৰু ইতিবাচক চিন্তাৰে পৰিপূৰ্ণ হৈ উঠাৰ কামনা কৰে।
সামাজিক মাধ্যম এক্স'ত দিয়া এক বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "নৱৰাত্ৰিৰ পৱিত্ৰ ষষ্ঠ দিনটোত মা কাত্যায়নীৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ। দেৱীৰ কৃপাৰে সকলোৰে জীৱন অফুৰন্ত শক্তি, সাহস আৰু ইতিবাচক শক্তিৰে ভৰি পৰক, এয়াই মোৰ আন্তৰিক কামনা।"
উল্লেখযোগ্য যে, নৱৰাত্ৰিৰ ষষ্ঠ দিনটো মা কাত্যায়নীৰ পূজা-অৰ্চনাৰ বাবে উৎসৰ্গিত। মা দুৰ্গাৰ নটা ৰূপৰ অন্যতম মা কাত্যায়নীক শক্তি, সাহস আৰু দৃঢ় সংকল্পৰ প্ৰতীক হিচাপে পূজা কৰা হয়।
হিন্দু পৌৰাণিক বিশ্বাস অনুসৰি, ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ সন্মিলিত শক্তিৰ পৰা মা কাত্যায়নীৰ সৃষ্টি হৈছিল। মহিষাসুৰ নামৰ অসুৰক বধ কৰাৰ বাবে দেৱীক 'মহিষাসুৰমৰ্দিনী' নামেৰেও জনা যায়। মা দুৰ্গাৰ অন্যতম উগ্ৰ আৰু শক্তিশালী ৰূপ হিচাপে পৰিচিত মা কাত্যায়নীৰ চাৰিখন হাত আছে আৰু তেওঁৰ বাহন হৈছে সিংহ।
সংস্কৃত ভাষাত 'নৱৰাত্ৰি' শব্দৰ অৰ্থ হৈছে 'নটা ৰাতি'। এই পৱিত্ৰ উৎসৱ মা দুৰ্গা আৰু তেওঁৰ নটা ৰূপ অৰ্থাৎ নৱদুৰ্গাৰ আৰাধনাৰ বাবে উৎসৰ্গিত। সমগ্ৰ দেশতে গভীৰ ভক্তি, আস্থা আৰু ধৰ্মীয় পৰম্পৰাৰে নৱৰাত্ৰি উদযাপন কৰা হয়।
নদিনীয়া এই উৎসৱৰ প্ৰতিটো দিনতে ভক্তসকলে মা দুৰ্গাৰ একোটা বিশেষ ৰূপৰ পূজা-অৰ্চনা কৰি দেৱীৰ আশীৰ্বাদ কামনা কৰে।
নৱৰাত্ৰিৰ সময়ছোৱাত ভক্তসকলে পৰম্পৰা অনুসৰি উপবাস পালন কৰে, দেৱীৰ উদ্দেশ্যে মন্ত্ৰ আৰু শ্লোক পাঠ কৰে, নতুন বস্ত্ৰ পৰিধান কৰে আৰু দেৱীৰ চৰণত ভোগ নিবেদন কৰে। ইয়াৰ লগতে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি পৱিত্ৰ আৰু ভক্তিময় পৰিৱেশৰ সৃষ্টি কৰে।
হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি বছৰত চাৰিবাৰ নৱৰাত্ৰি পালন কৰা হয়। অৱশ্যে ইয়াৰ ভিতৰত চৈত্ৰ নৱৰাত্ৰি আৰু শাৰদীয় নৱৰাত্ৰি বিশেষভাৱে জনপ্ৰিয়। ঋতু পৰিৱৰ্তনৰ সময়ত পালন কৰা এই দুয়োটা উৎসৱৰ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব যথেষ্ট।
ভাৰতৰ বিভিন্ন প্ৰান্তত নৱৰাত্ৰি ভিন ভিন ৰীতি-নীতি আৰু পৰম্পৰাৰে উদযাপন কৰা হয়। বিশেষকৈ উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ আৰু মধ্যপ্ৰদেশত এই উৎসৱ উপলক্ষে ৰামায়ণৰ বিভিন্ন ঘটনা আৰু কাহিনীৰ আধাৰত 'ৰামলীলা'ৰ আয়োজন কৰা হয়।
নদিনীয়া নৱৰাত্ৰি উৎসৱৰ সামৰণি পৰে বিজয়াদশমীৰ দিনা। এই দিনটোত ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰি অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ জয়ৰ বাৰ্তা প্ৰচাৰ কৰা হয়। বিজয়াদশমীয়ে সত্য, ন্যায় আৰু ধৰ্মৰ বিজয়ৰ লগতে সমাজত শান্তি, সম্প্ৰীতি আৰু মংগলৰ প্ৰতীক হিচাপেও বিশেষ তাৎপৰ্য বহন কৰে।